ETV Bharat / bharat

Minister Atul Bora on Rahul Gandhi : ৰাজনৈতিক অপৰিপক্বতাৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে; মন্ত্ৰী অতুল বৰা - Rahul Gandhi disqualified from Lok Sabha

ৰাহুল গান্ধী ৰাজনৈতিকভাৱে অপৰিপক্ব । ৰাজনৈতিক অপৰিপক্বতাৰে ফল ভুগিছে ৰাহুল গান্ধীয়ে । ৰাহুলে তেওঁৰ প্ৰধানমন্ত্ৰীক কেনেদৰে আচৰণ কৰিব লাগে সেইটো জনা উচিত । এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ (Minister Atul Bora reacted on Rahul Gandhi case) ।

Atul Bora
Atul Bora
author img

By

Published : Mar 26, 2023, 9:55 AM IST

নিউজ ডেস্ক, ২৬ মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ ফলত দেশৰ সবাতোকৈ পুৰণি দলটো আৰু ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) মাজত সৃষ্টি হোৱা বিবাদৰ বাবে এক ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই শনিবাৰে কয় যে, এই পদক্ষেপটো ৰাহুল গান্ধীৰ 'ৰাজনৈতিক অপৰিপক্বতা'ৰ ফল (Minister Atul Bora reacted on Rahul Gandhi case) ।

"এই পদক্ষেপ তেওঁৰ (ৰাহুল গান্ধীৰ) ৰাজনৈতিক অপৰিপক্বতাৰ ফলাফল (Rahul Gandhi Modi Surname issue) । ৰাহুল গান্ধীয়ে নিজৰ প্ৰধানমন্ত্ৰীৰ সৈতে কেনেদৰে আচৰণ কৰিব লাগে জানিব লাগে । মই দেখিছোঁ যে কংগ্ৰেছ দলৰ কৰ্মীসকলে সমগ্ৰ দেশতে প্ৰতিবাদ কৰি আছে ।" অতুল বৰাই কয় (Minister Atul Bora on Rahul Gandhi) । উল্লেখ্য যে ৰাহুল গান্ধীক বৃহস্পতিবাৰে ২০১৯ চনত তেওঁৰ 'মোডী উপাধি' মন্তব্যৰ বাবে মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড দিয়াৰ এদিন পিচতে লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হয় (Rahul Gandhi disqualified from Lok Sabha) ।

শুকুৰবাৰে পুৱা ৰাহুল গান্ধী লোকসভালৈ অহাৰ কেইঘণ্টামান পিচত এই জাননীখন জাৰি কৰা হয় । আনহাতে, ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Prime Minister Narendra Modi) আদানি বিষয়ত তেওঁ অনা অভিযোগৰ বাবে "ভয়" কৰা বুলি অভিযোগ কৰে । তেওঁ লগতে কয় যে, তেওঁ জনসাধাৰণৰ গণতান্ত্ৰিক কণ্ঠস্বৰ ৰক্ষা কৰি আছে আৰু অব্যাহত ৰাখিব । ইফালে তেওঁৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ তৰফৰ পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, তেওঁৰ অযোগ্যতাত কেন্দ্ৰীয় চৰকাৰ আৰু লোকসভাৰ কোনো ভূমিকা নাই । লগতে কয় যে, এই ঘটনাটো ৰাহুল গান্ধীৰ "ৰাজনৈতিক অপৰিপক্বতাৰ ঘটনা" ।

ঠাকুৰে কয় যে, ছুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি, দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পৰা অযোগ্যতা স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী হয় । সংবিধানে স্পষ্টভাৱে সংসদক অযোগ্যতাৰ তাৰিখ পিছুওৱাত নিষেধ কৰে আৰু লোকসভাৰ সদস্যতা সমাপ্তি আদেশৰ ওপৰত জনপ্ৰতিনিধিত্ব আইন আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ দ্বাৰা ই আবদ্ধ । আনহাতে, বিজেপি নেতা ৰবিশংকৰ প্ৰসাদেও ৰাহুল গান্ধীক সমালোচনা কৰি কয় যে, মোডীৰ উপাধি সন্দৰ্ভত তেওঁৰ মন্তব্য আপত্তিজনক আছিল । লগতে তেওঁ কয় যে, বিজেপিয়ে অ'বিচিসকলক তেওঁ কৰা অপমানৰ বিৰুদ্ধে এক আলোড়ন আৰম্ভ কৰিবলৈ গৈ আছে ।

উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকত নিৰ্বাচনী জনসভাৰ সময়ত কৰা মোডী উপাধিৰ মন্তব্যৰ বাবে ৰাহুল গান্ধীক গুজৰাটৰ আদালতে দোষী সাব্যস্ত কৰিছিল । ইফালে শনিবাৰে দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি গান্ধীয়ে কয় যে, তেওঁৰ বিৰুদ্ধে বিজেপিৰ অভিযোগ আৰু তেওঁৰ অযোগ্যতাৰ উদ্দেশ্য আছিল "প্ৰধানমন্ত্ৰীয়ে অনুভৱ কৰা আতংক"ৰ পৰা বিচলিত কৰা । ভাবুকি, অযোগ্যতা আৰু কাৰাগাৰৰ শাস্তিৰ বাবে ভয় নকৰে বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে, তেওঁ আদানি বিষয়ত প্ৰশ্ন সোধাৰ পৰা পিছুৱাই নাযায় ।

"প্ৰধানমন্ত্ৰীক সৰল প্ৰশ্নৰ পৰা ৰক্ষা কৰিবলৈ এই গোটেই নাটকখন ৰচনা কৰা হৈছে । কোনে ২০,০০০ কোটি টকা আদানিৰ শ্বেল কোম্পানীলৈ লৈ গৈছিল ? মই এই ভাবুকি, অযোগ্যতা বা কাৰাগাৰৰ শাস্তিৰ বাবে ভয় নকৰোঁ ।" তেওঁ কয় । "মই সত্যৰ বাহিৰে আন একোতে আগ্ৰহী নহয় । মই কেৱল সঁচা কথা কওঁ, এইটো মোৰ কাম আৰু মই অযোগ্য হ'লেও বা গ্ৰেপ্তাৰ হ'লেও এইটো কৰি থাকিম । এই দেশখনে মোক সকলো দিছে আৰু সেইকাৰণে মই এইটো কৰোঁ । মই আদানিৰ বিষয়টোৰ বিষয়ে প্ৰশ্ন সুধি থাকিম, তেওঁলোকে মোক অযোগ্যতা বা কাৰাগাৰত ৰাখি ভয় খুৱাব নোৱাৰে । মই পিছুৱাই নাযাওঁ ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক : AFSPA extended in NE: পৰিসীমা সংকোচনেৰে পূৰ্বোত্তৰৰ চাৰি ৰাজ্যত পুনৰ ছমাহলৈ ম্যাদ বৃদ্ধি AFSPAৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.