ETV Bharat / bharat

Illegal Myanmar nationals: হিংসাজৰ্জৰ মণিপুৰত দুদিনত 718 গৰাকী ম্যানমাৰৰ নাগৰিকৰ অনুপ্ৰৱেশ

author img

By

Published : Jul 25, 2023, 11:40 AM IST

Updated : Jul 25, 2023, 12:09 PM IST

হিংসা জৰ্জৰিত মণিপুৰত দৈনিক ন ন তথ্য পোহৰলৈ আহিছে । গোষ্ঠীগত সংঘৰ্ষৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ ম্যানমাৰৰ পৰা অহা লোকে অধিক বিপর্যয় সৃষ্টি কৰিছে ৰাজ্যখনত । যোৱা 22 আৰু 23 জুলাইত মণিপুৰত প্ৰৱেশ 718 জন ম্যানমাৰৰ নাগৰিকৰ ৷

Illegal Myanmar nationals
illegal Myanmar nationals entered in Manipur

তেজপুৰ, ২৫ জুলাই: চুবুৰীয়া দেশ ম্যানমাৰত চলি থকা অশান্তিকৰ পৰিবেশৰ বাবে যোৱা 22 আৰু 23 জুলাইত মণিপুৰত প্ৰৱেশ কৰা 301 টি শিশুকে ধৰি 718 জন ম্যানমাৰ নাগৰিকক ওভোটাই পঠিয়াবলৈ কৰিবলৈ আছাম ৰাইফলছক নিৰ্দেশ দিছে মণিপুৰ চৰকাৰে । “কিয় আৰু কেনেকৈ” নাগৰিকসকলক উপযুক্ত নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল সেই সন্দৰ্ভতো প্ৰতিবেদন বিচাৰিছে চৰকাৰে ।

মণিপুৰত দুদিনত 718 গৰাকী ম্যানমাৰৰ নাগৰিকৰ অনুপ্ৰৱেশ

মণিপুৰৰ মুখ্য সচিব ড৹ ভিনিত যোশীয়ে সংবাদ মাধ্যমক জনাইছে যে, যোৱা 22 আৰু 23 জুলাইত ম্যানমাৰৰ পৰা লাজং সীমান্তই দি মণিপুৰৰ চাণ্ডাল জিলাত এই ম্যানমাৰৰ নাগৰিকসকলে প্ৰৱেশ কৰিছে । মুঠ 718 জন ম্যানমাৰৰ অনুপ্ৰবেশকাৰীৰ ভিতৰত 209 জন পুৰুষ 208 গৰাকী মহিলা আৰু 301 টা শিশু আছে ।

মুখ্য সচিব যোশীয়ে জনায় যে, সীমান্তত থকা অসম ৰাইফলছক কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি মণিপুৰ চৰকাৰে ইতিপূৰ্বেই অৱগত কৰিছিল যে ম্যানমাৰৰ সীমান্তই দি কোনো নাগৰিক যাতে উপযুক্ত ভিছা আৰু ভ্ৰমণ সূচীৰ লগতে বায়মেট্ৰিক চিহ্ন নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে ৷ এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবেও পৰামৰ্শ দিয়া হৈছিল ।

মণিপুৰত ম্যানমাৰৰ নাগৰিকৰ অনুপ্ৰৱেশ

এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম ৰাইফলছৰ 28 নং চেক্টৰৰ মুখ্য কাৰ্যালয় পৰা চাণ্ডাল জিলাৰ উপায়ুক্তলৈ 23 জুলাইত সবিশেষ তথ্য প্ৰেৰণ কৰে আৰু পৰৱৰ্তী ব্যৱস্থাৰ বাবে আহ্বান জনায় । অকল এইয়াই নহয়, মণিপুৰত ম্যানমাৰৰ অবৈধ বিদেশী শৰণাৰ্থী আৰু বিদেশী পূৰ্বতেও আহিছিল ৷ বৰ্তমান 3 মে'ৰ হিংসাত্মক ঘটনাৰ পাছত সহস্ৰাধিক ম্যানমাৰৰ বিদ্ৰোহী, বিদেশী নাগৰিকৰ দৈনিক প্ৰৱেশ ঘটি আহিছে ।

চৰকাৰৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । কাৰণ হিংসা জৰ্জৰিত ৰাজ্যখনৰ সম্পূৰ্ণ সুৰক্ষা দিশ সামৰি পৰ্যবেক্ষণ চলি থকা সময়ত কিদৰে ম্যানমাৰৰ নাগৰিক এনেদৰে প্ৰৱেশ কৰিব পাৰে ।

ইটিভি ভাৰতে 11 জুলাইত বাতৰি প্ৰকাশ কৰিছিল যে, চুৰাচান্দপুৰ জিলাত 8 জন ম্যানমাৰৰ অবৈধ নাগৰিকে চিকিৎসা গ্ৰহণ কৰি আহিছে । ইতিমধ্যে মণিপুৰ চুৰাচান্দপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰা এক বিশেষ গোঁহাৰি আৰক্ষী বিষয়া সকলৰ বাবে প্ৰেৰণ কৰিছে । মণিপুৰৰ এই হিংসাত্মক ঘটনাৰ মাজতে ম্যানমাৰৰ 8 জন লোকে চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

মণিপুৰত ম্যানমাৰৰ নাগৰিকৰ অনুপ্ৰৱেশৰ তথ্য

লগতে পঢ়ক: Manipur Sexual Assault News:ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী

চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকে Letter No. C-5/27/SP-CDL/2023/ Dated 28 June 2023 এক বিশেষ জাননী জাৰি কৰি চাণ্ডাল জিলাৰ আৰক্ষী অধীক্ষকক এই লোকসকল কেনেকৈ মণিপুৰত প্ৰৱেশ কৰিবলৈ পাল, তাৰ বিশদ প্ৰতিবেদন বিচাৰিছে । যোৱা 16 আৰু 19 জুনত এই আঠজন লোকৰ বেছি সংখ্যকেই বোমা বিস্ফোৰণ আৰু গুলিয়াগুলীত গুৰুতৰভাৱে আহত হয় ।

এই লোকসকলে বৰ্তমান চিকিৎসালয়ত চিকিৎসা লৈ আছে আৰু ইয়াৰ অতিৰিক্ত দুজন ব্যক্তি আছে যি যোৱা দুইমাহ ধৰি তেওঁলোকৰ চিকিৎসাৰ বাবে আছে । ম্যানমাৰৰ তামু জিলাৰ এই লোকসকলৰ তদন্তৰ বাবে যোৱা 28 জুনত আৰক্ষীয়ে জাৰি কৰা এই জাননী আজি সংবাদ মাধ্যমত উপলব্ধ হয় ।

ইয়াৰ পূৰ্বে মণিপুৰৰ কংগ্ৰেছ দলৰ সভাপতি কে মেঘা চন্দ্রই ইটিভি ভাৰতক জনাইছিল যে, মণিপুৰৰ হিংসা ম্যানমাৰৰ কুকি- চিন উগ্ৰপন্থীৰ সহযোগিতাত সংঘটিত হৈছিল । উল্লেখ্য যে, ম্যানমাৰৰ তামু জিলা ভাৰতৰ উত্তৰ পশ্চিম দিশত অৱস্থিত অৰ্থাৎ মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে উগ্ৰপন্থী সংগঠনৰ লোকে সঘনাই বিনাদ্বিধাই প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে । কিন্তু এই অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সক্ষম নহল মণিপুৰ চৰকাৰ কিম্বা কেন্দ্ৰীয় চৰকাৰ ।

Last Updated : Jul 25, 2023, 12:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.