ETV Bharat / bharat

পুনৰ বিতৰ্কত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱট - তীৰ্থ সিং ৰাৱাট

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱট আকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত । বাৰাণসী আৰু দেশৰ ভিন্ন প্ৰান্তত মহা কুম্ভমেলা আয়োজন কৰা হয় বুলি কৰা মন্তব্যৰ পিছতে সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন নেতাগৰাকী ।

পুনৰ বিতৰ্কত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰ্থ সিং ৰাৱাট

author img

By

Published : Apr 7, 2021, 2:31 PM IST

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: পুনৰ বিতৰ্কত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱট । 'ৰিপড জিনছ' বিতৰ্কৰ পিছতে পুনৰ আন এক বিতৰ্কৰ মাজত সোমাই পৰে মুখ্যমন্ত্ৰীগৰাকী । হৰিদ্বাৰৰ কুম্ভমেলাৰ সৈতে জড়িত এক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বাৰাণসীত কুম্ভ মেলাৰ আয়োজনৰ কৰা হয় বুলি কোৱাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীগৰাকী ।

ভাষণ প্ৰসংগত তেওঁ কয় যে হৰিদ্বাৰ, নাছিক, উজ্জয়িনী আৰু এলাহাবাদৰ চাৰিটা স্থানত মহা কুম্ভ মেলাৰ আয়োজন কৰা হয় । তেওঁ ভাষণত ইয়াকো কৈছিল যে কুম্ভমেলা প্ৰতি ১২ বছৰৰ পিছত আয়োজন কৰা হয় । "ইয়াক প্ৰতি বছৰে মেলা আয়োজন কৰা নহয় । দেশৰ বিভিন্ন প্ৰান্তত মেলাৰ আয়োজন কৰিব পাৰে । ইয়াক বাৰাণসীতো আয়োজন কৰা হয়।"

নেতাগৰাকীৰ এই মন্তব্য আকৌ এবাৰ সামাজিক মাধ্যমত বিৰোধী আৰু সমৰ্থকসকলৰ বাবে উপহাসৰ বিষয় হৈ পৰিছে । এগৰাকী মুখ্যমন্ত্ৰী হৈ কুম্ভমেলাকলৈ সামান্য পৰিমাণেও জ্ঞান নথকা বুলি বহুতে সমালোচনা কৰিছে নেতাগৰাকীক ।

অৱশ্যে, এইটোৱে প্ৰথম নহয়, ৰাৱাটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভগৱান ৰাম আৰু ভগৱান কৃষ্ণৰ সৈতে তুলনা কৰিও বিতৰ্কৰ মাজত সোমাই পৰিছিল ।

শেহতীয়া ৰিপড জিনছ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীগৰাকী । বহু সংগঠনকে ধৰি ৰাজনৈতিক মহলেও তীব্ৰ ভাষাৰে গৰিহণা দিছিল নেতাগৰাকীক ।

লগতে পঢ়ক:অকলে গাড়ী চলোৱাৰ সময়তো মাস্ক বাধ্যতামূলক:দিল্লী উচ্চ ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.