ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : May 17, 2022, 3:07 PM IST

অহা ৩০ জুনৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা (Amarnath Yatra to begin on June 30)। তাৰ প্ৰাকক্ষণত গৃহ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক । অমৰনাথ যাত্ৰা সফল কৰাৰ লগতে অঞ্চলটোৰ শেহতীয়া আইন শৃংখলাজনিত পৰিস্থিতিক লৈ এই বৈঠক । বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ লগতে চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ অংশগ্ৰহণ ।

Amit Shah
নিৰাপত্তা পৰিস্থিতিক লৈ অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক

নেশ্যনেল ডেস্ক, ১৭ মে': শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ আইন শৃংখলা পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে (Law and order situation in Jammu and Kashmir)। অঞ্চলটোত বিগত কেইটামান দিনত কাশ্মীৰী পণ্ডিতক হত্যা কৰাকে ধৰি কেইবাটাও অপৰাধজনিত ঘটনা সংঘটিত হৈছে । ১২ মে'ত ৰাহুল ভাট নামৰ এগৰাকী চৰকাৰী কৰ্মচাৰীক বুদগাম জিলাৰ তেওঁৰ কাৰ্যালয়ৰ ভিতৰতে সন্ত্ৰাসবাদীয়ে হত্যা কৰে (Kashmiri pandit killed in Jammu Kashmir)।

কাশ্মীৰী পণ্ডিতগৰাকীৰ মৃত্যুৰ এদিন পিছতে পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে আৰক্ষী কনিষ্টবল ৰিয়াজ আহমেদ থোকাৰক গুলীয়াই হত্যা কৰে । বিগত সপ্তাহত, জম্মুৰ কাটৰাৰ সমীপত এখন বাছত জুইৰ সূত্ৰপাত হোৱাৰ ফলত চাৰিগৰাকী তীৰ্থযাত্ৰী নিহত হয় আৰু কমেও ২০ জন লোক আহত হয় । আৰক্ষীয়ে সন্দেহ কৰিছে যে বাছখনত জুই লগোৱাৰ বাবে হস্ত নিৰ্মিত বোমা ব্যৱহাৰ কৰা হৈছিল ।

ইফালে দুবছৰৰ অন্তত অহা ৩০ জুনৰ পৰা পুনৰ আৰম্ভ হ'ব অমৰনাথ যাত্ৰা (Amarnath Yatra to begin on June 30)। সেয়ে অমৰনাথ যাত্ৰাৰ পূৰ্বে অঞ্চলটোত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে চিন্তিত হৈ পৰিছে প্ৰশাসন । মঙলবাৰে সমগ্ৰ বিষয়ক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে (Amit Shah chairs security review meeting in JK)। কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ লগতে চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ।

ইফালে জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰা সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ, কেন্দ্ৰীয় চৰকাৰে কমেও ১২,০০০ অৰ্ধসামৰিক বাহিনীৰ লগতে হাজাৰ হাজাৰ জম্মু-কাশ্মীৰৰ আৰক্ষী মোতায়েন কৰিবলৈ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ক'ভিড মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ চনত অমৰনাথলৈ বাৰ্ষিক তীৰ্থযাত্ৰা সম্ভৱ নহ'ল । সেয়ে এইবাৰ প্ৰায় তিনি লাখ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । অমৰনাথ যাত্ৰা আগষ্টৰ ১১ তাৰিখে সমাপ্ত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Inconclusive Indo-Naga talks : এছ চি জামিৰক গৰিহণা এন এছ চি এন এই এমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.