ETV Bharat / bharat

Minerals Based Foods : কিহৰ বাবে দুৰ্বল হৈ পৰে মাংসপেশী, এইসমূহ খাদ্যই শক্তিশালী কৰিব আপোনাৰ মাংসপেশী

author img

By

Published : Apr 11, 2023, 2:19 PM IST

আমি মিনাৰেল অবিহনে আমাৰ জীৱনটো কল্পনা কৰিব নোৱাৰো, কিন্তু এই পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমি কি কি খাদ্য খাব লাগে জানো আহক...

Add These Muscle-Building Foods to Your Diet
কিহৰ বাবে দুৰ্বল হৈ পৰে মাংসপেশী, এইসমূহ খাদ্যই শক্তিশালী কৰিব আপোনাৰ মাংসপেশী

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আমাক বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন, তাৰ ভিতৰত এটা হ’ল মিনাৰেল । এই পুষ্টিকৰ উপাদানসমূহ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় যদিও বহুতে এইবোৰ গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰে । মিনাৰেলে আমাৰ পেশী আৰু হাড়ক শক্তি প্ৰদান কৰে ৷ ইয়াৰ অৰ্থ হ’ল যেতিয়া আমি প্ৰচুৰ পৰিমাণে মিনাৰেল গ্ৰহণ কৰি থাকিম তেতিয়াহে আমাৰ শৰীৰ শক্তিশালী হৈ থাকিব (Add These Muscle Building Foods to Your Diet)।

যদি আপুনি এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱত থাকে, তেন্তে আপুনি হৰম’নৰ ভাৰসাম্যহীনতাৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে । পুষ্টিবিদে এই সন্দৰ্ভত কয় যে, বিভিন্ন ধৰণৰ মিনাৰেলৰ বাবে আমি কি কি খাদ্য খোৱাটো উচিত (sources of minerals)।

শৰীৰক এই মিনাৰেলৰ প্ৰয়োজন

আমাৰ হাড় আৰু মগজু কেলচিয়ামৰ জৰিয়তে শক্তিশালী হয়, ইয়াৰ বাবে আপুনি নিয়মীয়া খাদ্যত গাখীৰৰ পৰা তৈয়াৰী খাদ্য, আখৰোট, সূৰ্য্যমুখী ফুলৰ গুটি, সেউজীয়া পাতৰ শাক-পাচলি, দালি, সৰিয়হ, মটৰ, মাহজাতীয় শস্য, কমলা, বাদাম আৰু আখৰোট অন্তৰ্ভুক্ত কৰিব লাগে(Minerals Based Foods) ।

২/ আইৰণ(Iron)

যদি শৰীৰত আইৰণৰ অভাৱ হয়, তেন্তে হিম’গ্লবিন আৰু তেজৰ অভাৱ হয় । ইয়াৰ বাবে পিষ্টা, আমলখি, শুকান ফল, পালেং, বিট, ডালিম, আপেল আৰু সেউজীয়া শাক-পাচলি খাব পাৰে(sources of minerals)।

৩/ পটাছিয়াম(Potassium)

পটাছিয়ামৰ জৰিয়তে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি । ইয়াৰ বাবে কাঠফুলা, ব্রিঞ্জল, কিচমিচ, খেজুৰ, কল, কমলা, তিয়ঁহ, মিঠা আলু, মটৰ আৰু কুমলীয়া আদি খাদ্য সামগ্ৰী খাব পাৰে ।

৪/ চেলেনিয়াম (Selenium)

শৰীৰত চেলেনিয়ামৰ অভাৱ হ’লে পেশী আৰু গাঁঠিত বিষৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ বাবে নিয়মীয়া খাদ্যত মুৰ্গী মাংস, মাছ, কণী, কল, ব্লুবেৰী আৰু চয়া গাখীৰ অন্তৰ্ভুক্ত কৰক ।

৫/ জিংক(Zinc)

জিংক আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অতি সহায়ক, ই সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে(foods rich in vitamins and minerals chart)। ইয়াৰ বাবে গ্ৰাম, মচুৰ দাইল, ৰঙালাও, তিল, আলমণ্ড, কণী, ঘেঁহু, চাউল, বাদাম, কাজু, বীন, গাখীৰ, পনীৰ, দৈ আৰু ৰঙা মাংস খাব পাৰে(vitamins and minerals in food)।

৬/ মেগনেছিয়াম(Magnesium)

মেগনেছিয়াম আমাৰ বাবে অতি উপযোগী, ই স্নায়ুতন্ত্ৰ আৰু ৰক্তচাপ উন্নত কৰে আৰু লগতে হাড় শক্তিশালী কৰে (minerals function)। কাজু বাদাম, আলমণ্ড, পালেং, ছালমন মাছ, কুকুৰাৰ মাংস, বাদাম, চয়া গাখীৰ আৰু ব্ৰাউন ৰাইচ খালে এই অভাৱ পূৰণ কৰিব পাৰি(Why do we need minerals) ।

লগতে পঢ়ক: National Safe Motherhood Day 2023: ভাৰতত কিয় প্ৰতি বছৰে মৃত্যু হয় ৪৫ হাজাৰতকৈও অধিক মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.