ETV Bharat / bharat

Anantnag Martyrs Funeral: শুকুৰবাৰে পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব কৰ্ণেল মনপ্ৰীত সিং আৰু মেজৰ আশীষ ধৌঞ্চকৰ - অনন্তনাগ এনকাউণ্টাৰ

শুকুৰবাৰে পূৰ্ণ ৰাজ্যিক সন্মানেৰে শেষকৃত্য সম্পন্ন কৰা হ’ব অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হোৱা কৰ্ণেল মনপ্ৰীত সিং আৰু মেজৰ আশীষ ধৌঞ্চকৰ ৷ শ্বহীদ জোৱান দুজনৰ জন্মগাঁৱত কৰা হ’ব তেওঁলোকৰ শেষকৃত্য ৷ শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ অন্ত্যেষ্টিক্ৰিয়াত পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ।

Anantnag Martyrs Funeral
শুকুৰবাৰে পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব কৰ্ণেল মনপ্ৰীত সিং আৰু মেজৰ আশীষ ধৌঞ্চকৰ
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:59 PM IST

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত শ্বহীদ হোৱা কৰ্ণেল মনপ্ৰীত সিং আৰু মেজৰ আশীষ ধৌঞ্চকক শুকুৰবাৰে পূৰ্ণ ৰাজ্যিক সন্মানেৰে শেষকৃত্য কৰা হ’ব । কৰ্ণেল মনপ্ৰীত সিঙৰ অন্তিম অনুষ্ঠান পঞ্জাৱৰ মোহলী জিলাৰ জন্ম গাঁও ভৰৌনজিয়ানত অনুষ্ঠিত হ’ব, আনহাতে মেজৰ আশীষৰ হাৰিয়ানাৰ পানীপাটৰ জন্ম গাঁও বিনঝাউলত শেষকৃত্য সম্পন্ন কৰা হ’ব ।

শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাৰ ওচৰত শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ মৃতদেহ তেওঁৰ ঘৰত উপস্থিত হ’ব । ইয়াৰ পূৰ্বে মনপ্ৰীত সিঙৰ মৃতদেহ চণ্ডী মন্দিৰত অৱস্থিত সেনাবাহিনীৰ পশ্চিম কমাণ্ডলৈ অনা হ’ব । ইয়াৰ পৰা তেওঁৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব । সেনা বিষয়াৰ সৈতে কথা পতাৰ অন্তত মনপ্ৰীত সিঙৰ ভাতৃ সন্দীপ সিঙে কয় যে শুকুৰবাৰে দিনৰ ​​প্ৰায় ১২ বজাত মনপ্ৰীত সিঙৰ মৃতদেহ ঘৰলৈ অনা হ’ব আৰু ৰাজ্যিক সন্মানেৰে তেওঁক দাহ কৰা হ’ব ।

অন্ত্যেষ্টিক্ৰিয়াত মুখ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব- পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ লগতে আন বহু ৰাজনৈতিক ব্যক্তিয়েও তেওঁক চূড়ান্ত বিদায় জনোৱাৰ সম্ভাৱনা আছে । কৰ্ণেল মনপ্ৰীতে পত্নী আৰু দুটা সন্তানক এৰি থৈ গৈছে ।

পানীপতত মেজৰ আশীষ ধৌঞ্চকৰ শেষ বিদায়- অনন্তনাগ এনকাউণ্টাৰত শ্বহীদ হোৱা হাৰিয়ানাৰ দ্বিতীয়জন জোৱান মেজৰ আশীষ ধৌঞ্চককো শুকুৰবাৰে ৰাজ্যিক সন্মানেৰে দাহ কৰা হ’ব । জন্ম গাঁও বিনঝাউলত তেওঁক শেষ বিদায় দিয়া হ’ব । জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত মেজৰ আশীষৰ শৱদেহ পানীপাটত তেওঁৰ নতুনকৈ নিৰ্মাণ কৰা ঘৰলৈ অনা হ’ব ।

প্ৰথম আৰু শেষবাৰৰ বাবে নতুন ঘৰত প্ৰৱেশ কৰিব আশীষে- পানীপাটত মেজৰ আশীষৰ নতুন ঘৰ প্ৰৱেশৰ বাবে সাজু হৈছে । অহা মাহত তেওঁ এই ঘৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ছুটীত অহাৰ কথা আছিল । আশীষৰ মাতৃৰ কথা মতে তেওঁৰ শৱদেহ নতুন ঘৰলৈ অনা হ’ব । মাকে কয়, "মোৰ ল’ৰা শেষবাৰৰ বাবে তাৰ সপোনৰ ঘৰখনত প্ৰৱেশ কৰিব লাগিব" । ইয়াৰ পাচত তেওঁৰ জন্ম গাঁও বিনঝাউলত ৰাজ্যিক সন্মানেৰে চূড়ান্ত বিদায় দিয়া হ’ব । শ্বহীদ মেজৰ আশীষক অন্তিম বিদায় জনাবলৈ তেওঁৰ জন্ম গাঁৱত যাত্ৰাত বহু নেতা আৰু বিষয়া উপস্থিত হোৱাৰ সম্ভাৱনা আছে । মেজৰ আশীষে পিতৃ-মাতৃ, পত্নী আৰু ডেৰবছৰীয়া কন্যাক এৰি থৈ যায় ।

লগতে পঢ়ক: Anantnag Encounter : পূৰণ নহ'ল নতুন গৃহত প্ৰৱেশৰ আশা; শ্বহীদ মেজৰ আশিস ধোনাকৰ পাৰ্থিৱ শৰীৰ ঘৰলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.