ETV Bharat / bharat

Heart attack: হাৰ্ট এটেক অহাৰ পূৰ্বে আমাৰ শৰীৰত দেখা দিয়া 8 টা মুখ্য লক্ষণ

author img

By

Published : Nov 27, 2022, 2:05 PM IST

আপুনি জানেনে হাৰ্ট এটেক অহাৰ এক মাহৰ পূৰ্বে আপোনাৰ শৰীৰে আপোনাক কিছুমান বিশেষ লক্ষণে দেখা দিবলৈ আৰম্ভ কৰে ৷ এই লক্ষণসমূহ দেখা দিলেই যদি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ পৰা আপুনি ৰক্ষা পৰিব পাৰে । ইয়াৰে ভিতৰত 8 টা প্ৰধান লক্ষণৰ বিষয়ে তলত উল্লেখ কৰা হ'ল...

8 main symptoms of heart attack before meals
হাৰ্ট এটেক অহাৰ পূৰ্বে আমাৰ শৰীৰত দেখা দিয়া ৮টা মুখ্য লক্ষণ

বিগত কিছু দিন ধৰি কম বয়সতে হাৰ্ট এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে(Mild heart attack)। ইয়াৰ আঁৰৰ কাৰণসমূহ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, যেনে জিমত ঘণ্টাৰ পিছত ঘণ্টা কটাব পৰা বা দৌৰাৰ জৰিয়তে নিজকে ফিট কৰি ৰখাৰ দৰে শাৰীৰিক কাৰ্যকলাপ (Heart attack during recent times)।

আপুনি জানেনে হাৰ্ট এটেক অহাৰ এক মাহৰ পূৰ্বে আপোনাৰ শৰীৰে আপোনাক কিছুমান বিশেষ লক্ষণে দেখা দিবলৈ আৰম্ভ কৰে ৷ এই লক্ষণসমূহ দেখা দিলেই যদি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ পৰা আপুনি ৰক্ষা পৰিব পাৰে(what causes a heart attack) । ইয়াৰে ভিতৰত 8 টা প্ৰধান লক্ষণৰ বিষয়ে তলত উল্লেখ কৰা হ'ল(8 main symptoms of heart attack before meals) ।

1.ভাগৰুৱা অনুভৱ কৰা

খুব ভাগৰ লাগিব পাৰে ৷ ক্লান্তি বা অবসাদ ভাব হ’ব যিটো আপোনি কেতিয়াও অনুভৱ কৰা নাই । অৰ্থাৎ বিশেষ কোনো শাৰীৰিক কষ্ট নকৰাকৈয়ে হঠাৎ খুব ভাগৰুৱা যেন অনুভৱ কৰাটো হাৰ্ট এটেকৰ আগজাননী হ’ব পাৰে(Heart attack symptoms) । বিশেষ কৈ মহিলা সকলৰ অগতানুগতিক ক্লান্তি অনুভৱ পুৰুষৰ তুলনাত তুলনামূলকভাৱে বেছি হয় । শাৰীৰিক অথবা মানসিক পৰিশ্ৰমৰ কাৰণে এনেধৰণৰ হঠাৎ ভাগৰুৱা অনুভৱ হয় । এনে দূৰ্বলতা, ক্লান্তি, অনুভৱ সঘনাই হবলৈ ধৰে আৰু দৈনন্দিন কৰিথকা কিছুমান কাম কৰিলেও বহু কষ্ট অনুভৱ হয় ।

2.পেটৰ বিষ

পেটৰ বিষ, পেটটো খালী হোৱা যেন অনুভৱ হয়, লগতে বমিৰ ভাব থাকিব । কেতিয়াবা আকৌ পেট ফুলি থকা যেন লাগিব আৰু বমিৰ ভাব থাকিব ।অৰ্থাৎ পেটৰ বিষ, পেট ওফন্দি থকা যেন অনুভৱ হ'ব, পেট খালী হৈ আছে যেন লাগিব । বমি বমি ভাব আদি লক্ষণ বিলাক যদি সঘনাই হৈ থাকে ই এটা হাৰ্ট এটেকৰ কাৰণ হ'ব পাৰে (8 signs of heart attack a month before) । এনে ধৰণৰ লক্ষণ সমূহ পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰতে একেধৰণে প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায় ।

3.অনিদ্ৰা বা নিদ্ৰাহীনতা

অনিদ্ৰা বা নিদ্ৰাহীনতাও হাৰ্ট এটেকৰ এটা লক্ষণ ৰূপে গণ্যকৰা হৈছে । যিটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ পোৱা যায় । মানুহৰ দুচিন্তা বা উৎকণ্ঠাৰ কাৰণে নিদ্ৰাহীনতাৰ সৃষ্টি হব পাৰে । যিটো শেষত হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হৈ পৰে । নিদ্ৰাহীনতাৰ কাৰণে ৰোগী ৰাতি সহজতে টোপনি যাব নোৱাৰে আৰু ৰাতিপুৱা বিচনাৰ পৰা উঠাটো বহু কষ্টকৰ হৈ পৰে ।

4.উশাহ চুটি হোৱা

উশাহ চুটি হোৱা হাৰ্ট এটেকৰ আন এটা মুখ্য লক্ষণ । ৰোগীয়ে ভালকৈ উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰে । গৰম উঠিবলৈ ধৰে আৰু চটফটাই থাকে । এই লক্ষণ পুৰুষ মহিলা উভয়ৰে হাৰ্ট এটেক অহা একমাহৰ আগৰ পৰাই প্ৰকাশ পাব । এনেকুৱা লক্ষণ প্ৰকাশ পালে পলম নকৰি ডাক্তৰৰ উচৰলৈ যোৱাটো অতি আৱশ্যক ।

5.অত্যাধিক চুলি সৰা

হাৰ্ট এটেকত দৃষ্টিগোচৰ হোৱা এটা লক্ষণ । এনেধৰণৰ লক্ষণ পুৰুষ সকলৰ মাজত তুলানামূলকভাৱে বেছিকৈ পোৱা যায় । মহিলা সকলৰ মাজত এই লক্ষণ দেখাপোৱা যায় কিন্তু পুৰুষৰ তুলনাত কম ।

6.অনিয়মীয়া হৃদ স্পন্দন

অনিয়মীয়া হৃদ স্পন্দন হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হ'ব পাৰে ।

৭.যিকোনো সময়তে ঘাম ওলোৱা

যিকোনো সময়তে ঘাম ওলোৱাটোও হাৰ্ট এটেকৰ এটা প্ৰাৰম্ভিক লক্ষণ । মহিলাৰ মাজত এই লক্ষণ বেছিকৈ দেখা যায়। সৰ্বসাধাৰণতে এনেকুৱা হ’লে মহিলাসকলে অত্যাধিক গৰম পৰা বুলিয়েই ভাবি লয় বা menopause বা মাহেকীয়া তাৰ কাৰণ বুলি ভাবে । ঘাম অত্যাধিক হয় আৰু ঘামৰ কাৰণে বিচনাচাদৰ সেমেকি যায় ।

৮.বুকুৰ বিষ

বুকুৰ বিষো হাৰ্ট এটেকৰ কাৰণ হ'ব পাৰে । একেৰাহে বুকুৰ বিষ হৈ থকাটো হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ । ৩০% মহিলাৰে বুকুৰ বিষ থকাটো দেখিবলৈ পোৱা যায় । এই লক্ষণ সমূহ প্ৰকাশ পালে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি সাৱধানতা অৱলম্বন কৰিলে নিশ্চিত বিপদৰ পৰা আপোনি বাচি থাকিব পাৰিব ৷

লগতে পঢ়ক: Heart Attack: কিয় অকস্মাতে বৃদ্ধি পাইছে হাৰ্ট এটেক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.