নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: উৎকোচ লৈ ৰঙাঘৰলৈ ৰে’লৱে বিষয়া ৷ দেওবাৰে চিবিআইয়ে 50 লাখ টকাৰ উৎকোচ লোৱাৰ গোচৰত (Alleged bribery case of Rs 50 lakh)গুৱাহাটীত নিয়োজিত ৰেল বিভাগৰ এজন অতিৰিক্ত সংমণ্ডল মেনেজাৰক গ্ৰেপ্তাৰ কৰিছে (Additional Divisional Railway manager arrested)৷ 1997 চনৰ ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া জীতেন্দ্ৰ পাল সিঙক হৰি ওম (Officer Jitender Pal Singh) নামৰ এজন ব্যক্তিৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় ৷ জানিব পৰা মতে ৰে’লৱে বিষয়াজনে লোকজনৰ পৰা উৎকোচ বিচৰা আৰু উৎকোচ গ্ৰহণ কৰাৰ পিছতেই বিষয়াজনক গ্ৰেপ্তাৰ কৰে ৷
বাতৰিটো লিখা পৰ্যন্ত আৰু তথ্য লাভ কৰা হোৱা নাই ৷