ETV Bharat / bharat

এণ্টিলিয়া কাণ্ড: তিহাৰ কাৰাগাৰত উপস্থিত এচআইটিৰ দল - Mobile seized from Tihar jail

শেহতীয়াকৈ ভাৰতীয় মুজাহিদিনৰ অপাৰেটিভ তেহচিন আখতাৰৰ পৰা ম'বাইল আৰু চিম কাৰ্ড জব্দ কৰাৰ পিছতে বিষয়টোৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধানকাৰী দল উপস্থিত হৈছে তিহাৰ জেলত । আম্বানিৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বাহন সম্পৰ্কত বাৰ্তা প্ৰেৰণ কৰা ঘটনাৰ লগত আন কোনো জড়িত আছে নেকি সেই সন্দৰ্ভত আখটাৰক জেৰা চলাব দলটোৱে ।

এণ্টিলিয়াৰ সন্মুখত বোমা উদ্ধাৰ:টিহাৰ কাৰাগাৰত উপস্থিত এচআইটিৰ দল

author img

By

Published : Mar 13, 2021, 8:09 PM IST

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বিস্ফোৰক ভৰ্তি বাহনক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বিশেষ অনুসন্ধান দলে (এচআইটি) । শেহতীয়াকৈ ভাৰতীয় মুজাহিদিনৰ অপাৰেটিভ তেহচিন আখতাৰৰ পৰা ম’বাইল আৰু চিম কাৰ্ড জব্দ কৰাৰ পিছতে বিষয়টোৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধানকাৰী দল উপস্থিত হৈছে তিহাৰ জেলত । আম্বানিৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বাহন সম্পৰ্কত বাৰ্তা প্ৰেৰণ কৰা ঘটনাৰ লগত আন কোনো জড়িত আছে নেকি সেই সন্দৰ্ভত আখতাৰক জেৰা চলাব দলটোৱে ।

উল্লেখ্য যে, যোৱা ২৫ ফেব্ৰুৱাৰীত মুকেশ আম্বানিৰ বহুমহলীয়া বাসগৃহ 'এণ্টিলিয়া'ৰ বাহিৰত বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহন উদ্ধাৰ হৈছিল । পৰৱৰ্তী সময়ত এই ঘটনা 'জইছ-উল-হিন্দ' নামৰ এটা সংগঠনে সংঘটিত কৰা বুলি স্বীকাৰ কৰিছিল ।

বৃহস্পতিবাৰে সন্ধিয়া কাৰাগাৰৰ বিষয়াসকলে ৮ নং উপ-কাৰাগাৰৰ ভিতৰত অভিযান চলাই এটা ম'বাইল হেণ্ডছেট আৰু চিম কাৰ্ড উদ্ধাৰ কৰিছিল ৷ য'ত 'জইছ-উল-হিন্দ'ৰ নামত এটা টেলিগ্ৰাম একাউণ্ট পোৱা গৈছিল । আৰক্ষীৰ মতে টেলিগ্ৰাম চেনেলটো ২৬ ফেব্ৰুৱাৰীত ক্ৰিয়েট কৰা হৈছিল আৰু বাহনখন আম্বানিৰ বাসগৃহৰ বাহিৰত ৰখাৰ দায়িত্ব দাবী কৰা বাৰ্তাটো ২৭ ফেব্ৰুৱাৰীত নিশা টেলিগ্ৰাম মেচেজিং এপত পোষ্ট কৰা হৈছিল ।

বাৰ্তাটোৰ জৰিয়তে ক্ৰিপ্ত’কাৰেঞ্চিৰ দাবী কৰা হৈছিল আৰু ইয়াক জমা কৰাৰ বাবে এটা লিংক পঠিয়াইছিল । জইছ-উল-হিন্দ হৈছে সেই গোট, যিয়ে দিল্লীৰ ইজৰাইল দূতাৱাসৰ বাহিৰতো বিস্ফোৰণ সংঘটিত কৰিছিল ।

লগতে পঢ়ক: 25 বছৰৰ মূৰত IUML ৰ মহিলা প্ৰাৰ্থী প্ৰক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.