নিউজ ডেস্ক, ২১ নৱেম্বৰ : ঝাৰখণ্ডৰ ধানবাদ জিলাৰ কুমাৰধুবিত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী দুটা সন্তানৰ মাতৃয়ে এজন ব্যক্তিক ১,০০০ টকা ঘূৰাই নিদিয়াৰ বাবে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে (Rape In Dhanbad) । মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ পিছত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । আনহাতে, অভিযুক্তৰ পৰিয়ালৰ সদস্যসকলে উক্ত গোচৰটো মিছা বুলি কোৱাৰ লগতে তেওঁলোকক জালত পেলোৱাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলিছে । মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি ঘটনাটো শুকুৰবাৰে সংঘটিত হয় (Rape for debt) ।
মহিলাগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, চুবুৰীয়াৰ বিবাহিত যুৱকজনৰ নাম বিকি । তেওঁ সেই সময়ত ঘৰত অকলে আছিল । তেওঁৰ দুই সন্তান স্কুললৈ গৈছিল আৰু স্বামী কামৰ বাবে বাহিৰলৈ গৈছিল । ভুক্তভোগীয়ে আৰক্ষীক কয় যে, তেওঁৰ স্বামীয়ে চুবুৰীয়া বিকি ৰবিদাসৰ পৰা 7,000 টকাৰ ঋণ লৈছিল । তাৰে ভিতৰত 6,000 টকা ইতিমধ্যে ঘূৰাই দিছিল । কিন্তু এহাজাৰ টকা ঘূৰাই দিব পৰা নাছিল ।
যাৰ ফলত বিকিয়ে তেওঁক নিৰন্তৰ হাৰাশাস্তি কৰি আছিল (allegation of rape just for 1000 rs) । শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত বিকি তেওঁৰ ঘৰলৈ আহে । সেই সময়ত তেওঁ চোতালৰ পৰা গা ধুই তেওঁৰ কোঠালৈ গৈ আছিল । তেতিয়া বিকিয়ে তেওঁক পিছফালৰ পৰা সাৱটি ধৰে । তেওঁ চিঞৰ-বাখৰ কৰাৰ পূৰ্বেই বিকিয়ে তেওঁৰ মুখখন হাতেৰে হেঁচি ধৰে আৰু তেওঁক ভাবুকি দিয়ে । তাৰ পিছত মুখত কাপোৰ ভৰাই তেওঁক ধৰ্ষণ কৰে । এই সময়ছোৱাত বিকিয়ে তেওঁক আক্ৰমণ কৰিছিল আৰু তেওঁৰ কাপোৰ ছিঙি পেলাইছিল । তাৰ পিছত ঘটনা সংঘটিত কৰি বিকি পলাই যায় ।
স্বামী কামৰ পৰা উভতি অহাৰ পিছত তেওঁ যুৱকজনৰ ঘৰলৈ গৈ ঘটনাটো ব্যক্ত কৰে । লগতে অভিযোগ কৰে যে বিকিয়ে ক্ষমা বিচৰাৰ সলনি ভাবুকি দিবলৈহে আৰম্ভ কৰে । যুৱকজনে এইবুলি ভাবুকি দিয়ে যে যদি তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ কৰে তেন্তে তেওঁক পেট্ৰ'ল ঢালি জীৱন্তে জ্বলাই দিব । ইয়াৰ পিছত তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ কৰাত আৰক্ষীয়ে তেওঁক বুজাই-বঢ়াই ঘৰলৈ পঠিয়াই দিয়ে । আনহাতে, দেওবাৰে পুৱা তেওঁৰ স্বামী আৰু পৰিয়ালৰ লোক মহিলাগৰাকীৰ সৈতে পুনৰ আৰক্ষীচকীত উপস্থিত হয় ।
আনহাতে, আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ঘটনাটোত তীব্ৰ খং প্ৰকাশ কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীৰ লিখিত অভিযোগৰ ভিত্তিত এখন এজাহাৰ পঞ্জীয়ন কৰে ।
ইফালে অভিযুক্তৰ পিতৃ-মাতৃ আৰু পত্নীয়ে কয় যে, এই ধৰ্ষণৰ কথা সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । ইয়াৰ আগতেও মহিলাগৰাকীয়ে তেওঁৰ দেওৰেকৰ বিৰুদ্ধে একে ধৰণৰ অভিযোগ উত্থাপন কৰিছিল । মহিলাগৰাকীৰ মানসিক অৱস্থা ভাল নহয় । কাৰোবাৰ প্ৰৰোচনাত মহিলাগৰাকীয়ে বিকিৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰিছে ।
আনহাতে, ঘটনাটোৰ নিৰপেক্ষ তদন্ত বিচাৰিছে অভিযুক্তৰ পৰিয়ালে । ঘটনাটো সন্দৰ্ভত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লালন প্ৰসাদ সিঙে কয় যে, ভুক্তভোগীৰ স্বামীৰ লিখিত অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে । সমগ্ৰ বিষয়টো তদন্ত কৰা হৈছে । অভিযুক্ত যুৱকজনক সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব ।
লগতে পঢ়ক :Pramod Boro on Hagrama: হাগ্ৰামাৰ বিৰুদ্ধে সাজু আছে 18 হাজাৰ কোটি টকীয়া দুৰ্নীতিৰ ফাইল