ETV Bharat / bharat

Farmers railway police argument: লুধিয়ানা ষ্টেচনত ৰে'লপথ অৱৰোধ কৃষক সংগঠনৰ

author img

By

Published : Dec 11, 2022, 1:13 PM IST

কৃষক আন্দোলনৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কৃষি আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে পঞ্জাৱৰ কৃষক সংগঠনসমূহে দিল্লীলৈ যাত্ৰা কৰে (one year of farmers movement)। এই যাত্ৰাৰ সময়তেই একাংশ কৃষকে লুধিয়ানা ৰে'ল ষ্টেচনত আৰক্ষীৰে তৰ্ক-বিতৰ্কত লিপ্ত হয় । উক্ত ঘটনাটোৰ পিছতেই কিছুমান ভিডিঅ' সামাজিক মাধ্যমতো প্ৰকাশ পায় ।

Protest at Ludhiana railway station
লুধিয়ানা ষ্টেচনত ৰে'লপথ অৱৰোধ কৃষক সংগঠনৰ

নেশ্য়নেল ডেস্ক, ১১ডিচেম্বৰ: অমৃতসৰৰ পৰা দিল্লীলৈ যোৱা কৃষক সংগঠনবোৰে লুধিয়ানা ৰে'ল ষ্টেচনত আৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় (farmers argument Ludhiana railway police)। এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত কৃষকসকলে কিছু সময়ৰ বাবে লুধিয়ানা ৰে'ল ষ্টেচনত ৰে'লপথ অৱৰোধ কৰে । অৱশ্য়ে জ্যেষ্ঠ বিষয়া আৰু ৰে'ল ষ্টেচন কৰ্তৃপক্ষৰ হস্তক্ষেপত পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে (Ludhiana railway station)। এই বিষয়ে সদৰি কৰিছে ৰে'ল ষ্টেচন কৰ্তৃপক্ষই ।

উল্লেখ্য় যে কৃষক আন্দোলনৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কৃষি আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সমগ্ৰ পঞ্জাৱৰ কৃষক সংগঠনসমূহে বৃহৎ সংখ্যাত দিল্লীলৈ যাত্ৰা কৰে (Farmers organizations protest at Ludhiana station) । নিশা কৃষক সংগঠনবোৰৰ সদস্য়সকলে লুধিয়ানা ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পিছতেই ষ্টেচনত নিয়োজিত আৰক্ষী কৰ্মীসকলৰ সৈতে তৰ্কত লিপ্ত হয় । পৰিস্থিতিৰ অৱনতি হোৱাৰ পিছত কৃষকসকলে ৰে'লখনৰ সন্মুখলৈ আহি প্ৰতিবাদ আৰম্ভ কৰে ।

উক্ত ঘটনাৰ পিছত আৰ পিএছ চি বিষয়া আৰু ৰেল কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় যদিও তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অৱশ্য়ে কিছুসময় পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰ পিএছ চি বিষয়া আৰু ৰেল কৰ্মচাৰীসকলে ।

ইপিনে,এই ঘটনাটোৰ পিছতেই কিছুমান ভিডিঅ' সামাজিক মাধ্যমতো প্ৰকাশ পায় । এই সন্দৰ্ভত কৃষকসকলে কয় যে আৰপিএফ কৰ্মচাৰীসকলে ৰে'লত মানুহক ঠেলি দিয়ে আৰু শুই থকা লোকসকলক বিচলিত কৰে । যাৰ বাবে তেওঁলোকে কৃষকসকলকো বিচলিত কৰি তুলিছে ।

আনহাতে,এই সন্দৰ্ভত মুখ্য় আৰ পি এফ বিষয়াই কয়,"যেতিয়া মই লুধিয়ানাৰ আৰপিএফ মুৰব্বীৰ সৈতে ফোনযোগে কথা পাতিছিলো তেতিয়া তেওঁ কৈছিল যে নিশা পলমকৈ সামান্য় ঘটনা ঘটিছিল (RPF chief of Ludhiana)। কিন্তু কিছু সময়ৰ পিছত পৰিৱেশ শান্ত হৈ পৰিছিল ।" তেওঁ কয় যে কিছুমান কৃষক সংগঠনৰ নেতা আৰু ষ্টেচনত নিয়োজিত আৰক্ষী কৰ্মীসকলৰ মাজত কিবা এটা কথোপকথনক লৈ মতভেদ হোৱাত কৃষক সংগঠনবোৰে প্ৰতিবাদ সাব্য়স্ত কৰে যদিও তেওঁ কোনো ৰে'ল ৰখা বা পলম হোৱাৰ বিষয়ে অভিযোগ কৰা নাছিল বুলি কয় ।

লগতে পঢ়ক:Twitter Account Delete: টুইটাৰে ডিলিট কৰিব ১৫০ কোটি একাউণ্ট, আপুনিও থাকিব পাৰে তালিকাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.