ETV Bharat / bharat

কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?

author img

By

Published : Nov 18, 2021, 5:19 PM IST

400 খন বিদ্যালয় বন্ধ কৰি দিছে অৰুণাচল প্ৰদেশে ৷ কি উদ্দেশ্য লৈ লোৱা হ’ল এই সিদ্ধান্ত জনালে খোদ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷

400-schools-has-been-shut-down-by-arunachal-pradesh-government
কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?

নিউজ ডেস্ক, 18 নবেম্বৰ : অৰুণাচল প্ৰদেশে বৰ্তমানলকৈ নামভৰ্তি শূন্য হোৱাৰ বাবে 400 খন বিদ্যালয় বন্ধ কৰি দিছে ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই কথা ঘোষণা কৰাৰ লগতে কৈছিল যে সমগ্ৰ শিক্ষাৰ পৰিস্থিতিটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে হাতত লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপটো আৰম্ভ কৰা হৈছিল । তেওঁ কয় যে, ৰাজ্যখনত চৰকাৰী বিদ্যালয়ৰ সংখ্যা ৩,০০০ত কৈয়ো অধিক লৈ বৃদ্ধি পাইছে; কিন্তু শিক্ষাৰ মানদণ্ড এতিয়াও উন্নত হোৱা নাই ।

'' এতিয়ালৈকে ৰাজ্যজুৰি প্ৰায় ৪০০ খন নামভৰ্তি শূন্য হোৱা বিদ্যালয় আমি বন্ধ কৰিছো আৰু সকলো সুবিধাৰে এখন আদৰ্শ বিদ্যালয় হিচাপে ৬০ টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোখন বিদ্যালয় বাছনি কৰাৰ সিদ্ধান্ত লৈছো " খাণ্ডুৱে শেহতীয়াকৈ পশ্চিম কামেং জিলাৰ বমডিলাত এখন চৰকাৰী মহাবিদ্যালয়ৰ স্থায়ী চৌহদ উদ্বোধন কৰি এইদৰে কয় ।

মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ জাতীয় সংগঠনসমূহক তেওঁলোকৰ এলেকাসমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায় আৰু কোনবোৰ বিদ্যালয় বন্ধ কৰিব পাৰে আৰু কোনবোৰ বিদ্যালয়ক এটা পৰিধিত একত্ৰিত কৰিব পাৰি তাৰ পৰামৰ্শ দিবলৈ আহ্বান জনায় ।

তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনৰ ১৯ খন চৰকাৰী মহাবিদ্যালয়ৰ জনশক্তি আৰু আন্তঃগাঁথনি দুয়োটা ক্ষেত্ৰতে হোৱা অভাৱৰ বিষয়ে চৰকাৰ অৱগত, যি মহাবিদ্যালয় সমূহ ৰাজ্যখনৰ একমাত্ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত । ৰাজ্যখনৰ শিক্ষাৰ ব্যৱস্থা উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও তেওঁ দোহাৰে, খাণ্ডুৱে কয় যে ২০২১ বৰ্ষক ইতিমধ্যে 'শিক্ষাবৰ্ষ' হিচাপে ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : আলফা চৰকাৰৰ আলোচনাত কি ভূমিকা ল’ব শৃংখল চলিহাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.