ETV Bharat / bharat

তিনি বিতৰ্কিত কৃষি আইনৰ তিনি বছৰ : AAP আৰু SADৰ উদ্যোগত ক'লা দিৱস পালন

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনি বিতৰ্কিত কৃষি আইনৰ তিনি বছৰ সম্পূৰ্ণ ৷ 2020 চনৰ 17 ছেপ্টেম্বৰৰ দিনটোতে গৃহীত হৈছিল 3 বিতৰ্কিত কৃষি আইন ৷ আইন গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱাত আম আদমী পাৰ্টী( Aam Aadmi Party) আৰু শিৰোমণি আকালি দল(Shiromani Akali Dal)ৰ উদ্যোগত ক'লা দিৱস পালন ৷

author img

By

Published : Sep 17, 2021, 8:18 PM IST

completion of one year of the enactment of farm laws
তিনি বিতৰ্কিত কৃষি আইনৰ তিনি বছৰ

নিউজ ডেস্ক , 17 ছেপ্টেম্বৰ : কেন্দ্ৰই তিনিখনকৈ বিতৰ্কিত কৃষি আইন প্ৰণয়ন কৰাৰ এটা বছৰ সম্পূৰ্ণ ৷ লক্ষাধিক কৃষকৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি নিদিয়াকৈ 2020 চনৰ 17 ছেপ্টেম্বৰৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে 3 বিতৰ্কিত কৃষি আইন গৃহীত কৰিছিল ৷

উল্লেখ্য যে, আইন গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ণ হ'ল যদিও তিনি কৃষি আইনৰ বিৰোধীতাৰে কৃষকসকলে এতিয়াও প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ সেয়ে এই তিনি কৃষি আইন গৃহীত হোৱাৰ দিনটো অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনটোক কৃষি আইন বাতিল কৰাৰ দাবীৰে পঞ্জাৱৰ মুখ্য বিৰোধী দল আম আদমী পাৰ্টী( Aam Aadmi Party) আৰু শিৰোমণি আকালি দলে (Shiromani Akali Dal) ক'লা দিন(black day) হিচাপে পালন কৰে ৷

কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আম আদমী পাৰ্টীয়ে ৰাজ্যজুৰি মমবাতি সমদল(candle marches) অনুষ্ঠিত কৰিব বুলিও দলটোৱে এক বিবৃতিযোগে জানিবলৈ দিয়ে ৷

আম আদমী পাৰ্টীৰ বিধায়ক Kultar Singh Sandhwanএ কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ক'লা কৃষি আইনৰ বিৰুদ্ধে সমগ্ৰ দেশৰে কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টি আছে ৷ শিৰোমণি আকালি দলেও এই বহু বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত Gurdwara Rakabganjৰ পৰা সংসদলৈ দিল্লীত এক প্ৰতিবাদী সমদল উলিওৱাৰ পৰিকল্পনা কৰে যদিও প্ৰতিবাদী সমদল উলিওৱাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে তেওঁলোকক কোনো অনুমতি প্ৰদান কৰা নাছিল ৷

ইফালে যিকোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকাত দিল্লীৰ যান-বাহন আৰক্ষীয়ে ঝাৰোদা কলন সীমান্ত (Jharoda Kalan border) বন্ধ কৰি দিয়ে । বেৰিকেড ব্যৱহাৰ কৰি দুয়োটা আৰক্ষীয়ে দুয়োটা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : কৃষকৰ প্ৰতিবাদ: দিল্লী আৰক্ষীয়ে বন্ধ কৰি দিলে ঝাৰোদা কলন সীমান্তৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.