ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 15, 2020, 3:00 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 বজাৰ দহটা শীৰ্ষ বাতৰি
3 বজাৰ দহটা শীৰ্ষ বাতৰি

বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

কোকৰাঝাৰ জিলাৰ গ্ৰীণফিল্ড বডোফা নগৰত আজি দিনৰ 11 বজাত অনুষ্ঠিত হয় চতুৰ্থখন বিটিচি পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান ৷ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে ইপিপিএলৰ প্ৰমোদ বড়োয় ৷

আফগান শান্তি চুক্তিক লৈ পাক আৰ্মি চীফৰ সৈতে বাৰ্তালাপত মিলিত খালিজাড

আফগান শান্তি প্ৰক্ৰিয়াৰ বাবে আমেৰিকাৰ বিশেষ প্ৰতিনিধি জালময় খালিজাডৰ নেতৃত্বত এটা দলে পাকিস্তান স্থলসেনা প্ৰধান জেন. কমৰ জাৱেড বাজৱাৰ সৈতে আলোচনাত মিলিত হয় ।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিব

ক'ভিড ১৯ আৰু ব্ৰেক্সিটৰ পিচতেই প্ৰথমবাৰৰ বাবে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিব ডমিনিক ৰাব । সোমবাৰে ভাৰতত উপস্থিত হোৱা ডমিনিক ৰাবে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দুয়োখন দেশৰ উমৈহতীয়া আঞ্চলিক আৰু আন্ত:ৰাষ্ট্ৰীয় বিষয়সমূহত আলোচনাত মিলিত হ'ব ।

মাজুলীৰ নৱনীতাক লাগে আপোনাৰ অকণমান সহায়

মাজুলীৰ ভকতিদুৱাৰ গাঁৱৰ ভৱেন খাউণ্ড আৰু সাবৃত্তি খাউণ্ডৰ কন্যা নৱনীতা খাউণ্ডৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য এছ.এল.ই ৰোগ । হঠাতে অহা এই কালধুমুহা সদৃশ ৰোগে পৰিয়ালটোৰ বাবে কঢ়িয়াই আনিছে অমানিশা ।

বকোত সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বকোৰ গান্ধী মৈদান খেল পথাৰত অনুষ্ঠিত কৰা হৈছিল আন্তঃ ৰাভা হাছং ফুটবল প্ৰতিযোগিতা ৷ ১৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অষ্টম বাৰ্ষিক জননেতা 'সব্যসাচী ৰাভা সোঁৱৰণী' ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত গোৱালপাৰাৰ কুৰুৱাবাচা কৃষ্ণজ্যোতি সংঘই বিজয়ী দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক পদ্ম বিভূষণ ৰোড্ডাম নৰসিমহাৰ দেহাৱসান

দেশৰ প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক তথা পদ্ম বিভূষণ বঁটাৰে সন্মানিত ৰোড্ডাম নৰসিমহাৰ ৮৭ বছৰ বয়সত দেহাৱসান ঘটে । বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বৈজ্ঞানিকগৰাকী ।

চৰকাৰী আঁচনি ৰূপায়নৰ নামত ধন দাবী, বিধায়ক গণেশ লিম্বুৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ

চৰকাৰী গৃহ আবন্টনৰ বিপৰীতে হিতাধিকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ ৷ শোণিতপুৰ জিলাৰ 72 নং বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি আৰু বৰছলা উন্নয়ন খণ্ডৰ অধীনস্থ প্ৰতিটো গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ বিধায়ক গণেশ লিম্বুৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ ৷

গীত গাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰঞ্জিৎ দাস

প্ৰগতি মানে বিজেপি, বিজেপি মানে প্ৰগতি শীৰ্ষক গীত গুণগুণাই ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা ৰঞ্জিৎ দাসৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত গীতৰ কলিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ আখৰা বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীৰ ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰায় আটাইকেইখন বিজেপিয়ে লাভ কৰিব বুলি মন্তব্য দাসৰ ৷

বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত এজাক দাৱনিৰ ৰূপত মাজুলীৰ শিক্ষাৰ্থী

বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত ধান দোৱাত ব্যস্ত মাজুলীৰ এজাক শিক্ষাৰ্থী ৷ ছাত্ৰীসকলৰ দলটোৱে পথাৰত ধান দাই কৃষক ৰাইজক সহায় কৰিছে ধান চপোৱাত ৷ শিক্ষাৰ্থীক পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ নাৰাখি ব্যৱহাৰিক জ্ঞানেৰে দীক্ষিত কৰি তোলাৰ উদ্দেশ্যে মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই লৈছে এই ব্যতিক্ৰমী পদক্ষেপ ৷

অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক

অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক আফনুৰ আলী ৷ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এই কাণ্ডত গুৰুতৰভাৱে আহত সাংবাদিক তথা যুৱতীগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.