নেশ্যনেল ডেস্ক, 19 আগষ্ট : শনিবাৰে লাডাখৰ লেহ জিলাত ভাৰতীয় সেনা জোৱান কঢ়িওৱা এখন বাহন ৰাস্তাৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই গৈ গভীৰ খাদত পৰে, যাৰ ফলত কমেও ৯ জন জোৱান নিহত আৰু এজন আহত হয় বুলি সেনাৰ সূত্ৰই জানিবলৈ দিছে । শনিবাৰে সন্ধিয়া দক্ষিণ লাডাখৰ নিয়োমাৰ কেৰিত দুৰ্ঘটনাটো সংঘটিত হয় । অঞ্চলটো লেহৰ মুখ্য চহৰৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত ।
লেহৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পি ডি নিত্যই জনোৱা মতে ১০ জন জোৱানৰ সৈতে সেনাৰ বাহনখন লেহৰ পৰা নিয়োমালৈ গৈ আছিল ৷ কিন্তু যাত্ৰা পথত বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এটা খাদত বাগৰি পৰে বাহনখন ৷ আবেলি ৪.৪৫ বজাত এই ঘটনা সংঘটিত হয় । বিষয়াসকলে জনোৱা মতে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে । পাঁচখন বাহনেৰে সেনাৰ কনভয়টো নিয়োমালৈ গৈ আছিল ৷ কিন্তু তাৰে এখন বাহন দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাত পতিত হয় ৷ ট্ৰাকখনত ১০ জন সৈনিক আছিল ৷ মৃতসকলৰ ভিতৰত এজন কনিষ্ঠ কমিচনড অফিচাৰ আৰু ৮ জন জোৱান আছে ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা জোৱানসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । ৰাজনাথ সিঙে লগতে জনায় যে, আহতসকলক ততাতৈয়াকৈ ফিল্ড হাস্পতাললৈ লৈ যোৱা হৈছে ।
-
Saddened by the loss of Indian Army personnel due to an accident near Leh in Ladakh. We will never forget their exemplary service to our nation. My thoughts are with the bereaved families. The injured personnel have been rushed to the Field Hospital. Praying for their speedy…
— Rajnath Singh (@rajnathsingh) August 19, 2023 " class="align-text-top noRightClick twitterSection" data="
">Saddened by the loss of Indian Army personnel due to an accident near Leh in Ladakh. We will never forget their exemplary service to our nation. My thoughts are with the bereaved families. The injured personnel have been rushed to the Field Hospital. Praying for their speedy…
— Rajnath Singh (@rajnathsingh) August 19, 2023Saddened by the loss of Indian Army personnel due to an accident near Leh in Ladakh. We will never forget their exemplary service to our nation. My thoughts are with the bereaved families. The injured personnel have been rushed to the Field Hospital. Praying for their speedy…
— Rajnath Singh (@rajnathsingh) August 19, 2023
"লাডাখৰ লেহৰ ওচৰত সংঘটিত দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱানসকলক হেৰুওৱাৰ বাবে দুঃখিত । আমি আমাৰ দেশৰ প্ৰতি তেওঁলোকৰ অনুকৰণীয় সেৱা কেতিয়াও পাহৰিব নোৱাৰিম । শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা । আঘাতপ্ৰাপ্ত জোৱানসকলক ততাতৈয়াকৈ ফিল্ড হাস্পতাললৈ লৈ যোৱা হৈছে । তেওঁলোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ৷" ৰাজনাথ সিঙে এক্স ছাইটত (পূৰ্বতে টুইটাৰ) পোষ্ট কৰি এই বাৰ্তা দিছে ৷
লগতে পঢ়ক : Mysterious blast in Kargil: লাডাখৰ কাৰ্গিলত ৰহস্যজনক বিস্ফোৰণ; নিহত ৩ আহত ১০