আগৰতলা, ১৩ জুলাই : এদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা (Tribal Affairs Minister Arjun Munda) । ত্ৰিপুৰাত উপস্থিত হোৱাৰ পিছতে ৰাজ্যখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Biplab Kumar Dev), জনজাতীয় কল্যাণ মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়া আৰু সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে দীৰ্ঘ সময় ধৰি এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । বৈঠকৰ অন্তত এক সংবাদমেলৰো সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।
সংবাদমেলত তেওঁ উল্লেখ কৰা মতে ৰাজ্যখনৰ বিভিন্ন নিৰ্মীয়মান আঁচনিৰ কাম পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শন কৰি তেওঁ আনন্দিত কিয়নো অতি ক্ষীপ্ৰতাৰে কৰি থকা হৈছে ৰাজ্যখনৰ আঁচনিসমূহৰ কাম । মন্ত্ৰীগৰাকীৰ মতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰৰ কাম সময়মতে সম্পন্ন কৰিবলৈ অধিক প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে । বহু জনজাতীয় লোকৰ উন্নয়নৰ বাবে ৰূপায়িত আঁচনিবোৰ যাতে ৰাজ্যখনত সময়মতে আৰু সঠিকৰূপত ৰূপায়ণ হয় তাৰ বাবেও ৰাজ্য চৰকাৰে তৎপৰতাৰে কাম কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
ইফালে বৈঠকত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু বিভাগীয় মন্ত্ৰীয়ে তেওঁক কিছুমান সমস্যাৰ বিষয়ে অৱগত কৰিছে । তেওঁ আশাবাদী যে সেই সমস্যাবোৰ অতি শীঘ্ৰে নিষ্পত্তি কৰা হ'ব । আনহাতে সংবাদমেলত জনজাতীয় লোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰাত জনজাতীয় পৰিক্ৰমা বিভাগৰ অধীনত ১৫ খন একলব্য আদৰ্শ বিদ্যালয় (Eklavya model school) স্থাপন কৰা হৈছে । ৰাজ্য চৰকাৰে ইয়াৰ ভূমি অধিগ্ৰহণৰ পৰা আৰম্ভ কৰি অন্যান্য নথিপত্ৰৰ অচলাৱস্থালৈকে সকলো সমৰ্থন আগবঢ়াইছে । এই প্ৰকল্পবোৰ দূৰৱৰ্তী অঞ্চলত বাস কৰা জনজাতীয় যুৱতী আৰু যুৱকসকলৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব বুলি আশাবাদী মন্ত্ৰীগৰাকী । ৰাজ্য চৰকাৰৰ কামত মন্ত্ৰীগৰাকী যথেষ্ট সুখী কিয়নো তেওঁ পৰিদৰ্শন কৰা প্ৰায়বোৰ উন্নয়নমূলক আঁচনিৰ কাম অতি ক্ষীপ্ৰতাৰে কৰি থকা হৈছে ।
কেন্দ্ৰীয় চৰকাৰৰ অন্যতম 'বন্ধন আঁচনি' (Bandhan Scheme) সন্দৰ্ভত তেওঁ কয় যে ত্ৰিপুৰাত অতি শীঘ্ৰেই বন্ধন আঁচনি আৰম্ভ হ'ব । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই আঁচনিখনৰ অন্যতম হিতাধিকাৰী হিচাপে বাঁহ শিল্পৰে জড়িত বহু লোকৰ সৈতেও তেওঁ বাৰ্তালাপ কৰিছে । ইফালে 'প্ৰধানমন্ত্ৰীৰ আদি দৰ্শন গ্ৰাম যোজনা'ও (Pm Adi Darshan Gram Yojana) ৰাজ্যখনত আৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়া মতে ত্ৰিপুৰাৰ আঁচনিসমূহৰ ইতিবাচক কামবোৰৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতেও ব্যক্তিগতভাৱে আলোচনা কৰিব ।
লগতে পঢ়ক :বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO