ETV Bharat / bharat

Sun tanning: প্ৰখৰ ৰ’দৰ বাবে হ্ৰাস হৈছে নেকি ছালৰ উজ্জলতা ! তেন্তে ব্যৱহাৰ কৰক ঘৰতে উপলব্ধ এই ৩বিধ সামগ্ৰী

author img

By

Published : May 11, 2023, 7:00 PM IST

দামী ফেচিয়েলৰ পৰিৱৰ্তে ঘৰতে উপলব্ধ এই ৩টা সামগ্ৰীৰে ছানবাৰ্ণ আৰু টেনিঙৰ পৰা মুক্তি পাওক, ব্যৱহাৰৰ সঠিক উপায় জানি লওক, ঘূৰি আহিব ছালৰ উজ্বলতা ৷

3 Simple Home Remedies For Sun tan
ৰ’দৰ ফলত হোৱা টেনিঙে হ্ৰাস কৰিছে ছালৰ সৌন্দৰ্যতা তেন্তে ব্যৱহাৰ কৰক ঘৰতে উপলব্ধ এই ৩বিধ সামগ্ৰী

তীব্ৰ ৰ’দ আৰু অধিক গৰমৰ বাবে ছাল আৰু চুলিৰ যথেষ্ট ক্ষতি হয় । লগতে ছালত ইয়াৰ প্ৰভাৱ বহুদিনলৈ দেখা থাকে । যদি আপুনি দুপৰীয়া কিছু সময় ৰ’দত ওলায়, তেন্তে ইয়াৰ ফলত ছালত জ্বলনৰ সমস্যাই দেখা দিয়ে । ৰ’দত ছাল পোৰাৰ বাবে বিষ, খজুৱতি আৰু বিভিন্ন ধৰণৰ সমস্যাও দেখিবলৈ পোৱা যায় । এই ক্ষেত্ৰত ৰাসায়নিক চিকিৎসাৰ পৰিৱৰ্তে যদি আপুনি প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা ছালৰ যতন লয়, তেন্তে আপুনি বহুত ক্ষেত্ৰত সকাহ লাভ কৰিব । এই প্ৰতিবেদনত আমি ঘৰত উপলব্ধ থকা কিদৰে কিছুমান বস্তুৰ সহায়ত ৰ’দত ছাল পোৰাৰ সমস্যা আৰু ইয়াৰ প্ৰভাৱ কম কৰিব পাৰি ।

এলোভেৰা জেলৰ ব্যৱহাৰ

এলোভেৰা জেলে ছালখনক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত অতি উপকাৰী বুলি গণ্য কৰা হয় । ৰ’দত ছাল পোৰা, টেনিঙৰ সমস্যা ইত্যাদি আঁতৰাবলৈও এনেদৰে কৰিব পাৰে । ই ছালখনক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে আৰু ক্ষতিগ্ৰস্ত ছালখনক সুস্থ কৰে । যদি মুখ বা ছাল ৰ’দত পোৰা হয়, তেন্তে ব্যৱহাৰ কৰিব লাগে এলোভেৰা। সতেজ এলোভেৰা জেল উলিয়াই তাত কেইটোপালমান আৱশ্যকীয় তেল দিব । এতিয়া মিহলাই ছালত লগাব । অবিৰত ব্যৱহাৰে উজ্জলতা ঘূৰাই আনিব ।

নেমু আৰু মৌৰ মিশ্ৰণ

ৰ’দত পোৰাৰ পৰা সকাহ পাবলৈ নেমু আৰু মৌ একেলগে ব্যৱহাৰ কৰিব পাৰে । এই দুয়োটাতে কিছুমান বিশেষ পদাৰ্থ থাকে যিয়ে ছান টেন বা ৰ’দত আপোনাৰ ছালখন পোৰাৰ পিছত ৰৈ যোৱা দাগ আঁতৰোৱাত সহায় কৰে । ইয়াৰ বাবে এটা বাটিত এচামুচ মৌ লৈ তাত কেইটোপালমান নেমু দিব । এতিয়া ইয়াৰ পেষ্ট বনাওক । এই পেষ্ট ছালত আধা ঘণ্টা লগাব । ইয়াৰ পিছত ধুই দিব । এনে কৰিলে ছালৰ উজ্বলতা ঘূৰি আহিব আৰু মুখমণ্ডলৰ উজ্বলতা বৃদ্ধি পাব ।

বিলাহীৰ ফেচ পেক

বিলাহীত কিছুমান ব্লিচিং এজেণ্ট থাকে যিয়ে ছালৰ দাগ আদি আঁতৰোৱাত সহায় কৰে । ইয়াত লাইকোপেন আৰু এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে মৃত ছাল আঁতৰোৱাৰ কাম কৰে । ইয়াৰ সহায়ত আপুনি ৰ’দত পোৰা বা টেন আঁতৰাব পাৰে । ইয়াৰ বাবে প্ৰথমে এটা বিলাহীলৈ তাৰ পেষ্ট তৈয়াৰ কৰি লওক ৷ এতিয়া পৰিষ্কাৰ ছালত লগাই ১৫ মিনিট ৰাখিব । তাৰ পিছত মুখখন ধুই লওক ৷

লগতে পঢ়ক: Skin Care: অভিনেত্ৰীৰ দৰে উজ্বল ছাল পাব বিচাৰে নেকি ? তেন্তে মুখমণ্ডলত ব্যৱহাৰ কৰক এইবিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.