ETV Bharat / bharat

Ghanshyam temple accident : যোধপুৰৰ প্ৰসিদ্ধ ঘনশ্যাম মন্দিৰত দুৰ্ঘটনা, কেইবাগৰাকী ভক্ত আহত

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 11:24 AM IST

প্ৰচলিত এক ধৰ্মীয় কাৰ্যসূচীৰ মাজতে এলুমিনিয়ামৰ বিশাল খুটাৰ অংশ ভাগি পৰে । ভক্তসকলৰ ওপৰতে বাগৰি পৰে অংশটো । ফলত কেইবাগৰাকী ভক্ত আহত হয় ।

Ghanshyam temple accident
যোধপুৰৰ প্ৰসিদ্ধ ঘনশ্যাম মন্দিৰত দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ : ৰাজস্থানৰ যোধপুৰৰ প্ৰসিদ্ধ ঘনশ্যাম মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দীৰ্ঘদিন ধৰি প্ৰচলিত দহি হাণ্ডি ভঙাৰ এক অনুষ্ঠানৰ সময়ত বিশাল এলুমিনিয়ামৰ ডিজে লাইট আৰু স্পীকাৰৰ খুটা ভাঙি পৰাৰ পাছতে কেইবাগৰাকী ভক্ত আহত হয় । শুকুৰবাৰে নিশা এই দুৰ্ঘটনাটো সংঘটিত হয় । ভয়ংকৰ দুৰ্ঘটনাটোৰ ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।

শুকুৰবাৰে নিশা চহৰখনৰ অতি পুৰণি ঘনশ্যাম মন্দিৰত আয়োজিত দহি হাণ্ডি ভঙাৰ কাৰ্যসূচীত শ শ লোক একত্ৰিত হৈছিল । সেই সময়তে ভক্তসকলৰ ওপৰত এলুমিনিয়ামৰ খুটা ভাগি পৰে । সৌভাগ্যক্ৰমে, দুৰ্ঘটনাটোত ৩ জন লোক আহত হয় । পাছত আহত লোকসকলক মহাত্মা গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে দহি হাণ্ডিক এলুমিনিয়ামৰ খুটাত বান্ধি থোৱা হৈছিল । দহি হাণ্ডি ভাঙিবলৈ চেষ্টা কৰাৰ সময়তে খুটাটোৰ পৰা এলুমিনিয়ামৰ বৃহৎ অংশ ভাগি পৰে । তাত থকা লোকসকলে ততাতৈয়াকৈ ভাগি পৰা অংশটো আঁতৰ কৰে ।

ভিৰৰ মাজত থকা মহিলা আৰু শিশুসকল আতংকিত হৈ মন্দিৰৰ চৌহদৰ পৰা ওলাই যায় । খবৰ লাভ কৰাৰ পাছতে স্থানীয় আৰক্ষীৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় বিধায়িকা মনীষা পাৱাৰেও এমজিএইচ চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয় । আনহাতে তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক সঠিক চিকিৎসা প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে ।

এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও নিশা তিনিজন আহতক মহাত্মা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । একে সময়তে, একাংশই সন্দেহ কৰা মতে কিছুমান লোকে তেওঁলোকৰ পৰিয়ালৰ আহত সদস্যক ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছে । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটো সন্দৰ্ভত বিতং তদন্ত কৰা হ'ব । চিকিৎসকে জনোৱা মতে আহতসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে । একাংশ স্থানীয় লোকে কোৱা মতে দুৰ্ঘটনাটোত ৮-১০ জন লোক আহত হৈছে ।

লগতে পঢ়ক :Boat Capsized In Indravati River : ছত্তীশগড়ৰ দান্তেৱাড়াত ইন্দ্ৰাৱতী নদীত নাও ডুবি ৭ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.