নেশ্যনেল ডেস্ক,2 জানুৱাৰী : চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰ্বভাৰতীয় মজলিছ-ই-ইতেহাদ-উল-মুছলীমিন (এআইএমআইএম) প্ৰধান আছাদুদ্দিন ওৱেইছিক আমন্ত্ৰণ জনাইছে ড্ৰাৱিড়া মুনেত্ৰা কাঝাগাম চমুকৈ ডিএমকে-য়ে ৷ আগন্তুক 6 জানুৱাৰীত দলীয় সন্মিলনৰ বাবে আমন্ত্ৰণ জনাইছে ওৱেইছিক ৷
ডিএমকে সংখ্যালঘু শাখাৰ সচিব ড৹ মাষ্টনে শুকুৰবাৰে হায়দৰাবাদস্থিত বাসগৃহত ওৱেইছিক সাক্ষাৎ কৰে আৰু তেওঁক আয়োজন কৰা হ’বলগীয়া ডিএমকে সন্মিলনৰ বাবে আমন্ত্ৰণ জনায় ৷
বিগত বৰ্ষৰ নৱেম্বৰ মাহতে এআইএমআইএমে ঘোষণা কৰে যে, চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া তামিলনাডু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । এমকে ষ্টেলিনৰ নেতৃত্বত ডিএমকে হৈছে মুখ্য বিপক্ষ দল, যিয়ে তামিলনাডু বিধানসভা নিৰ্বাচনত শাসকীয় অল ইণ্ডিয়া আন্না ড্ৰাৱিড়া মুনেত্ৰা কাঝাগাম দলটোৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব ।
আনহাতে, শেহতীয়াকৈ অভিনেতা ৰজনীকান্তে ৰাজনৈতিক দল নোখোলাৰ কথা ব্যক্ত কৰাৰ বিপৰীতে অভিনেতা কমল হাছানে তেওঁৰ মাক্কাল নিধি মইয়াম দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী বুটা সিঙৰ পৰলোকপ্ৰাপ্তি