ETV Bharat / bharat

Madani Jamiat controversy : মৌলানা মাদানিয়ে ক’লে ‘‘আল্লা আৰু ওম এক’’ - Madani slams RSS Chief

জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানিয়ে ৰামলীলা ময়দানৰ এক জমিয়ত সন্মিলনত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতক উপহাস কৰে (Madani slams RSS Chief)। তেওঁ দাবী কৰা মতে ‘‘আল্লা আৰু ওম এক’’ । মাদানিৰ এই মন্তব্যৰ পাচতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া ।

Madani Jamiat controversy
আল্লা আৰু ওম এক মাদানি
author img

By

Published : Feb 12, 2023, 5:40 PM IST

নেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী : পুনৰ বিতৰ্কত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানি । মাদানিৰ মতে ‘‘আল্লা আৰু ওম এক’’ । নতুন দিল্লীৰ ৰামলীলা ময়দানত এক জমিয়ত সন্মিলনত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে মাদানিয়ে (Jamiat convention at Ramlila Maidan)। ইফালে মাদানিৰ এই মন্তব্যৰ পাছতে অনুষ্ঠানত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় (Madani controversial speech)।

মাদানিৰ মন্তব্যৰ ওপৰত গুৰুতৰ অসন্তুষ্টি প্ৰকাশ কৰি জৈন গুৰু লোকেশ মুনিৰ লগতে আন আন ধৰ্মীয় নেতাসকলে মঞ্চৰ আসন ত্যাগ কৰে । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতকো সমালোচনা কৰে মাদানিয়ে । জমিয়ত উলেমা-ই-হিন্দৰ ৩৪ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা মৌলানা আৰ্শাদ মাদানিয়ে শেহতীয়াকৈ মোহন ভাগৱতে এই দেশৰ সকলো মুছলমান হিন্দু বুলি মন্তব্য কৰাৰ বাবে সমালোচনা কৰে । তেওঁৰ মতে দেশত মুছলমানসকলে প্ৰথমে জন্ম গ্ৰহণ কৰিছিল । সেয়েহে সকলো মুছলমান হিন্দু বুলি কোৱা মন্তব্যটো অতি ভুল । এনে মন্তব্যৰ পাচতে হিন্দু আৰু ইছলাম উভয় ধৰ্মীয় নেতাৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মাদানি ।

উল্লেখ্য যে, সন্মিলনৰ প্ৰথমটো দিনত জমিয়তৰ মুৰব্বীও তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল (Jamiat chief controversial statement)। তেওঁ কৈছিল যে ভাৰতবৰ্ষ প্ৰধানমন্ত্ৰী মোডী আৰু আৰ এছ এছৰ মুৰব্বী ভাগৱতৰ সমানে তেওঁৰো । ভাৰত ইছলামৰ জন্মস্থান বুলিও তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল । শুকুৰবাৰে জমিয়তৰ মুৰব্বীয়ে আৰ এছ এছ আৰু সহযোগীসকলক "ঘৃণা আৰু শত্ৰুতা" পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিল ।

তেওঁ দাবী কৰি কৈছিল যে ইছলাম বাহিৰৰ পৰা অহা এটা ধৰ্ম বুলি কোৱাটো সম্পূৰ্ণ ভুল আৰু ঐতিহাসিকভাৱে ভিত্তিহীন । তেওঁৰ মন্তব্যৰ পাচতে কেইবাগৰাকী মুছলমান ধৰ্মীয় নেতাই তীব্ৰ আপত্তি দেখুৱাইছিল ।

ইয়াৰ মাজতে মাদানিয়ে পুনৰ এই বিতৰ্কক অধিক চৰ্চিত কৰি তোলে । মাদানিয়ে কৈছে যে ইছলাম বাহিৰৰ পৰা আহিছিল বুলি পৰামৰ্শ দিয়াটো ভুল । তেওঁ দাবী কৰিছে যে ইছলামৰ প্ৰথম নবী আদম ইয়াৰ পৰা আহিছিল । মাদানিয়ে কয় যে, এয়া আমাৰ দেশ । এই দেশখন যিমান নৰেন্দ্ৰ মোডী আৰু মোহন ভাগৱতৰ, ই মাহমুদৰো (Madani slams RSS Chief)। মাহমুদ তেওঁলোকৰ পৰা এক ইঞ্চিও আগত নাই বা তেওঁলোকো মাহমুদতকৈ এক ইঞ্চি আগত নাই ।

লগতে পঢ়ক :Haj 2023 : মাৰ্চত অন্ত পৰিব ২০২৩ বৰ্ষৰ হজ যাত্ৰাৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.