ETV Bharat / bharat

সহজভাৱে ন’লব অ’মিক্ৰণক : বিশেষজ্ঞ - can mild omicron cause long covid

কেইবাটাও অধ্যয়নে অ’মিক্ৰণক তুলনামূলকভাৱে কম আক্ৰমণাত্মক হিচাপে গণ্য কৰিছে ৷ তথাপিও কিন্তু অতি সহজেই সংক্ৰমিত এই ৰোগ দীৰ্ঘম্যাদী ক’ভিড-19 ত আক্ৰান্তৰ কাৰক নহ’ব বুলি কোনো নিৰ্ভৰযোগ্য তথ্য নাই ৷ বিশেষজ্ঞসকলে নিজেই এই কথা স্বীকাৰ কৰিছে ৷

long covid
সহজভাৱে ন’লব অ’মিক্ৰণক : বিশেষজ্ঞ
author img

By

Published : Jan 8, 2022, 2:29 PM IST

Updated : Jan 9, 2022, 9:37 AM IST

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, প্ৰথমবাৰৰ বাবে ক’ভিড-19 ত আক্ৰান্ত হোৱা ভাইৰাছৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ দেহত এমাহ নতুবা সপ্তাহজোৰা জ্বৰ-কাহৰ লক্ষণে দেখা দিলে সেয়াই দীৰ্ঘদিনীয়া ক’ভিড-19 ক সূচায় ৷ দীৰ্ঘদিনীয়া ক’ভিড যিকোনো ব্যক্তিৰে হ’ব পাৰে ৷ ক’ভিড-19 ত ইতিমধ্যেই আক্ৰান্ত হৈ সুস্থ হৈ উঠা ব্যক্তিও পুনৰ দীৰ্ঘদিনীয়া ক’ভিড-19 ৰ স্বীকাৰ হ’ব পাৰে, সাধাৰণ জ্বৰ-কাহে অথবা একো ধৰণৰ লক্ষণ দেখা নাপালেও এই ভাইৰাছে সংক্ৰমণ কৰিব পাৰে ৷

ক’ভিড-19 ৰ 50 টাতকৈয়ো অধিক দীৰ্ঘম্যাদী প্ৰভাৱ চিনাক্ত কৰা হৈছে ৷ কিন্তু চাৰিৰ পৰা বাৰ সপ্তাহলৈকে ক’ভিড-19 ত আক্ৰান্ত হৈ থকাসকলে সদৰী কৰা সঘনাই হোৱা ভাইৰাছবিধৰ লক্ষণ কেইটা হৈছে মূৰ কামোৰণি, ভাগৰ লগা, টোপনি পূৰ নোহোৱা, একাগ্ৰতাৰ অভাৱ আৰু পেট বিষ ৷

অধ্যয়নত প্ৰকাশ পাইছে যে, SARS-CoV-2 আক্ৰান্ত সাতটা শিশুৰ ভিতৰত এটা শিশু আৰু কিশোৰ তিনিমাহৰ পিছতো ভাইৰাছৰ সংস্পৰ্শলৈ আহিব পাৰে ৷ কিন্তু এতিয়া দীৰ্ঘদিনীয়া ক’ভিড-19 ক অ’মিক্ৰণৰ সৈতে বিশেষ গুৰুত্ব দিয়া হোৱা নাই ৷ পৰ্যাপ্ত খবৰৰ অভাৱো ইয়াৰ কাৰণ হ’ব পাৰে ৷

মুম্বাইৰ P.D Hinduja Hospital & MRC ৰ Consultant Pulmonologist আৰু Epidemiologist Lancelot Pinto এ কৈছে যে, শেহতীয়াকৈ আৱিষ্কাৰ হোৱা ক’ভিড-19 ৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ বিষয়ে এতিয়াই জনাটো যথেষ্ট সোনকাল বুলি ক’ব পাৰি ৷ কিন্তু সাংঘাতিক ভাগৰ আৰু মায়েলজিয়াক এই বেমাৰৰ প্ৰধান কাৰক হিচাপে গণ্য কৰিব পাৰি ৷ ব্যক্তিসকলৰ ক্ষেত্ৰত ভাগে ভাগে দীৰ্ঘদিনীয়া ক’ভিড-19 ৰ লক্ষণেও দেখা দিব পাৰে ৷

বেমাৰৰ প্ৰভাৱ মৃদু হ’লেও ইয়াক আলফা আৰু ডেল্টাতকৈ কোনো গুণে কম বুলি ক’ব নোৱাৰি ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত US infectious disease expert Anthony Fauci এ কৈছে যে সাধাৰণ জ্বৰ হৈ অ’মিক্ৰণত আক্ৰান্ত হোৱা লোকসকল দীৰ্ঘদিনীয়া ক’ভিড-19 ত ভূগিব পাৰে ৷

"ভাইৰাছৰ প্ৰকাৰ যিয়েই নহওঁক কিয় দীৰ্ঘদিনীয়া ক’ভিড-19 সকলোৰে হ'ব পাৰে ৷ ডেল্টা, বিটা আৰু এতিয়া অ’মিক্ৰণৰ মাজত পাৰ্থক্য থকাৰ কোনো প্ৰমাণ নাই," Anthony Fauci এ কয় ।

ইয়াৰ সৈতে সংগতি ৰাখি লছ এঞ্জেলছৰ Cedars-Sinai Medical Center এ কৰা ৰিৰ্ছাত প্ৰকাশ পাইছে যে এতিয়াৰ মৃদু ক’ভিড-19 ৰ সংক্ৰমণে ৰোগ প্ৰতিৰোধক ক্ষমতা পূৰ্বৰ তুলনাত দীঘলীয়া সময় ধৰি হ্ৰাস কৰিব পাৰে ৷

অৱশ্যে, কিছু বিশেষজ্ঞই মানি লোৱা নাই যে অ’মিক্ৰণে দীৰ্ঘদিনীয়া ক’ভিড-19 ৰ কাৰক হ’ব পাৰে ৷ Indraprastha Apollo Hospitals ৰ Consultant Pulmonology/ Respiratory Medicine স্পেচিয়েলিষ্ট Nikhil Modi এ আশা ব্যক্ত কৰিছে যে অ’মিক্ৰণ ভেৰিয়েণ্টত দীৰ্ঘদিনীয়া ক’ভিড-19 ৰ উপস্থিতি নথকাৰ ৷

বিগত বৰ্ষৰ নৱেম্বৰৰ শেষৰফালে দক্ষিণ আফ্ৰিকা আৰু বটচৱানাত অ’মিক্ৰণ উদ্ভৱ হৈছিল ৷ পিছলৈ 100 খনতকৈয়ো অধিক দেশলৈ এই বেমাৰ বিয়পি পৰে ৷

দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত কৰা এটা অধ্যয়নে সূচাইছে যে অ’মিক্ৰণে সাধাৰণ জ্বৰ-কাঁহ সৃষ্টি কৰে আৰু এই বেমাৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰো কম ৷

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান Dr. Tedros Adhanom Ghebreyesus এ তেওঁৰ শেহতীয়া ভাষণত কৈছে, অ’মিক্ৰণক ডেল্টাৰ তুলনাত কম প্ৰভাৱশালী যেন লাগিলেও কিন্তু ইয়াক সাধাৰণ জ্বৰ-কাঁহ বুলি এৰি দিয়া উচিত নহয় ৷ পূৰ্বৰ ভাইৰাছৰ দৰেই মানুহ অ’মিক্ৰণত আক্ৰান্তও হৈছে লগতে মৃত্যুমুখতো পৰিছে ৷

তেওঁ কয় যে, এই মহামাৰীৰ গতি ইমান ক্ষীপ্ৰতৰ আৰু ভয়াৱহ যে ই বিশ্বজুৰি স্বাস্থ্য প্ৰণালীৰেই সাল-সলনি ঘটাই দিলে ৷ এই মহামাৰী এসময়ত শেষ হৈ গ’লেও কিন্তু ইয়াৰ ভয়াৱহতাই মানৱ শ্ৰেণীক সদায় আতংকিত কৰি ৰাখিব ৷ সেইকাৰণে মাস্ক, ভেকচিন, চেনিটাইজাৰক লৈ সকলো সজাগ হোৱা উচিত ৷

Last Updated : Jan 9, 2022, 9:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.