স্বাধীন ভাৰতবৰ্ষ, যিখন দেশক দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৱে পূৱৰ আকাশৰ নতুন এক স্বাধীন তৰা হিচাপে অভিহিত কৰিছিল ৷ সেই দেশে আৰু মাত্ৰ 75 সপ্তাহৰ পাচতে স্বাধীনতাৰ 75 টা বছৰ সম্পূৰ্ণ কৰিব । এই মুহুৰ্তটোক স্মৰণীয় কৰি তুলিবলৈ তথা স্বাধীনতা আন্দোলনৰ প্ৰকৃত অৰ্থটোক আজিৰ প্ৰজন্মৰ লগতে সমাজত উপস্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'আজাদী কা অমৃত মহোৎসৱ' শীৰ্ষক নামেৰে এক অনুষ্ঠান সমগ্ৰ দেশতেই ইতিমধ্যে আৰম্ভ কৰিছে ।
উল্লেখ্য যে, নিগম সত্যাগ্ৰহ আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ এক উল্লেখযোগ্য ডাঙৰ ঘটনা । দাণ্ডী সত্যাগ্ৰহ হিচাপেও জনাজাত এই নিগম সত্যাগ্ৰহৰ 91 সংখ্যক বাৰ্ষিকী চলিত বছৰৰ 12 মাৰ্চত সম্পূৰ্ণ হৈ যায় । এই মহোৎসৱ দেশৰ ৰাষ্ট্ৰীয় জাগৰণৰ বাবে আন এক বিশেষ উৎসাহ । এই অমৃত মহোৎসৱৰ অংশ হিচাপে দেশৰ 75 টাকৈ স্থানত 75 টা অনুষ্ঠানৰ আয়োজন কৰা হয়, যিয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বহু নজনা ঘটনা পোহৰলৈ আনিব ।
পাঁচ বছৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে,"আমি দেশৰ কাৰণে মৰিব নোৱাৰিলেও দেশৰ কাৰণে বাচিব বিচাৰো" । নৰেন্দ্ৰ মোডীয়েই হৈছে ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী, যি স্বাধীনোত্তৰ কালত জন্ম হৈছিল । স্বাধীনোত্তৰ কালৰ লোকসকল, যি তেওঁলোকৰ বহুতেই দেশৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন কথা তথা সংগ্ৰামী সকলৰ ত্যাগৰ বিষয়ে অৱগত নহয় । এইসকল স্বাধীনতা সংগ্ৰামীয়ে ভাৰতৰ বুকুৰ পৰা বৃটিছসকলক উৎখাত কৰিবলৈ বহু ত্যাগ স্বীকাৰ কৰিছিল যাৰ ফলত ব্ৰিটিছ শাসনৰ অন্ত পৰিছিল আৰু দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল । ভাৰতৰ স্বাধীনতা সংগ্ৰামে এছিয়া আৰু আফ্ৰিকাৰ বহু দেশকো তেওঁলোকৰ স্বাধীনতাৰ বাবে অনুপ্রাণিত কৰিছিল । নতুন চামৰ মাজত সঘনাই প্ৰচলিত এক ভুল ধাৰণা যেনে,"দেশে মোক কি দিছে"। এই কথাবোৰেই প্রমাণ কৰে যে তেওঁলোকে স্বাধীনতা সংগ্ৰাম খনৰ ইতিহাসৰ বিষয়ে একেবাৰে অজ্ঞ ।
আমাৰ এক ঐতিহাসিক অতীত আছে, য’ত শত-সহস্ৰজনে নিজৰ প্ৰাণ আহুতি দিছিল একমাত্ৰ দেশৰ স্বাধীনতাৰ বাবে । সেই মহান ব্যক্তি সকলৰ কথা দেশৰ প্ৰতিখন ৰাজ্যতে নৱ প্ৰজন্মৰ মাজত অনুধাৱন কৰাব পাৰিব লাগিব । এই অমৃত মহোৎসৱৰ জৰিয়তে আমি নতুন ধাৰণা, সফলতা আৰু কামৰ বাবে দৃঢ় প্রতিজ্ঞ হ’ব লাগিব, যাতে অহা 25 বছৰত আমি দেশক আৰু অধিক শক্তিশালী তথা প্রগতিৰ দিশে যাতে আগুৱাই নিব পাৰো ।
সেই সময়ত স্বাধীনতা সংগ্ৰামী সকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ প্ৰতিখন গাঁও-চহৰে মূৰ ডাঙি উঠিছিল আৰু সেইসকল লোকৰ ত্যাগৰ দ্বাৰা ব্ৰিটিছৰ বন্দীত্বৰ শিকলিৰ পৰা ভাৰতক মুক্ত কৰিবলৈ ভাৰতৰ প্ৰতিজন নাগৰিকেই ব্ৰিটিছ সৈন্যৰ বুলেটৰ আগত ঠিয় দি হাঁহি হাঁহি মৃত্যুক আঁকোৱালি লৈছিল । এই ত্যাগৰ স্মৃতিক যুগমীয়া কৰিবলৈকে আয়োজন কৰা 75 সপ্তাহ যোৰা অমৃত মহোৎসৱ সঁচাকৈয়ে অতুলনীয় আৰু ই আমাৰ সংগ্ৰামীসকলৰ নাম যুগমীয়া কৰি ৰাখিবলৈ বহুখিনি সহায়ক হ’ব ।
2017 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰিছিল যে, কুইট ইণ্ডিয়া আন্দোলনে ভাৰতৰ লোকসকলক একত্ৰিত কৰিছিল । ভাৰত ষোড়ো আন্দোলনৰ সলনি তেওঁ ভাৰত জোড়ো নামেৰে এক আন্দোলনৰ পোষকতা কৰিছিল, যিয়ে ভাৰতৰ ঐক্য, শান্তি তথা দেশপ্ৰেমমূলক ভাৱধাৰাক আৰু অধিক শক্তিশালী কৰিব । অমৃত মহোৎসৱে প্ৰধানমন্ত্ৰীৰ এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব ।
জাতীয় সংহতি আৰু ঐক্যৰ অভাৱে এতিয়া ভাৰত বৰ্ষৰ নিজৰ সামৰ্থৰ প্ৰতিও ভাবুকি সৃষ্টি কৰি আহিছে । উল্লেখ্য যে, ভাৰতবৰ্ষ এতিয়া বিশ্বৰ ভিতৰত ষষ্ঠতম অৰ্থনীতি । 2025 চনৰ ভিতৰত আমাৰ দেশৰ অৰ্থনীতি পৃথিৱীৰ ভিতৰতে পঞ্চম স্থানলৈ আহিব বুলি আশা কৰা হৈছে । এয়াও কোৱা হৈছে যে, ভাৰতীয় অৰ্থনীতিয়ে 2030 চনৰ ভিতৰত পৃথিৱীৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হ’ব । দাণ্ডী সত্যাগ্ৰহৰ সময়ত হোৱাৰ নিচিনা এক সৰ্বব্যাপী জাতীয় ঐক্যইহে ভাৰতৰ সঠিক প্ৰগতি সুনিশ্চিত কৰিব পাৰিব । দাণ্ডী যাত্ৰাৰ সফলতাৰ আন এক প্ৰধান কাৰণ আছিল মহিলাৰ অংশগ্ৰহণ । তেনেদৰে আমাৰ দেশৰ প্ৰগতি সুনিশ্চিত হ’ব, যদিহে আমি মহিলাসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব দি তেওঁলোককো এই যাত্ৰাত অংশীদাৰ কৰাব পাৰো ।