ETV Bharat / bharat

Assam Meghalaya border dispute : গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত উচ্চস্তৰীয় বৈঠক

author img

By

Published : Mar 29, 2022, 1:12 PM IST

সমাধানৰ দিশে দীৰ্ঘদিনীয়া অসম-মেঘালয়ৰ সীমা সমস্যা(Assam Meghalaya border dispute) ৷ আজি ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব এখন উচ্চস্তৰীয় বৈঠক ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ৷

CM Himanta Biswa Sarma to meet Amit Shah to discuss on Assam Meghalaya border issue
গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত উচ্চস্তৰীয় বৈঠক

নিউজ ডেস্ক, 29 মাৰ্চ : ৰাজ্যৰ দীৰ্ঘদিনীয়া এক সমস্যা হৈছে সীমা বিবাদৰ সমস্যা(Assam Meghalaya border dispute) ৷ ভিন্ন সময়ত সীমা বিবাদৰ সমস্যা সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পাই আহিছে সংবাদ মাধ্যমত ৷ আহিছে চৰকাৰ, গৈছে চৰকাৰ ৷ কিন্তু সমাধানহে হোৱা নাই সীমা বিবাদৰ সমস্যা ৷ এই সন্দৰ্ভত বহুবাৰ বৈঠকত মিলিত হৈছে অসম-মেঘালয় চৰকাৰ ৷ কিন্তু সীমা বিবাদ সন্দৰ্ভত কোনো স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব পৰা নাই চৰকাৰে ৷

মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসম-মেঘালয়ৰ সীমা বিবাদ সমস্যা সমাধানৰ সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক(Meeting on Assam Meghalaya Border issue) ত মিলিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ৷ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত এতিয়া দৃষ্টি আৱদ্ধ হৈ আছে সকলোৰে ৷ পূৰ্বে 27 মাৰ্চত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ইয়াক পিছুৱাই দিয়া হয় 29 মাৰ্চলৈকে ৷

লগতে চাওক: Assam-Meghalaya Border Dispute : লাম্পীত মিলিত হ'ল দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী

বিগত বৰ্ষৰ নৱেম্বৰ মাহত এই সন্দৰ্ভত স্থায়ী সমাধান বাহিৰ কৰাৰ উদ্দেশ্যে কইনাধৰাত যুটীয়া বৈঠকত মিলিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ৷

উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ সীমান্তত মুঠ 12 টা বিবদমান অঞ্চল(Disputed areas in Assam Meghalaya border) আছে ৷ প্ৰথম পৰ্যায়ত তাৰে ৬ টা অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল । 31 ডিচেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছিল যদিও কাৰ্যত সেয়া হৈ নুঠিল ৷

পৰৱৰ্তী সময়ত লাম্পীত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমান্তৱৰ্তী এলেকাসমূহ পৰিদৰ্শন কৰি আলোচনাৰ মাধ্যমেৰে এই সমাধান কৰিব বুলি ঘোষণা কৰে ৷ তাৰপিছতে সীমান্তবাসী ৰাইজে আশা কৰিছিল যে, নতুন বছৰৰ আৰম্ভণিতে হয়তো ভাল খবৰ আহিব ৷ কিন্তু দুমাহ উকলাৰ পিছতো সেয়া হৈ নুঠিল ৷

বিশেষকৈ কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ চিৰসেউজ ভূ-খণ্ড লাম্পীৰ ভূমিভাগ মেঘালয়ে কূট-কৌশলৰে দখল কৰাৰ চেষ্টা চলাই অহা বুলি প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছে সীমান্তবাসীয়ে ৷ তদুপৰি অসমৰ ভূমিতেই ৰাজ্যখনৰ চৰকাৰী, বেচৰকাৰী কাৰ্যালয় স্থাপনত বাধা প্ৰদান কৰি আহিছে মেঘালয় প্ৰশাসনে ৷ সীমান্তবাসী ৰাইজৰ সমস্যা সমাধানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যি সীমান্ত আৰক্ষী চকী স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, তাতেও বাধা প্ৰদান কৰি আহিছে মেঘালয়ে ৷

লগতে চাওক: অসম-মেঘালয় সীমা সমস্যাঃ ২৭ মাৰ্চত দিল্লীত চূড়ান্ত বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.