ETV Bharat / bharat

Agni Prime Ballistic Missile : অগ্নি প্ৰাইম বেলিষ্টিক মিছাইলৰ ওড়িশা উপকূলত সফল পৰীক্ষণ

author img

By

Published : Jun 8, 2023, 6:07 PM IST

ডিআৰডিঅ'ৱে ওড়িশাৰ উপকূলত বেলিষ্টিক মিছাইল অগ্নি প্ৰাইমৰ পৰীক্ষা সফলতাৰে সমাপ্ত কৰে । সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে এইটো হৈছে মিছাইলটোৰ প্ৰথম নৈশ পৰীক্ষণ (Agni Prime Ballistic Missile tested) ।

Agni Prime Ballistic Missile
Agni Prime Ballistic Missile

নিউজ ডেস্ক, ৮ জুন : ভাৰতে বৃহস্পতিবাৰে ওড়িশা উপকূলৰ এটা দ্বীপৰ পৰা নতুন প্ৰজন্মৰ বেলিষ্টিক মিছাইল অগ্নি প্ৰাইমৰ সফল পৰীক্ষা কৰে (DRDO tested Agni Prime Ballistic Missile) । ডিআৰডিঅ'ৰ বিষয়াসকলে এই তথ্য প্ৰদান কৰিছে । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (Defence Research and Development Organisation) ডঃ এপিজে আব্দুল কালাম উপকূলত 'অগ্নি প্ৰাইম'ৰ পৰীক্ষা সম্পন্ন কৰে আৰু এই সময়ছোৱাত মিছাইলটোৱে সকলো মাপকাঠি পূৰণ কৰে বুলিও তেওঁলোকে কয় (APJ Abdul Kalam coast) ।

বিষয়াসকলৰ মতে, উন্নয়ন পৰ্যায়ত 'অগ্নি প্ৰাইম'ৰ তিনিটা সফল পৰীক্ষণৰ পিছত সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে মিছাইলটোৰ এইটো আছিল প্ৰথম নৈশ পৰীক্ষণ । এই পৰীক্ষাই মিছাইলটোৰ শুদ্ধতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিছে (Agni Prime Ballistic Missile tested) ।

মিছাইলটোৰ সমগ্ৰ যাত্ৰাৰ তথ্য সংগ্ৰহ কৰিবলৈ বিভিন্ন স্থানত ক্ষেত্ৰীয় দূৰত্ব জোখা সঁজুলি যেনে ৰাডাৰ, টেলিমেট্ৰি আৰু ইলেক্ট্ৰ'-অপ্টিকেল ট্ৰেকিং প্ৰণালীকে ধৰি দুখন জাহাজ মোতায়েন কৰা হৈছিল । তেওঁলোকে কয় । বিষয়াসকলৰ মতে, ডিআৰডিঅ' আৰু ৰণনীতি বাহিনীৰ কমাণ্ডৰ শীৰ্ষ বিষয়াসকলে 'অগ্নি প্ৰাইম'ৰ এই সফল পৰীক্ষা-নিৰীক্ষা প্ৰত্যক্ষ কৰে (Agni Prime test success) । ইয়াৰ দ্বাৰা এই মিছাইলবোৰ সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ পথ প্ৰশস্ত কৰে । আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 'অগ্নি প্ৰাইম'ৰ সফল পৰীক্ষা-নিৰীক্ষাৰ বাবে ডিআৰডিঅ' আৰু সশস্ত্ৰ বাহিনীক অভিনন্দন জনায় (Defence Minister Rajnath Singh) ।

উল্লেখ্য যে এই পৰীক্ষাটো ৭ জুনৰ নিশা অনুষ্ঠিত হয় । ৰেঞ্জ ইনষ্ট্ৰুমেণ্টেচন যেনে ৰাডাৰ, টেলিমেট্ৰি আৰু ইলেক্ট্ৰ'-অপ্টিকেল ট্ৰেকিং ছিষ্টেমবোৰ বিভিন্ন স্থানত টাৰ্মিনেল পইণ্টত স্থাপন কৰা হৈছিল । ইয়াৰ ভিতৰত ফ্লাইট ডাটা কেপচাৰ কৰিবলৈ দুখন ডাউন-ৰেঞ্জ জাহাজো আছিল । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব আৰু ডিআৰডিঅ'ৰ অধ্যক্ষ ডঃ সমীৰ ভি কামাতে ডিআৰডিঅ' পৰীক্ষাগাৰৰ দল আৰু পৰীক্ষণৰ সৈতে জড়িতসকলৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে ।

লগতে পঢ়ক :Wrestler protest against WFI Chief : ক্ৰীড়া মন্ত্ৰীৰ নিৰ্দেশত ক্ষিপ্ৰতৰ আৰক্ষীৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.