ETV Bharat / bharat

AIR India passenger urinating case : অভিযুক্ত শংকৰ মিশ্ৰক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ - Flight Passenger urinates on a woman

বিমানত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ হ'ল শংকৰ মিশ্ৰ নামৰ এজন লোক (Man arrested for urinating on woman passenger)। ৩০ দিনলৈ এয়াৰ ইণ্ডিয়া বিমানত ভ্ৰমণ কৰিব নোৱাৰিব মিশ্ৰই । যোৱা ২৬ নৱেম্বৰত এয়াৰ ইণ্ডিয়া নিউয়ৰ্ক-দিল্লীৰ এখন বিমানৰ বিজনেচ শ্ৰেণীত এগৰাকী মহিলা সহযাত্ৰী আৰু এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল মিশ্ৰই ।

AIR India passenger urinating case
অভিযুক্ত শংকৰ মিশ্ৰক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ
author img

By

Published : Jan 7, 2023, 3:46 PM IST

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী : যোৱা ২৬ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত ৭০ বছৰীয়া এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল এজন সুৰামত্ত যাত্ৰীয়ে (Flight Passenger urinates on a woman)। এই ঘটনাই বিশ্বজুৰি চৰ্চা লাভ কৰিছিল । সেই সুৰামত্ত যাত্ৰীগৰাকী শংকৰ মিশ্ৰ বুলি জানিব পৰা গৈছে । শুকুৰবাৰে দিল্লী আৰক্ষীয়ে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰে শংকৰ মিশ্ৰক । গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তেওঁক দিল্লীলৈ লৈ আহে । শংকৰ মিশ্ৰক শনিবাৰে আদালতত হাজিৰ কৰোৱা হ'ব । সপ্তাহটো আৰম্ভণিতে অভিযুক্ত মিশ্ৰৰ বিৰুদ্ধে লুক-আউট জাননী জাৰি কৰা হৈছিল ।

মিশ্ৰই সুৰামত্ত অৱস্থাত এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্ক-দিল্লীৰ এখন বিমানৰ বিজনেচ শ্ৰেণীত এগৰাকী মহিলা সহযাত্ৰী আৰু এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল (Flight urination case)। তেতিয়াৰে পৰা মিশ্ৰই সংবাদ শিৰোনাম দখল কৰিছিল । প্ৰস্ৰাৱ কৰা মহিলা আৰু মিশ্ৰৰ হোৱাটছএপৰ মেছেজও ভাইৰেল হৈ পৰিছিল ।

ইফালে মিশ্ৰৰ উকীলে দাবী কৰা মতে তেওঁ মহিলাগৰাকীক ক্ষতিপূৰণ হিচাপে ১৫,০০০ টকা দিছিল আৰু তেওঁ সামগ্ৰীবোৰ পৰিষ্কাৰ কৰি দিছিল । অৱশ্যে, শুকুৰবাৰে আন এক হোৱাটছএপৰ মেছেজ ভাইৰেল হৈছে য'ত মহিলাগৰাকীৰ কন্যা আৰু মিশ্ৰৰ মাজত কথোপকথন হৈছে আৰু পৰিয়ালটোৱে মিশ্ৰক টকা ঘূৰাই দিছে (Flight urination controversy)।

অধিবক্তা ঈশান শৰ্মা আৰু অক্ষত বাজপাইৰ জৰিয়তে জাৰি কৰা এক বিবৃতিত মিশ্ৰই কয় যে তেওঁ মহিলাগৰাকীৰ কাপোৰ আৰু বেগ ২৮ নৱেম্বৰত পৰিষ্কাৰ কৰি সেইবোৰ ৩০ নৱেম্বৰত তেওঁক দিয়া হৈছিল । ইফালে, মিশ্ৰক তেওঁৰ এনে আচৰণৰ বাবে চাকৰিৰ পৰা বৰ্খাস্তও কৰা হৈছিল । উল্লেখ্য যে মিশ্ৰ কেলিফৰ্ণিয়াত মুখ্য কাৰ্যালয় থকা আমেৰিকান বহুজাতিক বিত্তীয় সেৱা প্ৰতিষ্ঠান ইণ্ডিয়া চেপ্টাৰ অফ ৱেলছ ফাৰ্গোৰ উপাধ্যক্ষ হিচাপে কৰ্মৰত আছিল ।

টাটাৰ মালিকানাধীন এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ ভূমিকাক লৈ আকৌ বহুতো যাত্ৰীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে । এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলে বিমানখন অৱতৰণ কৰাৰ পাছত নিৰাপত্তা সংস্থাসমূহৰ কাষ চাপিবলৈ বিচৰা নাছিল কিয়নো তেওঁলোকে কোৱা মতে মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব বিচৰা নাছিল । অৱশ্যে, মহিলা যাত্ৰীগৰাকীয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি কৰ্মচাৰীসকলে মিশ্ৰক মহিলাগৰাকীৰ সন্মুখত আহি তেওঁৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য কৰাইছিল ।

যোৱা সপ্তাহত মহিলাগৰাকীয়ে এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণলৈ চিঠি লিখাৰ পাছতহে বিষয়টো পোহৰলৈ আহে আৰু এয়াৰ ইণ্ডিয়াই মিশ্ৰৰ বিৰুদ্ধে ৩০ দিনলৈ বিমান ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰে (Air India banned Shankar Mishra)। ইফালে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে ঘটনাটোৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাৰ লগতে এয়াৰ ইণ্ডিয়াক তীব্ৰ সমালোচনা কৰে । দিল্লী আৰক্ষীয়ে বিমানখনৰ পাইলট আৰু সহ-পাইলটকে ধৰি এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে চমন জাৰি কৰিছিল । তেওঁলোকক শনিবাৰে এই সন্দৰ্ভত সোধা-পোছাও কৰা হয় ।

লগতে পঢ়ক :Flight urination case: বিমানত সুৰামত্ত যাত্ৰীয়ে কিয় মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.