ETV Bharat / bharat

Asad encounter : আছাদৰ এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া আছাদুদ্দিন ওৱেইছিৰ

author img

By

Published : Apr 14, 2023, 10:10 PM IST

গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আছাদৰ এনকাউণ্টাৰক লৈ উত্তৰ প্ৰদেশত প্ৰতিক্ৰিয়া অব্যাহত আছে (Asaduddin Owaisi reacts over Asad encounter)। আছাদুদ্দিন ওৱেইছিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এনকাউণ্টাৰৰ পক্ষত নাই বুলি তেওঁ উল্লেখ কৰে ।

Asad encounter
আছাদৰ এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া আছাদুদ্দিন ওৱেইছিৰ

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল : "ক্ষমতা সদায় আইনৰ মতে দেখুৱাব লাগে ।" এই মন্তব্য এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ । আতিক আহমেদৰ পুত্ৰ আছাদৰ এনকাউণ্টাৰৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাগৰাকীয়ে (AIMIM Chief comments over Asad encounter)। এনকাউণ্টাৰৰ পক্ষত নাই বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আছাদৰ এনকাউণ্টাৰত মৃত্যুৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া চলিছে । ৰাজনৈতিক নেতাসকলেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ওৱেইছিয়ে কয় যে, তেওঁ কেতিয়াও মাফিয়াৰ সৈতে নাছিল, কিন্তু সদায় এনকাউণ্টাৰৰ বিৰোধিতা কৰি আহিছে । ওৱেইচিয়ে লগতে চৰকাৰক সমালোচনা কৰি কয় যে, ক্ষমতা আইনমতে চলাব লাগে । তেওঁ এই এনকাউণ্টাৰৰ সৈতে একমত নহয় বুলিও উল্লেখ কৰে (Asaduddin Owaisi reacts over Asad encounter)।

উল্লেখ্য যে বৃহস্পতিবাৰে ঝান্সিত উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ'ৰ্চৰ দলৰ সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হয় (Atiq Ahmed son encounter)। বিষয়াসকলে জনোৱা মতে আছাদৰ সহযোগী গোলামো এনকাউণ্টাৰত নিহত হয় । দুয়ো উমেশ পাল হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত আছিল ।

২৪ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত উমেশ পালক হত্যা কৰা দুস্কৃতিৰ এটা দলক নেতৃত্ব দিয়াৰ অভিযোগত উত্তৰ প্ৰদেশত আছাদক আৰক্ষীয়ে বিচাৰি আছিল (Umesh Pal murder case)। আৰক্ষীয়ে জনোৱা মতে, আছাদক পিতৃ আতিক আৰু খুড়াক আশ্ৰাফৰ নিৰ্দেশত উমেশ পালক হত্যা কৰিছিল । আহমেদ পৰিয়ালৰ উমেশ পালৰ সৈতে শত্ৰুতা আছিল ।

এনকাউণ্টাৰটোৰ পাছতে বিভিন্ন ৰাজনৈতিক নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে দাবী কৰিছে যে এইটো এটা ভুৱা এনকাউণ্টাৰ । টুইটাৰত যাদৱে লিখিছে যে, মিছা এনকাউণ্টাৰ কৰি বিজেপি চৰকাৰে প্ৰকৃত বিষয়বোৰৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে । বিজেপিয়ে আদালতক একেবাৰে বিশ্বাস নকৰে বুলিও তেওঁ দাবী কৰিছিল । এনকাউণ্টাৰৰ উচিত তদন্তৰো দাবী কৰে যাদৱে ।

লগতে পঢ়ক :Encounter in UP: যোৱা ৬ বছৰত উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ১৮০ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.