ETV Bharat / bharat

ঝাৰখণ্ডৰ সংঘৰ্ষত পিএলএফআইৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান নিহত - নাগৰী থানাৰ

নাগৰী থানাৰ ওচৰত হোৱা সংঘৰ্ষত ভাৰতৰ অন্য়তম নিষিদ্ধ সংগঠন পিএলএফআইৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান নিহত হয় । ৰাঁচী গ্ৰাম্য়ৰ আৰক্ষী অধীক্ষকে জনোৱা মতে এৰিয়া কমাণ্ডৰজনে লগত ২ লাখ টকা লৈ আহিছিল ।

ঝাৰখণ্ড সংঘৰ্ষত পিএলঅএফৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান নিহত

author img

By

Published : Dec 23, 2020, 1:29 PM IST

Updated : Dec 23, 2020, 1:36 PM IST

নেশ্য়নেল ডেস্ক , ২৩ ডিচেম্বৰ : দেশৰ ভিন্ন প্ৰান্তত এতিয়া ও একাংশ বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ অব্য়াহত আছে । সংগঠন সমূহক বাধা দিবলৈ আৰক্ষী বা আন প্ৰতিৰক্ষা সংস্থাসমূহৰো চেষ্ঠা অব্য়াহত আছে । তাৰ মাজতে মংগলবাৰে ঝাৰখণ্ডৰ নাগৰী থানাৰ ওচৰত হোৱা এক সংঘৰ্ষত ভাৰতৰ অন্য়তম নিষিদ্ধ সংগঠন পিপলছ্ লিবাৰেচন ফ্ৰন্ট অ্ব ইণ্ডিয়া চমুকৈ পিএলএফআইৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান নিহত হয় ।

ৰাঁচী গ্ৰাম্য়ৰ আৰক্ষী অধীক্ষক নৌসাদ আলমে জনোৱা মতে নিষিদ্ধ সংগঠন পিপলছ্ লিবাৰেচন ফ্ৰন্ট অ্ব ইণ্ডিয়া চমুকৈ পিএলএফআইৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান মংগলবাৰে সন্ধিয়া নিহত হৈছে । আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে নিষিদ্ধ সংগঠনটোৰ এৰিয়া কমাণ্ডৰজনে লগত ২ লাখ টকা লৈ আহিছিল ।

প্ৰাপ্ত খবৰৰ ভিত্তিত ৰাঁচী আৰক্ষীয়ে ৰাঁচী-খুন্টী অঞ্চলত এক অভিযান চলাইছিল । অভিযানৰ সময়চোৱাতে পুনাই আৰু সংগঠনৰ আন সদস্য সকলে আৰক্ষীলৈ গুলীবৰ্ষণ কৰিছিল । আৰক্ষীয়ে তেওঁলোকলৈ গুলিয়াই আৰু আৰক্ষীৰ গুলিত পুনাই ওৰান নিহত হয় বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ভাৰতত নতুনকৈ COVID-19 ত আক্ৰান্ত ২৩ হাজাৰ ৯৫০ গৰাকী

Last Updated : Dec 23, 2020, 1:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.