ETV Bharat / bharat

TDP Chief ChandrababuNaidu: অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবুনাইডুক ১৪ দিনৰ ৰিমাণ্ড

টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক ১৪ দিনৰ ৰিমাণ্ড। স্কীল ডেভেলপমেণ্ট কেলেংকাৰিৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল নাইডুক ৷

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:17 PM IST

Updated : Sep 10, 2023, 7:25 PM IST

TDP Chief ChandrababuNaidu
টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক ১৪ দিনৰ ৰিমাণ্ড

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক ১৪ দিনৰ ৰিমাণ্ড । খবৰ অনুসৰি তেওঁক ৰাজহমুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হ’ব ৷ চলিত মাহৰ ২২ তাৰিখলৈকে ৰিমাণ্ডত থাকিব টিডিপিৰ মুৰব্বীগৰাকী । স্কীল ডেভেলপমেণ্ট কেলেংকাৰিৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল নাইডুক ৷

উল্লেখযোগ্য যে, দক্ষতা বিকাশ নিগমৰ কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুক দেওবাৰে পুৱা বিজয়ৱাড়াৰ দুৰ্নীতি বিৰোধী ব্যুৰ' (এচিবি) আদালতত হাজিৰ কৰোৱা হৈছিল ৷ গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আদালতত হাজিৰ কৰোৱা হয় টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক । আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে বিজয়ৱাড়া চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ পাছত তেওঁক এছআইটি কাৰ্যালয়লৈ লৈ যোৱা হয় ৷

শনিবাৰে অন্ধ্ৰপ্ৰদেশ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক ৷ সূত্ৰ অনুসৰি অন্ধ্ৰপ্ৰদেশত উৎকৰ্ষ কেন্দ্ৰৰ (চি.ও.ই.) গোট স্থাপনৰ সৈতে জড়িত এই গোচৰ ৷ এই আঁচনিৰ মুঠ আনুমানিক প্ৰকল্প মূল্য আছিল ৩,৩০০ কোটি টকা ৷ সংস্থাটোৰ বিষয়াসকলে দাবী কৰা মতে এই প্ৰৱঞ্চনাৰ দ্বাৰা ৰাজ্য চৰকাৰৰ ৩০০ কোটি টকাৰো অধিক ক্ষতি হৈছে ৷ চিআইডিৰ তদন্তত গুৰুতৰ অনিয়মৰ কথা প্ৰকাশ পাইছে ৷

চৰকাৰে আগবঢ়োৱা বেছিভাগ ধন ভুৱা চালানৰ জৰিয়তে শ্বেল কোম্পানীলৈ পৰিৱৰ্তন কৰা হৈছিল, ইনভইচত উল্লেখ কৰা সামগ্ৰীবোৰৰ কোনো প্ৰকৃত বিতৰণ বা বিক্ৰী হোৱা নাছিল বুলি উল্লেখ কৰিছে চিআইডিৰ বিষয়াসকলে ৷ চিআইডিয়ে কৈছে যে এতিয়ালৈকে কৰা অনুসন্ধান অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠানবোৰে ৬ টা দক্ষতা বিকাশ ক্লাষ্টাৰত ব্যয় কৰা মুঠ পৰিমাণ কেৱল অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু এপি দক্ষতা বিকাশ কেন্দ্ৰৰ দ্বাৰা আগবঢ়োৱা পুঁজিৰ পৰা আহৰণ কৰা হয় ৷

আনহাতে তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবুনাইডুক গ্ৰেপ্তাৰ কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ভিত্তিহীনভাৱে বৰ্তমানৰ ৰাজ্য চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : G20 summit 2023: 'গ্লোবেল ছাউছৰ ধাৰণা নতুন নহয়'-কংগ্ৰেছ

Last Updated : Sep 10, 2023, 7:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.