ETV Bharat / bharat

কলকাতাৰ বন্ধ কোঠাত অমিত শ্বাহৰ বৈঠক - গৃহ মন্ত্ৰী অমিত শ্বাহ

সোমবাৰে নিশা বংগৰ কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক নিৰ্বাচনী বৈঠকত মিলিত হয় দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ উল্লেখ্য যে, কলকাতাৰ নিউ টাউনৰ পাঁচ তাৰকাযুক্ত হোটেলৰ বিশেষ বন্ধ কোঠাত এই বৈঠক অনুষ্ঠিত হয় ৷

কালকাতাৰ বন্ধ কোঠাত অমিত শ্বাহৰ বৈঠক !
কালকাতাৰ বন্ধ কোঠাত অমিত শ্বাহৰ বৈঠক !
author img

By

Published : Mar 16, 2021, 5:12 PM IST

নিউজ ডেস্ক,16 মাৰ্চ: অসমৰ লগতে পশ্চিমবংগৰ নিৰ্বাচনী বতাহে গৰম কৰি তুলিছে এতিয়া দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ সোমবাৰে নিশা বংগৰ কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক নিৰ্বাচনী বৈঠকত মিলিত হয় দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ উল্লেখ্য যে, কলকাতাৰ নিউ টাউনৰ পাঁচ তাৰকাযুক্ত হোটেলৰ বিশেষ বন্ধ কোঠাত এই বৈঠক অনুষ্ঠিত হয় ৷

সভাত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, কৈলাশ বিজাভাৰ্গীয়া, দিলীপ ঘোষ, মুকুল ৰয়, অৰবিন্দ মেনন আৰু অমিত মালব্য আদি ৷ বিজেপিৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পশ্চিমবংগত বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাচতে প্ৰতিবাদৰ লগতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এই বিষয়ত বৈঠকত আলোচনা হয় বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে ৷ উল্লেখ্য যে, অমিত শ্বাহে বৈঠকত দিলীপ ঘোষ আৰু মুকুল ৰয়ৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে বুলি বিজেপিৰ সূত্ৰটোৱে জনাইছে ৷

লগতে পঢ়ক: পৰ্যটকৰ বাবে বৃদ্ধি হ'ব পাৰে তাজমহলৰ টিকটৰ মূল্য !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.