নেশ্যনেল ডেস্ক,৩ এপ্ৰিল : দেশত মানৱ সৰবৰাহৰ ঘটনা প্ৰায়ে সংঘটিত হোৱা দেখা যায় (Human trafficking in India)। দুষ্টচক্ৰই বিভিন্ন ৰাজ্যত নাবালক শিশুৰ লগতে কিশোৰী-যুৱতী সৰবৰাহ অব্যাহত ৰাখিছে । বিভিন্ন সময়ত আৰক্ষী তথা বিভিন্ন সংস্থাই অভিযান চলাই উদ্ধাৰো কৰিছে তেনে ভুক্তভোগীসকলক । এইবাৰ ৰাজধানী দিল্লীত উদ্ধাৰ কিশোৰীসহ প্ৰায় ৪০০ টা শিশু (More than 400 child rescued in Delhi)।
দেওবাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ পৰা ৩৪ গৰাকী কিশোৰীসহ ৪০০ৰো অধিক শিশুক উদ্ধাৰ কৰা হয় (Children rescued in Delhi Railway Station)। চিডব্লিউচিৰ (দণ্ডাধীশৰ বিচাৰপীঠ) বৰুণ পাঠকে বিবৃতিটোত কয় যে ময়ূৰ বিহাৰৰ শিশু কল্যাণ সমিতিৰ (চিডব্লিউচি) সহায়ত ষ্টেচনত উত্তৰ ৰে'লৱে, সাথি, ছালাম বালক ট্ৰাষ্ট আৰু প্ৰয়াস জেএচি চ'চাইটিৰ সহযোগত এই শিশুসকলক উদ্ধাৰ কৰা হয় ।
বিবৃতিত কোৱা হৈছে যে ৪০২ টা শিশু উদ্ধাৰ হৈছে । তাৰ ভিতৰত ৩৪ গৰাকী কিশোৰী আৰু ৩৭২ জন কিশোৰ । চিডব্লিউচিৰ প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হোৱাৰ পাছতে তেওঁলোকক চহৰখনৰ চাইল্ড কেয়াৰ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয় । বিবৃতিটোত লগতে কোৱা হৈছে যে উদ্ধাৰ কৰা শিশুসকলৰ ভিতৰত আছে সন্ধানহীন, পলাতক আৰু শিশু শ্ৰমিক । ৰে'ল সুৰক্ষা বাহিনী আৰক্ষী আৰু চৰকাৰী ৰে'ল আৰক্ষীও এই অভিযানত সহযোগিতা আগবঢ়াইছে (Child rescued from New Delhi railway station)।
ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত নৰবলিৰ এক গোচৰত এগৰাকী ১৬ বছৰীয়া নেপালী কিশোৰীক ভাৰতৰ পৰা উদ্ধাৰ কৰা হৈছিল (Nepal girl rescued in India)। নেপালৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত পাঁচগৰাকী মহিলাসহ মুঠ ৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে । নেপাল আৰক্ষীয়ে কয় যে সপ্তম শ্ৰেণীৰ ভুক্তভোগী ছাত্ৰীগৰাকীক ভাৰতৰ এগৰাকী ডাঙৰ তান্ত্ৰিকৰ পৰা আশীৰ্বাদ পোৱাৰ আশাত আৰু বৃহৎ পৰিমাণৰ ধন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে এই অশুভ কাৰ্যত প্ৰলোভিত কৰা হৈছিল ।
নেপালৰ মানৱ সৰবৰাহ বিৰোধী ব্যুৰ'য়ে কাঠমাণ্ডুৰ পৰা ৬০ কিলোমিটাৰ পশ্চিমে ধাডিং জিলাৰ পৰা কিশোৰীগৰাকীক ভাৰতৰ এগৰাকী তান্ত্ৰিক বাবালৈ সৰবৰাহ কৰাত জড়িত থকাৰ অভিযোগত ৫ গৰাকী মহিলাসহ ৬ গৰাকী নেপালী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে । প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে পাঁচোগৰাকী মহিলাৰ তান্ত্ৰিক বাবা ডেন বাহাদুৰ মাল্লাৰ সৈতে সম্পৰ্ক আছিল ।
লগতে পঢ়ক :Robbery incident in Nagaon: আশা কৰ্মীক নিচাযুক্ত দ্ৰব্য খুৱাই ধন-সোণ লুটি নিলে ৰোগীয়ে