ETV Bharat / bharat

ভাৰতত প্ৰৱেশৰ বাবে সাজু তিনি চাৰি শতাধিক পাক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী - ভাৰতীয় সেনা

বিগত সময়ত পাকিস্তানে ৪৪ শতাংশকৈও অধিক যুদ্ধ বিৰতি উলংঘন কৰিছে আৰু ই পাকিস্তানৰ ভয়ংকৰ পৰীক্ষণক প্ৰতিফলন কৰে । পাকিস্তানে প্ৰায়ে সন্ত্ৰাসবাদীসকলক জম্মু আৰু কাশ্মীৰেদি প্ৰৱেশক সহায় কৰাৰ বাবে গোলাবৰ্ষণ কৰে: সেনা প্ৰধান

300-400 Pak-trained terrorists ready to infiltrate into JK: Army chief
ভাৰতত প্ৰৱেশৰ বাবে সাজু তিনি চাৰি শতাধিক পাক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী
author img

By

Published : Jan 15, 2021, 10:35 PM IST

নিউজ ডেস্ক, 15 জানুৱাৰী : জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি প্ৰায় তিনি চাৰি শতাধিক পাক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশৰ বাবে সাজু হৈছে ৷ ভাৰতৰ সেনা প্ৰধান এম এম নাৰাভানে শুকুৰবাৰে প্ৰকাশ কৰে এই কথা । সেনা দিৱসৰ পেৰেডত ভাষণ প্ৰসংগত সেনা প্ৰধানগৰাকীয়ে কয় যে বিগত সময়ত পাকিস্তানে ৪৪ শতাংশকৈও অধিক যুদ্ধ বিৰতি উলংঘন কৰিছে আৰু ই পাকিস্তানৰ ভয়ংকৰ পৰীক্ষণক প্ৰতিফলন কৰে । পাকিস্তানে প্ৰায়ে সন্ত্ৰাসবাদীসকলক জম্মু আৰু কাশ্মীৰেদি প্ৰৱেশক সহায় কৰাৰ বাবে গোলাবৰ্ষণ কৰে ।

সেনা প্ৰধানগৰাকীয়ে লগতে কয় যে, ভাৰতৰ সক্ৰিয় অভিযান আৰু যোগ্য প্ৰত্যুত্তৰে শত্ৰুৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে তেওঁলোকে অনুপ্ৰৱেশতো বাধাৰ সৃষ্টি কৰে ৷ বিগত বৰ্ষত সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ২০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছিল ৷ ইয়াৰ ফলত জম্মু-কাশ্মীৰৰ জনতা সন্ত্ৰাসবাদৰ পৰা বহু পৰিমাণে সকাহ লাভ কৰিছিল ।

তেওঁ লগতে কয় যে, পাকিস্তানে সীমান্তৰে ড্ৰোণ আৰু সুৰংগৰ জড়িয়তে ভাৰতত অস্ত্ৰ সৰবৰাহৰো চেষ্টা কৰিছিল ৷ ভাৰতীয় সেনাই ইতিমধ্যে যুদ্ধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পুনগঠন আৰু আধুনিকীকৰণৰ বাবে কাম কৰি আছে । ভাৰতে আধুনিক অস্ত্ৰ আৰু প্ৰযুক্তিগত দিশত নিজক শক্তিশালী কৰাৰ বাবে আই আই টিৰ দৰে শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ লগত কাম কৰি আছে । তদুপৰি কেন্দ্ৰীয় চৰকাৰে মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত ভাৰতীয় সেনাক 32,000 কোটি টকাৰ 29 টা আধুনিকীকৰণ প্ৰকল্প প্ৰদান কৰিছে ।

লগতে পঢ়ক : হোজাইত সত্যৰঞ্জন বৰাক পহুখেদা উত্তেজিত ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.