ETV Bharat / bharat

Militancy in NE: পূৰ্বোত্তৰৰ উগ্ৰপন্থী সংগঠনক মূলসুঁতিলৈ অহাৰ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ - Amit Shah meeting in Mizoram

উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহক হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ আহিবলৈ আহ্বান জনাইছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মিজোৰামত এখন জনসভাত এই আহ্বান জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Militant organizations in North East) ৷

Militancy in NE
Amit Shah urges militant organizations
author img

By

Published : Apr 1, 2023, 9:38 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিল: শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহক সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায় । মিজোৰামৰ আইজলত এখন ৰাজহুৱা সভাত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে উগ্ৰপন্থী দলসমূহক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হৈ উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ উন্নয়নত অৰিহণা যোগাবলৈও আহ্বান জনায় (Militant organizations in North East)।

"মই সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ মুষ্টিমেয় সংগঠনক মূলসুঁতিত যোগদান কৰিবলৈ আহ্বান জনাব বিচাৰো । তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হৈ উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ উন্নয়নত অৰিহণা যোগাব । সমগ্ৰ বিশ্বতে গণতন্ত্ৰৰ বিজয়ৰ মিজোৰাম এক ডাঙৰ নিদৰ্শন ৷’’ শ্বাহে কয় (Amit Shah in Mizoram)।

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এসময়ত মিজোৰামত সংঘৰ্ষ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও এতিয়া জোৰামথাংগা মুখ্যমন্ত্ৰী হোৱাত সেই অৱস্থাৰ শাম কাটিছে ৷ যিটো ভাৰতীয় গণতন্ত্ৰৰ সফলতাৰ এক বৃহৎ নিদৰ্শন । "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল শান্তি, স্থিতিশীলতা আৰু উন্নয়নৰ পথত আগবাঢ়িছে । এসময়ত উত্তৰ-পূৰ্বাঞ্চলত ৰে'ল, স্থল পথ আৰু বিমান আন্তঃগাঁথনিত উগ্ৰপন্থী সংগঠনৰ আক্ৰমণ চলিছিল । আগতে ইয়াত উন্নয়নৰ কোনো লেখ-জোখ নাছিল ।’’ তেওঁ লগতে কয় (Amit Shah on militancy of NE)।

লগতে পঢ়ক: DNLA unilateral ceasefire: পুনৰ 6 মাহলৈ বৃদ্ধি ডিএনএলএৰ একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ

উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি শ্বাহে কয়, ‘‘বিগত 9 বছৰত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ সহযোগিতাত আমি সক্ষম হৈছো ৷ উত্তৰ-পূৰ্বাঞ্চলত শান্তি স্থাপনে আন ৰাজ্যৰ সমতুল্য উন্নয়নৰ সফলতাৰে সূচনা কৰিলে ।’’(Developments of NE states)

তেওঁ লগতে কয় যে, ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক বিবাদমুক্ত কৰি উগ্ৰবাদৰ পৰা মুক্ত কৰি অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে । গৃহমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে, 2014 চনৰ তুলনাত 2021 চনত হিংসাৰ ঘটনা 67 শতাংশ হ্ৰাস পাইছে ৷ নিৰাপত্তাৰক্ষীৰ মৃত্যুৰ সংখ্যাও 60 শতাংশ হ্ৰাস পাইছে (Amit Shah meeting in Mizoram) ।

শ্বাহে লগতে কয়, "সাধাৰণ নাগৰিকৰ মৃত্যুও 83 শতাংশ হ্ৰাস পাইছে । 2014 চনৰ পৰা আজিলৈকে উগ্ৰপন্থী সংগঠনৰ প্ৰায় 8000 যুৱকে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে ।" মিজোৰামত কেন্দ্ৰৰ উন্নয়নমূলক প্ৰকল্পৰ কথা ক’বলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, শনিবাৰে মজিৰামত 2500 কোটি টকাৰ 11 টা প্ৰকল্প আৰম্ভ কৰা হৈছে ৷ যিটো মিজোৰাম চৰকাৰ আৰু ৰাজ্যখনৰ উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ নিষ্ঠাৰ স্পষ্ট নিদৰ্শন ।

লগতে পঢ়ক: Assam Border dispute: চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি

"মিজোৰামৰ সৰ্বাংগীন উন্নয়নৰ বাবে চাৰিটা নতুন পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে । 1200 কোটি টকাৰ গড়কাপ্তানী প্ৰকল্পই মিজোৰামৰ সৈতে আভ্যন্তৰীণ বাণিজ্য আৰু ম্যানমাৰৰ সৈতে বাণিজ্যত বহুখিনি উত্থান ঘটাব । মিজোৰামে ৰাজ্যৰ মৰ্যদা লাভ কৰাৰ 36 বছৰ হ'ল । 36 বছৰত মিজোৰামে দেশৰ সৰু সৰু ৰাজ্যসমূহৰ মাজত যথেষ্ট অগ্ৰগতি লাভ কৰিছে ।’’ গৃহমন্ত্ৰী শ্বাহে কয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.