ETV Bharat / bharat

প্ৰশান্ত ভূষণৰ বিৰুদ্ধে অপৰাধী অৱমাননা প্ৰক্ৰিয়া আৰম্ভ কৰাত অসন্মতি - ভাৰতৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববদে

ভাৰতৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববদেৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ উকীল প্ৰশান্ত ভূষণে কৰা টুইটৰ বিৰুদ্ধে অপৰাধী অৱমাননা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে বিচৰা অনুমতিত অসন্মতি এটৰ্নী জেনেৰেল কে কে বেণুগোপালৰ ৷

প্ৰশান্ত ভূষণৰ বিৰুদ্ধে অপৰাধী অৱমাননা প্ৰক্ৰিয়া আৰম্ভ কৰাত অসন্মতি

author img

By

Published : Nov 29, 2020, 2:31 PM IST

নিউজ ডেস্ক, 29 নৱেম্বৰ: উচ্চতম ন্যায়ালয়ৰ উকীল প্ৰশান্ত ভূষণৰ বিৰুদ্ধে অপৰাধী অৱমাননা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষেত্ৰত এটৰ্নী জেনেৰেল কে কে বেণুগোপালে অসন্মতি প্ৰকাশ কৰে ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববদেৰ মধ্য প্ৰদেশ ভ্ৰমণৰ বিৰুদ্ধে প্ৰশান্ত ভূষণে কৰা শেহতীয়া টুইটৰ বাবে অপৰাধী অৱমাননা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে বিচৰা সন্মতিত এটৰ্নী জেনেৰেল গৰাকীয়ে অসন্মতি প্ৰকাশ কৰে ৷ উকীল গৰাকীয়ে দুখ প্ৰকাশ কৰা বুলি জানিবলৈ দি বেণুগোপালে এই প্ৰক্ৰিয়াৰ বাবে অসন্মতি প্ৰদান কৰে ৷

অধিবক্তা সুনীল সিঙে ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকীৰ ব্যক্তিগত জীৱনক লৈ কৰা মন্তব্যৰ বাবে ভূষণৰ বিৰুদ্ধে অপৰাধী অৱমাননা প্ৰক্ৰিয়া চলোৱাৰ বাবে আহ্বান জনাইছিল ৷ অৱশ্যে উক্ত গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অসন্মতি প্ৰকাশ কৰিলেও এটৰ্নী জেনেৰেল গৰাকীয়ে প্ৰশান্ত ভূষণৰ টুইটক আইনিভাৱে অযুক্তিকৰ হিচাপে আখ্যা দিয়ে ৷

লগতে পঢ়ক:দক্ষিণ কোৰিয়াত বছৰটোৰ প্ৰথম বাৰ্ড ফ্লুৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.