ETV Bharat / bharat

Colvale Central Jail : কাৰাগাৰ চৌহদত ৰাৱণৰ পুত্তলিকা দাহ; গোৱা কাৰাগাৰৰ ৪ বিষয়াক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:22 PM IST

দশেৰা উদযাপনৰ সময়ত ৰাৱণৰ পুত্তলিকা দাহ কৰাটো সমগ্ৰ ভাৰততে এক সাধাৰণ প্ৰথা । কিন্তু কৰ্তৃপক্ষই ইয়াক গুৰুত্বসহকাৰে লয় । কিয়নো এইটো সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয় হৈ পৰিছিল । বন্দীসকলে দশেৰাৰ প্ৰাকমুহূৰ্তত আতচবাজী ব্যৱহাৰ কৰি গোৱাৰ কলভেল কেন্দ্ৰীয় কাৰাগাৰ চৌহদত ৰাৱণৰ পুত্তলিকা দাহ কৰিছিল ।

কাৰাগাৰ চৌহদত ৰাৱণৰ পুত্তলিকা দাহ; গোৱা কাৰাগাৰৰ ৪ বিষয়াক নিলম্বন
Colvale Central Jail

নিউজ ডেস্ক, ২৮ অক্টোবৰ : গোৱাৰ কলভেল কেন্দ্ৰীয় কাৰাগাৰৰ চাৰিজন বিষয়াক কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে । ছ'চিয়েল মিডিয়াত কাৰাগাৰৰ বন্দীসকলে দশেৰা উদযাপন কৰিবলৈ ৰাৱণৰ পুত্তলিকা দাহ কৰা দৃশ্যৰ ভিডিঅ' পোহৰলৈ অহাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হয় ।

উত্তৰ গোৱাৰ কলভেলৰ কেন্দ্ৰীয় কাৰাগাৰত নিয়োজিত সহকাৰী অধীক্ষক চন্দ্ৰকান্ত হৰিজন, জেইলাৰ মহেশ ফাদে আৰু অনিল গাওকাৰ আৰু সহকাৰী জেইলাৰ ৰামনাথ গৌড়েক কাৰাগাৰৰ মহাপৰিদৰ্শক ওমবীৰ সিঙে শুকুৰবাৰে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে । সূত্ৰই জনোৱা মতে, ছ'চিয়েল মিডিয়াত ইয়াৰে ভিডিঅ' পোহৰলৈ অহাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হয় । ভিডিঅ'টোত দশেৰাৰ প্ৰাকমুহূৰ্তত বন্দীসকলে কাৰাগাৰৰ চৌহদত আতচবাজী ব্যৱহাৰ কৰি ৰাৱণৰ পুত্তলিকা দাহ কৰা দেখা গৈছিল ।

উল্লেখ্য যে দশেৰা উদযাপনৰ সময়ত ৰাৱণৰ পুত্তলিকা দাহ কৰাটো সমগ্ৰ ভাৰততে এটা সাধাৰণ প্ৰথা । এই বছৰ বিজয় দশমী নামেৰেও জনাজাত দশেৰা ২৪ অক্টোবৰত উদযাপন কৰা হৈছিল ।

"নিলম্বনৰ আদেশটোত কোৱা হৈছে যে কাৰাগাৰৰ বিষয়াসকলে কোনো আগতীয়া অনুমতি নোলোৱাকৈ কেনেকৈ বন্দীসকলক পুত্তলিকা প্ৰস্তুত কৰিবলৈ অনুমতি দিছিল তাৰ উত্তৰ দিব লাগিব । কাৰাগাৰৰ চৌহদত কেনেকৈ মোবাইল ফোনৰ অনুমতি দিয়া হৈছিল সেই সন্দৰ্ভতো তদন্ত কৰা হ'ব ।" কাৰাগাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় ।

নিলম্বনৰ আদেশটোত লগতে উল্লেখ কৰা হৈছে যে ঘটনাটোৱে কাৰাগাৰৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টোলৈ ভাবুকি কঢ়িয়াই আনিছে । তেওঁ লগতে কয়, "কাৰাগাৰৰ বিষয়াসকলক এই কামটোৰ বাবে মুখ্যত দায়বদ্ধ কৰা হৈছে আৰু সেয়েহে তেওঁলোকৰ ওপৰত তদন্তৰ বাবে নিলম্বন কৰা হৈছে ।"

লগতে পঢ়ক :Indian national sentenced to jail in Singapore : ছিংগাপুৰত কলেজীয়া ছাত্ৰীক ধৰ্ষণ, ধৰ্ষণকাৰী ভাৰতীয় যুৱকক ১৬ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.