ETV Bharat / bharat

সোণৰ পিছতে আপুনি চিলভাৰ ইটিএফত কৰিব পাৰে বিনিয়োগ - গোল্ড ইটিএফে পোনপটীয়াকৈ সোণ ক্ৰয় নকৰাকৈ বিনিয়োগৰ সুবিধা প্ৰদান কৰে

সোণ আৰু ৰূপ আমাৰ সংস্কৃতিৰ এক অভিন্ন অংগ ৷ সোণ, ৰূপ ক্ৰয় কৰা নতুবা উপহাৰ হিচাপে দান দিয়াটো শুভ কাৰ্য হিচাপে গণ্য কৰা হয় ৷ শেহতীয়াভাৱে মানুহে মূল্যৱান ধাতুত পূৰ্বৰ দৰেই বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে ৷ সোণক মাত্ৰাধিক প্ৰাধান্য দিলেও কিন্তু আপুনি জনা উচিত যে, বৰ্তমান আপোনাৰ হাতত গোল্ড ইটিএফ থাকিলেও কিন্তু চিলভাৰ ইটিএফেও আপোনাৰ জীৱনক ধনাত্মকভাৱে প্ৰভাৱান্বিত কৰিব পাৰে ৷ সোণৰ মূল্যৰ তাৰতম্যই ৰূপৰ মূল্যত প্ৰভাৱ পেলাব নোৱাৰে আৰু ই সোণ বিনিয়োগৰ বিকল্প পন্থা হ’ব পাৰে ৷

silver
সোণৰ পিছত এতিয়া আপুনি চিলভাৰ ইটিএফত কৰিব পাৰে বিনিয়োগ
author img

By

Published : Jan 13, 2022, 2:08 PM IST

বিজনেচ ডেস্ক, 13 জানুৱাৰী : মূল্যৱান ধাতু সোণ আৰু ৰূপ ভাৰতীয় জীৱনৰ সৈতে এক অটুট ধাৰাৰে বান্ধ খাই আছে ৷ বিনিয়োগৰ দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে এই দুটা ধাতুৱে সকলোকে সহজে আকৰ্ষণ কৰে ৷ গোল্ড ইটিএফ প্ৰথমে বজাৰলৈ আহোতে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ৷ গোল্ড ইটিএফে পোনপটীয়াকৈ সোণ ক্ৰয় নকৰাকৈ বিনিয়োগৰ সুবিধা প্ৰদান কৰে ৷ সোণৰ পিছত সম্প্ৰতি বজাৰত ৰূপৰ পয়োভৰে দেখা দিছে ৷

চিলভাৰ ইটিএফ পুঁজি :

5 জি, বৈদ্যুতিক বাহন আৰু সেউজ শক্তিৰ উৎপাদনত নতুন টেকন’ল’জিয়ে ৰূপৰ ব্যৱহাৰ বৃদ্ধি কৰিছে ৷ ইয়াৰ মূল কাৰণ হৈছে ধাতু বিদ্যুতৰ সুপৰিবাহী ৷ এই দৃষ্টিকোণৰ পৰা ভৱিষ্যতে ৰূপৰ চাহিদা বঢ়াৰ অনুমান কৰিব পাৰি ৷ Securities and Exchange Board of India ই বিনিয়োগকাৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ উদ্দেশ্যৰে ক্ষুদ্ৰ বিনিয়োগকাৰীসকলক সুযোগ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৷

এই উদ্দেশ্য লৈ হাতত লৈ 2021 বৰ্ষৰ ছেপ্তেম্বৰত চিলভাৰ ইটিএফৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰাৰ লগতে নৱেম্বৰত ইয়াৰ লগত জড়িত সকলো তথ্যৰ খতিয়ান দাঙি ধৰে ৷ ইয়াৰ লগত সংগতি ৰাখি বহুতো পুঁজি কোম্পানীয়ে নতুন বছৰটোত চিলভাৰ ইটিএফ মুকলি কৰাৰ বাবে সাজু হৈছে ৷

প্ৰথম পুঁজিটো আইচিআইচিআই চিলভাৰ ইটিএফৰ নামত আইচিআইচিআই প্ৰুডেন্সিয়েল মিউচুৱেল ফাণ্ডৰ অধীনত উপলব্ধ কৰা হৈছিল ৷ আপুনি ইয়াত কমেও 100 টকা বিনিয়োগ কৰিব পাৰে ৷ ইয়াৰ বিনিময়ত আপুনি পাব 19 জানুৱাৰীলৈকে উপলব্ধ হোৱাকৈ এটা নতুন পুঁজি অফাৰ (এনএফঅ') ৷

ইয়াৰ উপৰিও চিলভাৰ ইটিএফে ৰূপ আৰু ৰূপজনিত আঁচনিত 95% লৈকে বিনিয়োগ কৰিব ৷ আপুনি 99.9% গুণাগুণ যুক্ত 30 কেজি ওজনৰ ৰূপৰ বাৰ ক্ৰয় কৰিব পাৰে, যাৰ মানদণ্ড London Bullion Market Association ৰ গুণাগুণৰ সৈতে মিলিব লাগিব ৷ স্বচ্ছলতাৰ বাবে SEBI য়ে এই কাৰ্য বাধ্যতামূলক কৰিছে ৷

যিহেতু প্ৰতি ছমাহৰ মূৰত পুঁজিৰ ট্ৰাষ্টিসকলৰ ওচৰত মিউচুৱেল ফাণ্ডৰ অ’ডিটৰে নিয়মীয়াকৈ ৰিপ’ৰ্ট দাখিল কৰিব লাগে, সেয়েহে পুঁজি কোম্পানীবোৰে চিলভাৰ ইটিএফৰ মূল্যৰ বাবে ৰক্ষকসকলৰ হাতত থকা ৰূপৰ ভাণ্ডাৰবোৰ নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে ৷

বৰ্তমানলৈকে ৰূপত বিনিয়োগ একমাত্ৰ Multi Commodity Exchange (MCX) ৰ বাবেহে সম্ভৱপৰ হৈছে ৷ অৱশ্যে, এই ভৱিষ্যত বিনিয়োগ পদ্ধতি সকলোৰে বাবে সম্ভৱ নহয় ৷ দক্ষশীল ব্যক্তিৰ বাবেহে এই বিনিয়োগ সম্ভৱ ৷ কিন্তু আপুনি পোনপটীয়াকৈ ৰূপ ক্ৰয় নকৰাকৈ চিলভাৰ ইটিএফে যোগে 100 টকালৈকে বিনিয়োগ কৰিব পাৰে ৷

ইলেক্ট্ৰনিকভাৱে ৰূপ কিনাৰ লগতে সঞ্চয়ো কৰিব পাৰি ৷ প্ৰয়োজন সাপেক্ষে আপুনি ৰূপখিনি বজাৰ চলি থকা সময়ত বিক্ৰীও কৰিব পাৰে ৷ সাধাৰণতে ৰূপৰ মূল্য এটা অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু চিলভাৰ ইটিএফত সম্পূৰ্ণ স্বচ্ছতা থাকে ৷

নিয়মীয়া মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিবলৈ Demat account ৰ কোনো প্ৰয়োজন নাই ৷ অৱশ্যে, ইটিএফত লেনদেনৰ বাবে Demat account আৰু ট্ৰেডিং একাউণ্টৰ প্ৰয়োজন হয় ৷ কিন্তু, শীঘ্ৰেই পুঁজি কোম্পানীবোৰে Silver Fund of Funds মুকলি কৰিব, যাতে Demat account নোহোৱাকৈয়ো আমি চিলভাৰ ইটিএফত বিনিয়োগ কৰিব পাৰো ৷

২০২০ চনত ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে 79,816 কোটি টকাৰ ৰূপ ব্যৱহাৰ কৰা হৈছিল । একেদৰে গহনাৰ বাবে 34,985 কোটি টকাৰ ৰূপ আৰু বিনিয়োগৰ বাবে 38,711 কোটি টকাৰ ৰূপ ক্ৰয় কৰা হৈছিল । অৱশ্যে, ৰূপৰ মূল্যৰ তাৰতম্য অধিক হোৱাৰ সম্ভাৱনা আছে ।

দীৰ্ঘম্যাদী সময়ত ৰূপৰ বিনিয়োগে কি লাভালাভ দিব, তাৰ সঠিক বিশ্লেষণ বৰ্তমানে কৰিব নোৱাৰি । যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে আপুনি বিশেষজ্ঞৰ কাষ চাপক ৷ সঠিক মূল্যত ক্ৰয় কৰা আৰু সঠিক সময়ত বিক্ৰী কৰাৰ কৌশল আপোনাক বিশেষজ্ঞই দেখুৱাই দিব । একে সময়তে, বিশেষজ্ঞই মুঠ বিনিয়োগৰ পাঁচ শতাংশতকৈ অধিক আৱণ্টন নকৰিবলৈ পৰামৰ্শ দিয়ে ৷

লগতে পঢ়ক : ইউএছ ফেডৰ বৃদ্ধিৰ পিছত বিটকইনত হ্ৰাস সুদৰ হাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.