নেশ্যনেল ডেস্ক, 1 জুন: বৃহস্পতিবাৰে শ্ৰীনগৰত আৰক্ষী আৰু সেনাবাহিনীৰ ৫০ আৰ আৰৰ এক যুটীয়া অভিযানত টি আৰ এফৰ সৈতে জড়িত থকা দুজন স্থানীয় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে ( Army's 50RR arrested two TRF-linked hybrid militants in Srinagar) । ধৃত সন্ত্ৰাসবাদীকেইজন খ্ৰেউ পাম্পোৰৰ বাসিন্দা নবীদ শ্বাফি ৱানী আৰু আনজন কাদলাবাল পাম্পোৰৰ বাসিন্দা ফৈজান ৰছিদ তেলী বুলি কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে সদৰি কৰিছে।
অভিযান কালত সন্ত্ৰাসবাদী দুজনৰ পৰা চাৰিটা পিষ্টল, গুলী, ১৬টা জেলেটিন ষ্টিক, গ্ৰেনেড, গোলাবাৰুদৰ লগতে বহু অপৰাধমূলক সামগ্ৰীও জব্দ কৰে অভিযানকাৰী দলে ৷ এই সংক্ৰান্তত ইতিমধ্যে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত (Police seized four pistols, bullets, gelatin sticks, and criminal materials)।
ইফালে, জম্মু-কাশ্মীৰ আৰক্ষী, সেনা বাহিনী আৰু চি আৰ পি এফে উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ অন্তৰ্গত ছ’পুৰত চলোৱা আন এটা যৌথ অভিযানত তিনিজন স্থানীয় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Jammu and Kashmir Police)।
আৰক্ষীৰ সূত্ৰ অনুসৰি, দৰনামবল টাৰ্জো অঞ্চলত তালাচীৰ সময়ত তিনিটা স্থানীয় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে ৷ উগ্ৰপন্থী দুজন ক্ৰমে ৰহাদ মুছতাক গনাই, আমিৰ শ্বফকাত মিৰ আৰু তাহিৰ নিছাৰ শ্বেখ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । তিনিওজনেই সোপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: জম্মু-কাশ্মীৰত পাকিস্তানী ড্ৰোণে নিক্ষেপ কৰিলে তৰল ৰাসায়নিক পদাৰ্থ