নিউজ ডেস্ক, 29 মাৰ্চ: বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে হিমালয়ত ঘটি থকা ঘটনাসমূহৰ ওপৰত অহৰহ গৱেষণা কৰি আছে । বিশেষকৈ হিমবাহ আৰু নদীৰ সন্দৰ্ভত বিজ্ঞানীসকলে বহুবাৰ সতৰ্ক কৰি দিছে । এইবাৰ ৰাষ্ট্ৰসংঘই গংগা, ব্ৰহ্মপুত্ৰ আৰু সিন্ধু নদীক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মতে, হিমালয়ৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী অনাগত 50 বছৰত সম্পূৰ্ণৰূপে নাইকিয়া হোৱাৰ পথত । বিশেষজ্ঞসকলৰ মতে এনে হ’লে প্ৰায় 240 কোটি লোক ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব পাৰে । আগন্তুক সময়ত পৰিস্থিতি কিমান বিপজ্জনক হ’বলৈ গৈ আছে সেই কথাও ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে (Wadia Institute of Himalayan Geology Dehradun) ।
87 বছৰত 1700 মিটাৰ পিচলৈ গৈছে গংগাৰ উৎপত্তিস্থল গংগোত্ৰী হিমবাহ : ভাৰতৰ অন্যতম প্ৰধান নদী গংগা । প্ৰায় 40 কোটি লোকক পোনপটীয়াকৈ জলসিঞ্চন আৰু খোৱাপানী যোগান ধৰে এই প্ৰাণদায়ক গংগা নদীয়ে । গংগা নদীৰ উৎপত্তি হৈছিল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গৌমুখ অৰ্থাৎ গংগোত্ৰী হিমবাহৰ পৰা । ভাৰতত থকা মুঠ 9575 টা হিমবাহৰ ভিতৰত কেৱল উত্তৰাখণ্ডত 968 টা হিমবাহ আছে । এইবোৰৰ পৰা বহুতো জলধাৰা ওলায় যদিও গোলকীয় উষ্ণতাৰ বাবে হিমালয়ৰ হিমবাহবোৰ দ্ৰুতগতিত গলি যোৱাটো চিন্তাৰ বিষয় । 1935 চনৰ পৰা 2022 চনৰ ভিতৰত অৰ্থাৎ এই 87 বছৰত গংগোত্ৰী হিমবাহ 1.7 কিলোমিটাৰ পিচুৱাই গৈছে (United Nations Secretary General Antonio Guterres)।
বিজ্ঞানীসকলে কি কয় : ডেৰাডুনৰ ৱাডিয়া ইনষ্টিটিউট অৱ হিমালয়ান জিঅ’লজিৰ বিজ্ঞানী ড৹ ৰাকেশে কয় যে, হিমালয়ৰ বতৰৰ অবিৰত পৰিৱৰ্তনৰ বাবেই এই সকলোবোৰ ঘটিছে । অৱশ্যে বতৰৰ পৰিৱৰ্তনে হিমালয়ৰ হিমবাহৰ ওপৰত প্ৰভাৱ পেলাইছে বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । যাৰ হিমবাহ গলিবলৈ ধৰিছে । হৰিদ্বাৰ আৰু ঋষিকেশত আগতে গংগা প্ৰান্তলৈকে বৈ গৈছিল যদিও এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে, ঋষিকেশৰ পৰা নামি অহাৰ লগে লগে গংগা সংকুচিত হৈ পৰে । বাৰিষাত গংগাৰ প্ৰবাহৰ ধৰণ বৰ্তমান একে ৰূপত নাই ৷ লাহে লাহে কেইবছৰমানৰ ভিতৰত গংগাৰ পানীৰ প্ৰবাহ বিপুলভাৱে হ্ৰাস পাইছে (Himalayan Glaciers Melting)।
লগতে পঢ়ক: Amritpal Singh updates: খালিস্তানী নেতা অমৃতপাল সিঙে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা
হিমালয়ৰ বৰ্ধিত উষ্ণতাই কেৱল গংগাই নহয়, ইয়াৰ সৈতে সংযুক্ত 200 ৰো অধিক সৰু-ডাঙৰ জলধাৰাও প্ৰভাৱিত কৰিছে । বিজ্ঞানী ৰাকেশে কয় যে, হিমালয় অঞ্চলত আৰু বিশেষকৈ গংগোত্ৰীৰ আশে-পাশে বৰষুণ হ’লে সেই বৰষুণৰ বাবে হিমালয়ৰ হিমবাহবোৰ অধিক দ্ৰুতগতিত গলি যায় । এটা পৰিসংখ্যা অনুসৰি 2017 চনৰ 17 জুলাইৰ পৰা 2017 চনৰ 200 জুলাইলৈকে ধাৰাষাৰ বৰষুণৰ ফলত কেৱল হিমবাহৰ এটা বৃহৎ অংশ গলি যোৱাই নহয়, কিছুমান হিমবাহ ভাঙি নদীতো প্ৰৱেশ কৰে (Danger of drying up Ganga) ।
গংগোত্ৰী উত্তৰাখণ্ডৰ এটা গুৰুত্বপূৰ্ণ হিমবাহ: যদি আমি গংগাৰ উৎপত্তিস্থল গংগোত্ৰী হিমবাহৰ কথা কওঁ, তেন্তে ই উত্তৰাখণ্ডৰ আটাইতকৈ ডাঙৰ হিমবাহ । এক প্ৰতিবেদন অনুসৰি গংগোত্ৰী হিমবাহৰ দৈৰ্ঘ্য প্ৰায় 30 কিলোমিটাৰ আৰু প্ৰস্থ 0.5 ৰ পৰা 2.5 কিলোমিটাৰ । ইয়াৰ আয়তন 143 বৰ্গ কিলোমিটাৰ । গংগা অৰ্থাৎ ভাগীৰথী নদীৰ উৎপত্তি গংগোত্ৰী হিমবাহৰ পৰা হৈছে ৷ এক জলধাৰা গংগোত্ৰী, হৰ্শিল, উত্তৰকাশী, তেহৰী হৈ দেৱপ্ৰয়াগত অলকানন্দা হিমবাহ মিলিত হৈছে সেই স্থানত । ইয়াত ভাগীৰথী আৰু অলকনন্দা একত্ৰিত হৈ গংগাৰ সৃষ্টি কৰে (Brahmaputra river Danger) ।
ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী: ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে দিয়া সতৰ্কবাণীত কোৱা হৈছে যে মানুহৰ কাৰ্যকলাপৰ বাবে হিমবাহ সংকুচিত হৈছে । এই বিষয়টো কেৱল ভাৰত, পাকিস্তান, চীনৰ দৰে দেশৰ বাবেই নহয়; আন দেশৰ বাবেও ভাল বুলি ক’ব নোৱাৰি । তেওঁ এন্টাৰ্কটিকাৰ বিষয়েও কৈছে যে, প্ৰতি বছৰে তাৰ পৰা 150 বিলিয়ন টন বৰফ কমি আহিছে । ইয়াৰ লগতে গ্ৰীণলেণ্ডৰ বৰফো গলিবলৈ ধৰিছে (Effect of global warming on glacier) ।
প্ৰায় 1.3 বিলিয়ন লোকক পানী যোগান ধৰা হিমালয়ৰ পৰা এছিয়াৰ 10 খন প্ৰধান নদী ওলাই আহিছে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মতে, বিগত কেইবছৰমানৰ পৰা পাকিস্তান সঘনাই বানপানীৰ সন্মুখীন হৈ আহিছে । এই বানপানীয়েও সাগৰৰ জলস্তৰ বৃদ্ধি কৰিছে । ইয়াৰ বাবেই সাগৰৰ নিমখীয়া পানীয়ে বিশাল বদ্বীপটোৰ এক বৃহৎ অংশ ধ্বংস কৰি আছে । সেইবাবেই সমগ্ৰ বিশ্বই এই বিষয়ে চিন্তা কৰিব লগা হৈছে । বিশেষকৈ ভাৰত, পাকিস্তান, চীনৰ দৰে দেশসমূহে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব ।