ETV Bharat / bharat

INDIA Meeting in Mumbai : ২৫ আগষ্টৰ পৰা দুদিনীয়াকৈ মুম্বাইত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক

author img

By

Published : Jul 28, 2023, 3:45 PM IST

দেশৰ ২৬ টা বিৰোধী দল একত্ৰিত হৈ গঠন কৰা এই ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয়লানি বৈঠক এইবাৰ ২৫ আৰু ২৬ আগষ্টত মুম্বাইত অনুষ্ঠিত হ'ব ।

INDIA Meeting in Mumbai
INDIA Meeting in Mumbai

নিউজ ডেস্ক, ২৮ জুলাই : বিজেপি চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ ৰণনীতি নিৰ্ধাৰণৰ বাবে এইবাৰ মুম্বাইত একত্ৰিত হ'ব বিজেপিবিৰোধী মিত্ৰজোঁট ইণ্ডিয়া । দেশৰ ২৬ টা বিৰোধী দল একত্ৰিত হৈ গঠন কৰা এই ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয়লানি বৈঠক এইবাৰ ২৫ আৰু ২৬ আগষ্টত মুম্বাইত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বেংগালুৰুত অনুষ্ঠিত বৈঠকত বিৰোধী দলসমূহৰ মিত্ৰজোঁটক ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স চমুকৈ ইণ্ডিয়া (Indian National Developmental Inclusive Alliance, INDIA) নামেৰে নামকৰণ কৰা হয় । এইবাৰ এই মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব মহাৰাষ্ট্ৰত । জানিব পৰা মতে, এই বৈঠকখন উদ্ধৱ থাকৰে গোট, শৰদ পাৱাৰৰ এনচিপি আৰু কংগ্ৰেছ দলে আয়োজন কৰিব । এই মিত্ৰজোঁটৰ দুখন বৈঠক ইতিমধ্যে পাটনা আৰু বেংগালুৰুত অনুষ্ঠিত হৈছে আৰু কেন্দ্ৰত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

এই মিত্ৰজোঁটৰ বৈঠকত দেশৰ ২৬ টা বিজেপি বিৰোধী দলে অংশগ্ৰহণ কৰিছিল । ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা বালাচাহেব থোৰাট আৰু ৰাজ্যিক সভাপতি নানা পাটোলে শীঘ্ৰেই এনচিপিৰ সভাপতি শৰদ পাৱাৰক সাক্ষাৎ কৰিব । ইণ্ডিয়া বৈঠকৰ পটভূমিত এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ লগতে বৰ্তমান যিহেতু সদনৰ বৰ্ষাকালীন অধিবেশন চলি আছে, তেনে পৰিপ্ৰেক্ষিতত বিৰোধী দলৰ নেতা নিৰ্বাচন সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে । এইটোও আশা কৰা হৈছে যে মহাবিকাশ আঘাড়ীৰ পৰৱৰ্তী ৰণনীতি কি হ'ব লাগে তাৰ ওপৰতো আলোচনা হ'ব ।

থাকৰে গোটৰ দলীয় মুৰব্বী উদ্ধৱ থাকৰেয়ে বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়াৰ বৈঠকত এক আবেদন জনাইছিল । তাত কোৱা হৈছিল যে মিত্ৰজোঁটৰ বৈঠক কোনে আয়োজন কৰিব সেয়া হৈছে দলৰ মতামত । কিন্তু যদি তেওঁলোকক এই দায়িত্ব দিয়া হয় তেন্তে সুখী হ'ম বুলিও উল্লেখ কৰিছিল । আমি কোনো দ্বিধা নোহোৱাকৈ সকলোকে আনন্দেৰে আদৰণি জনাম বুলি উল্লেখ কৰিছিল । তেওঁ লগতে কয় যে আপোনালোকে হয়তো দেখিছে যে বিগত কেইদিনমানত মুম্বাইত সফলতাৰে বিশাল পদযাত্ৰা আয়োজন কৰা হৈছে । এনচিপি আৰু কংগ্ৰেছেও তাত সহযোগিতা কৰিছিল ।

আনহাতে, থাকৰে গোটৰ বিধায়ক শচীন আহিৰে মত প্ৰকাশ কৰিছে যে যদি তেওঁলোকক বৈঠক আয়োজনৰ সুযোগ দিয়া হয় তেন্তে ভাল হ'ব । লগতে তেওঁ কংগ্ৰেছ দলেও ইণ্ডিয়া বৈঠক আয়োজন কৰাটো বিচাৰে বুলি কয় । এই সন্দৰ্ভত এনচিপিৰ সভাপতি শৰদ পাৱাৰ আৰু দলৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে তেওঁলোকৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে । ইফালে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নানা পাটোলে জনাইছে যে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব । ইণ্ডিয়াৰ এই তৃতীয় বৈঠকখন দুদিনীয়াকৈ মুম্বাইত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Parliament Monsoon Session: মণিপুৰ ভ্ৰমণৰ বাবে সাজু বিৰোধী সাংসদৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.