বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন
বাক্সা জিলাৰ তিনিটা মহকুমাক সামৰি 11 টা পৰিষদীয সমষ্টিট সোমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ বাক্সাত ৭৪,১৯১৯ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব জিলাখনৰ 11 টা সমষ্টিৰ ৭০ গৰাকী প্ৰাৰ্থীৰ ।
মানাহত বনভোজ খাবলৈ আহি সলিল সমাধি পৰ্যটকৰ
প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি মৃত্যুক আঁকোৱালি ল'লে এগৰাকী পৰ্যটকে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বেকী নৈত সলিল সমাধি ঘটে চন্দন চৌধুৰী নামৰ এজন লোকৰ ৷ নাওত উঠি আনন্দ উপভোগ কৰি থকা অৱস্থাতে হঠাতে নাওৰ পৰা বেকী নৈত পৰি মৃত্যু হয় লোকজনৰ ।
বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন
সম্প্ৰতি বিটিচি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসন ৷ জিলাখনৰ হৰিশিঙা ,ভৈৰৱকুণ্ড, পাচনৈ চেৰফাং, ধনশ্ৰী আৰু ৰৌতা সমষ্টিত হ'ব ভোট গ্ৰহণ ৷ মহকুমাটোৰ ৫ টা সমষ্টিত থাকিব ৪১২ টা ভোট গ্ৰহণ কেন্দ্ৰ ৷
ধিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ
মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে দেওবাৰে এক সফল অভিযান চলায় নগাঁও আৰক্ষীয়ে ৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এল মোহন মিনাৰ নেতৃত্বত ধিঙৰ সোনাৰী গাঁৱৰ হাবিল আলিৰ ঘৰত চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছৰ লগতে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷
"ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰ": লুৰীণ জ্যোতি গগৈ
"ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰ", খোৱাঙত এই মন্তব্য কৰিলে লুৰিণ জ্যোতি গগৈয়ে ৷ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰটো বন্ধ কৰিবলৈ লোৱাটো অসম বিৰোধী তথা সমাজ বিৰোধী সিদ্ধান্ত বুলি মন্তব্য লুৰিণ জ্যোতি গগৈৰ।
পক্ষীৰ কাকলিত মুখৰিত এছিয়াৰ প্ৰথমখন চিৰিয়াখানা
হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত শিৱসাগৰত থকা এছিয়াৰ প্ৰথমখন চিৰিয়াখানা ৷ পৰ্যটকৰ আকৰ্ষণৰ পূৰ্ণ সম্ভাৱনা থকা আৰু ঐতিহাসিক ভিত্তি থকা পহুগড়ৰ উপযুক্ত সংৰক্ষণৰ প্ৰয়োজন ৷
স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত পাঠশালাত প্ৰতিবাদ
উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ সদৃশ গুৱাহাটীত সাধাৰণ কাম কৰি দৈনিক অহা যোৱা কৰা লোকসকল এইক্ষেত্রত সবাতকৈ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে এখন ৰেল বা এটা ষ্টেচনক নিৰ্ভৰ কৰি দুপইচা অৰ্জন কৰা অটো চালক ,ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছে ৷
বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী
বৰপেটাৰ পাঁচআলি চ'কত লটাৰীৰ কাউন্টাৰত চলোৱা আৰক্ষীৰ এই অভিযানত জব্দ ৬ লক্ষাধিক টকাৰ লটাৰীৰ টিকট ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই অবৈধ লটাৰী ব্যৱসায়ী দুজনক আটক কৰে ৷
মহানগৰীত ব্যৱসায়ীক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড
গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ড ৷ বাহনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডৰ ৷ অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ সহায়ত জুই নিৰ্বাপন ৷
অস্তিত্বৰ সংকটত নাওবৈচা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ
চৰম অস্তিত্বৰ সংকটত নাওবৈচাৰ হস্ততাঁত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷ জহি খহি যাবলৈ ধৰিছে কেন্দ্ৰটোৰ ঘৰ দুৱাৰৰ লগতে সা-সজুঁলিবোৰ ৷ অতি শীঘ্ৰে কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন ৰাইজে ৷