ETV Bharat / bharat

Indore Temple Tragedy: মধ্যপ্ৰদেশৰ মন্দিৰত কুঁৱাত পৰি হোৱা মৃত্যুৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি

author img

By

Published : Mar 31, 2023, 11:53 AM IST

ৰাম নৱমীৰ পূজা-অৰ্চনাৰ সময়তে নিৰ্মাণৰত কুঁৱাৰ ঢাকনি খহি হোৱা দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে । ইতিমধ্যে কুঁৱাৰ ভিতৰত সোমাই পৰা লোকসকলৰ উদ্ধাৰৰ বাবে সেনাবাহিনীয়ে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে । দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে ৩৫ জনলৈ বৃদ্ধি পাইছে (Death toll 35 in Indore temple tragedy) ।

Indore temple accident
Indore temple accident

নিউজ ডেস্ক, ৩১ মাৰ্চ : শুকুৰবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত এটা মন্দিৰৰ কুঁৱাৰ ঢাকনি হোৱা দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পাইছে (Indore temple well cover collapse tragedy) । এতিয়ালৈকে ৩৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে (Death toll reached 35 in Indore temple tragedy) । ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত বৃহস্পতিবাৰে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটি । সমগ্ৰ নিশা ধৰি চলি থকা উদ্ধাৰ অভিযানত ১৮ জনক উদ্ধাৰ কৰা হৈছে । মন্দিৰটোত ৰাম নৱমীৰ পূজা-অৰ্চনা কৰি থকাৰ সময়ত এটা কুঁৱাৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা এখন ঢাকনিত অতিৰিক্ত ভিৰ হোৱাৰ বাবে ঢাকনিখন খহি এই দুৰ্ঘটনাটো সংঘটিত হয় (Beleshwar Mahadev Jhulelal temple tragedy) ।

বৃহস্পতিবাৰে নিশা ১১ বজাত সামৰিক বাহিনীয়ে উদ্ধাৰ অভিযানৰ নেতৃত্ব বহন কৰে আৰু ৫ ঘণ্টাৰ ভিতৰত ২২ টা মৃতদেহ উদ্ধাৰ কৰে । উদ্ধাৰ অভিযান আৰম্ভ হয় বৃহস্পতিবাৰে আবেলিৰ পৰা । বিভাগীয় স্বাস্থ্য বিষয়া ডঃ পৱন দেৱ শৰ্মাই জনোৱা মতে, জিলা প্ৰশাসন, ৫০ জনীয়া এছডিআৰএফ, ১৫ জনীয়া এনডিআৰএফ আৰু সেনা-আৰক্ষীৰ দলে যুটীয়াভাৱে উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে ।

জানিব পৰা মতে, ৭৫ জন জোৱানক উদ্ধাৰকাৰ্যত প্ৰয়োগ কৰা হৈছে । ইফালে চিকিৎসালয়ত ভৰ্তি হোৱা 18 গৰাকীৰ ভিতৰত দুগৰাকীক যাবলৈ দিয়া হৈছে । আনহাতে, 16 জন লোকে এপ'লো চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে । এতিয়ালৈকে মুঠ ৩১ টা মৃতদেহ চিনাক্ত কৰা হৈছে ।

ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এই উদ্ধাৰ অভিযান ভূমিৰ পৰা ৪০ ফুট তলত চলি আছে । পানী সোমাই থকাৰ বাবে অভিযানটো সাময়িকভাৱে বন্ধ কৰিবলগা হয় । উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰিবলৈ কুঁৱাটোৰ পৰা পানী উলিওৱাৰ দিব্যৱস্থা কৰা হয় । আনহাতে, সকলো মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত কুঁৱাটোৰ পৰা ধ্বংসাৱশেষখিনিও আঁতৰ কৰা হ'ব বুলি তেওঁ কয় ।

উল্লেখ্য, ইন্দোৰৰ পেটেল নগৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰটো প্ৰায় চাৰি দশক পূৰ্বে কুঁৱাটো আৱৰি নিৰ্মাণ কৰা হৈছিল । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মৃতকৰ পৰিয়ালক ৫ লাখ টকা আৰু আহতসকলৰ প্ৰত্যেককে ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে (MP CM announced compensation to Indore temple accident) ।

ইফালে এই ঘটনাত টুইটাৰযোগে শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "ইন্দোৰত সংঘটিত দুৰ্ঘটনাত অত্যন্ত বেদনাগ্ৰস্ত হৈছোঁ । মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানজীৰ সৈতে কথা পাতিছোঁ আৰু পৰিস্থিতিৰ বিষয়ে অৱগত হৈছোঁ । ৰাজ্য চৰকাৰে দ্ৰুতগতিত উদ্ধাৰ আৰু সাহায্যৰ কামৰ নেতৃত্ব দি আছে । প্ৰভাৱিত সকলো লোক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে মোৰ প্ৰাৰ্থনা (PM Modi expressed grief on Indore temple tragedy) ।"

আনহাতে, ৰাজ্যৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই কয় যে মন্দিৰটো কেনেকৈ এটা কুঁৱাৰ ওপৰত নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হৈছিল সেয়া জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙেও ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু ঘটনাটোৰ তদন্তৰ দাবী জনায় ।

লগতে পঢ়ক :Temple stepwell collapsed: ইন্দোৰৰ বালেশ্বৰ মন্দিৰত কুঁৱাত পৰি 13 জনৰ মৃত্যু; 20ত কৈ অধিক সন্ধানহীন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.