ETV Bharat / bharat

নিৰ্বাচনৰ প্ৰাকক্ষণত পুডুচেৰীত অমিত শ্বাহৰ পদযাত্ৰা - Amit Shah offers prayers in Puducherry

পুডুচেৰী নিৰ্বাচনৰ বাবে উঠি-পৰি লাগিছে বিজেপি দল । ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে দলৰ নিৰ্বাচনী ইস্তাহাৰত ২.৫ লাখ নিবনুৱাক সংস্থাপন, সকলো মাছমৰীয়াৰ বাবে বাৰ্ষিক ৬ হাজাৰ টকা, উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীৰ বাবে বিনামূলীয়া স্কুটী প্ৰদান আদি বিভিন্ন প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে । ইফালে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত পুডুচেৰীত অমিত শ্বাহৰ পদযাত্ৰা

author img

By

Published : Apr 1, 2021, 6:42 PM IST

নেশ্যনেল ডেস্ক,১ এপ্ৰিল: পুডুচেৰীৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত ৰাজ্যখনৰ লস্পেট সমষ্টিত এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । পদযাত্ৰাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কাৰুভাদিকুপ্পামস্থিত বিখ্যাত সীতানন্দ মন্দিৰ দৰ্শন কৰে ।

এইবাৰ পুডুচেৰী নিৰ্বাচনৰ বাবে উঠি-পৰি লাগিছে বিজেপি দল । ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে দলৰ নিৰ্বাচনী ইস্তাহাৰত ২.৫ লাখ নিবনুৱাক সংস্থাপন, সকলো মাছমৰীয়াৰ বাবে বাৰ্ষিক ৬ হাজাৰ টকা, উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীৰ বাবে বিনামূলীয়া স্কুটী প্ৰদানৰ বিভিন্ন প্ৰতিশ্ৰুতি দিছে ।

কেৱল এয়াই নহয় পিএম-কিষাণ আঁচনিৰ অধীনত কৃষকসকলক ২০০০ টপ আপ, পুডুচেৰীৰ বাবে ৫ বছৰীয়া পানী সুৰক্ষা পৰিকল্পনা আৰম্ভ কৰা আৰু ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত পোহনীয়া জন্তু বিকাশ কেন্দ্ৰ আদি স্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে ।

উল্লেখ্য যে ৬ এপ্ৰিলত পুডুচেৰীৰ ৩০ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । কংগ্ৰেছ দলে ডিএমকেৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগতে সৰ্বভাৰতীয় এন আৰ কংগ্ৰেছ,বিজেপি আৰু এআইএডিএমকে দলে মহাজোঁট বন্ধনেৰে নিৰ্বাচনত যুঁজ দিব ।

লগতে পঢ়ক: উৰিষ্যাৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.