ETV Bharat / bharat

Uttarakhand election 2022: উত্তৰাখণ্ডত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ - উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন

অহা মাহত উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনত প্ৰচাৰ অভিযানত ব্যস্ত গৃহমন্ত্ৰী অমিত শ্বাহ (Election campaign of Amit Shah in Uttarakhand)। ঘৰে ঘৰে প্ৰচাৰ অভিযান চলোৱাৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে ।

Uttarakhand election 2022
উত্তৰাখণ্ডত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Jan 28, 2022, 2:22 PM IST

নেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী : ভাৰতৰ কেইবাখনো ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে । উত্তৰাখণ্ডত আহি থকা বিধানসভা নিৰ্বাচনক লৈও প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনত উপস্থিত হৈছে বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah in Uttarakhand) ।

দিনজোৰা কাৰ্যসূচীৰে উত্তৰাখণ্ডত উপস্থিত হোৱা অমিত শ্বাহে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ইতিমধ্যে উত্তৰাখণ্ডৰ প্ৰসিদ্ধ ৰুদ্ৰনাথ মন্দিৰ দৰ্শন কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে নেতাগৰাকীয়ে (Election campaign of Amit Shah in Uttarakhand)। প্ৰথমে নেতাগৰাকীয়ে ৰুদ্ৰপ্ৰয়াগৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰা ধৰণেই তেওঁ ৰুদ্ৰপ্ৰয়াগত ঘৰে ঘৰে গৈ বিভিন্ন জনৰ সৈতে মত-বিনিময় কৰে ।

ঘৰে ঘৰে প্ৰচাৰ অভিযান চলোৱাৰ পাছতে শ্বাহে প্ৰাক্তন সেনা জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰিব । ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে চতুৰ্থ কাৰ্যসূচী হিচাপে "মাতৃ শক্তি সম্বাদ"ত (মহিলাৰ সৈতে বাৰ্তালাপ) অংশগ্ৰহণ কৰিব । ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩ বজাত ৰাজ্যখনৰ অনুসূচীত জাতিৰ বিভিন্নজন লোকৰ সৈতে বাৰ্তালাপ কৰিব ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মথুৰা আৰু গৌতম বুদ্ধ নগৰত একেধৰণৰ দিনজোৰা কাৰ্যসূচীৰে ঘৰে ঘৰে প্ৰচাৰ অভিযান চলোৱাৰ লগতে ভোটাৰ সকলৰ সৈতে বাৰ্তালাপ কৰিছিল । উত্তৰাখণ্ডকে ধৰি কেইবাখনো ৰাজ্যত আহি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলক এতিয়া এনেদৰে ব্যস্ত হোৱা দেখা গৈছে ।

ইফালে অহা ১৪ ফেব্ৰুৱাৰীত ৭০ খন আসনত উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, মণিপুৰ আৰু গোৱাৰ নিৰ্বাচনৰ ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :UP polls 2022: উত্তৰ প্ৰদেশৰ কেইবাটাও স্থানত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.