ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 pm top ten news
3 pm top ten news
author img

By

Published : Dec 11, 2020, 3:00 PM IST

CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হয় কৃষক নেতা অখিল গগৈক ৷ CAA বিৰুদ্ধে সকলো অসমীয়াকে ওলাই আহিবলৈ আহ্বান কৃষক নেতা গৰাকীৰ ৷

মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড

মহানগৰীৰ বশিষ্ঠস্থিত বাকৰাপাৰাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত জাহ যায় 5 টাকৈ বাসগৃহ ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত এনে ঘটনা ৷

সোণগুটি ধাননিৰ সোণসেৰীয়া আভাত উদ্ভাসিত ৰাজ্য

সোণগুটি ধাননিৰ সোণসেৰীয়া আভাত উদ্ভাসিত হৈ পৰিছে ৰাজ্যৰ চৌপাশ ৷ হাতে-হাতে কাঁচি লৈ ডাঙৰীৰ বাবে দাৱনীয়ে যুগুতাইছে ধান ৷ পথাৰৰ সোণগুটি লখিমী চপোৱাত ব্যস্ত ৰাজ্যৰ কৃষক ৷

মাউন্ট এভাৰেষ্টৰ উচ্চতা: ৰাধানাথ চিকদাৰক স্বীকৃতি প্ৰদানৰ দাবী পিপিএফএৰ

মাউন্ট এভাৰেষ্টক বঙালী গণিতবিদ ৰাধানাথ চিকদাৰৰ নামেৰে নামাকৰণ কৰাৰ দাবী পেট্ৰিয়টিক পিপলছ ফ্ৰন্ট (পিপিএফ), অসমৰ ৷ ৰাধানাথ চিকদাৰক তেওঁৰ অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰাৰ আহ্বান জনাই পেট্ৰিয়টিক পিপলছ ফ্ৰন্টে কেন্দ্ৰীয় চৰকাৰক এই আহ্বান জনাইছে ৷

চন্দ্ৰপুৰত বন্যহস্তীৰ কৰুণ মৃত্যু

চন্দ্ৰপুৰৰ পানবাৰীৰ কুৰকুৰীয়াত দ্ৰুতবেগী ৰে'লৰ খুন্দাত মৃত্যমুখত পৰে এটা বন্যহস্তী ৷ নিশা প্ৰায় 3.30 বজাত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে ৰাজ্য । এই আইন বাতিলৰ দাবীৰে শুকুৰবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

শুকুৰবাৰে গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে পুনৰ ৰাজপথ কঁপাই তোলে সংগঠনটোৱে ৷

শিৱসাগৰত চিকিৎসকৰ অৱস্থান ধৰ্মঘট

আজি সমগ্ৰ দেশতে কৰ্ম বিৰতি ঘোষণা কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ অন্তৰ্ভুক্ত চিকিৎসকে । আয়ুৰ্বেদিক, হোমিঅ'পেথিক আৰু এল'পেথিক চিকিৎসাৰ একত্ৰিকৰণৰ বিৰোধিতা । অসম চিকিৎসা সেৱা সন্থাৰ শিৱসাগৰ গোটৰ চিকিৎসকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাপায়ণ । পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ জৰুৰীকালীন সেৱাৰ বাদে বন্ধ থাকিব সকলো চিকিৎসা সেৱা ।

শ্বহীদ দিৱসৰ দিনটোতেই কা বিৰোধী শ্ল'গানেৰে উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

শ্বহীদ দিৱসৰ দিনটোত কা বিৰোধী শ্ল'গানেৰে পুনৰ উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় চহৰত শতাধিক আছু কৰ্মীৰ জোৰ সমদল ৷ কা ৰ বিৰুদ্ধে যুঁজি যোৱাৰ হুংকাৰ আছু কৰ্মীৰ ৷

বেঙুনীয়া ধানৰ খেতিৰে চমক সৃষ্টি খুমটাইৰ বিমান শইকীয়াৰ

ক'লা ধানৰ পাছতে এইবাৰ বেঙুনীয়া ধানৰ খেতি কৰি চমক সৃষ্টি গোলাঘাটৰ খুমটাইৰ এগৰাকী খেতিয়কৰ ৷ জাপানৰ পৰা অনা বীজেৰে এই বেঙুনীয়া ধানৰ খেতি কৰিছে গোলাঘাটৰ খুমটাইৰ 3 নং ভোলাগুৰি গাঁৱৰ বিমান শইকীয়াই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.