ETV Bharat / bharat

Madhya Pradesh Accident : মধ্য প্ৰদেশত শোকাৱহ দুৰ্ঘটনা, নিহত ৩ জন - Tragic accident in MP

ৰাজ্যখনৰ মোৰেনা জিলাৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৱপুৰী বাবা মন্দিৰৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে । ৰৈ থকা ডাম্পাৰত খুন্দা মাৰে যাত্ৰীবাহী বাছে । দুৰ্ঘটনাত ১৫ ৰো অধিক লোক আহত হয় ।

Madhya Pradesh Accident
মধ্য প্ৰদেশত শোকাৱহ দুৰ্ঘটনা
author img

By

Published : Jun 17, 2023, 12:07 PM IST

নেশ্যনেল ডেস্ক,১৭ জুন : মধ্যপ্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত ৩ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনাত ১৫ জনৰো অধিক লোক আহত হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

আৰক্ষীয়ে জনোৱা মতে শনিবাৰে পুৱতি নিশা এই দুৰ্ঘটনাটো সংঘটিত হয় । মোৰেনা জিলাৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৱপুৰী বাবা মন্দিৰৰ সমীপতে এই দুৰ্ঘটনাটো সংঘটিত হয় । আৰক্ষীৰ তথ্য অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাত ৰখাই থোৱা ডাম্পাৰত খুন্দা মাৰে । বাছখনে গোৱালিয়ৰৰ পৰা দিল্লীলৈ যাত্ৰা কৰি আছিল । পুৱা প্ৰায় ২ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত বাছখনৰ ৩ গৰাকী যাত্ৰী নিহত হয় । ইফালে আহতসকলক সমীপৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি তেওঁলোকৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ সিং চৌহান দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয় ।

জানিব পৰা মতে দুৰ্ঘটনাটোৰ পাছতে বহু সময় ধৰি ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । বহু যান-বাহন ৰাস্তাত আৱদ্ধ হৈ পৰে । অৱশ্যে আৰক্ষীয়ে অধিক তৎপৰতাৰে পথটো মুকলি কৰি দিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

এই সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ (আইপিচি) প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে । ইফালে, মোৰেনাৰ উপায়ুক্ত অংকিত আস্থানাই কয় যে এই দুৰ্ঘটনাত নিহতসকলক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ।

ইয়াৰ পূৰ্বে ৩১ মে'ত মধ্যপ্ৰদেশৰ হাৰদা জিলাত আন এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল । তীব্ৰবেগী এখন বাহনে গছত খুন্দা মৰাৰ পাছতে বাহনখনত জুই লাগে । ফলত এগৰাকী মহিলাসহ ৪ জন লোক নিহত হয় । পোখাৰ্নি গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । বাহনখনত ৪ গৰাকী লোকে যাত্ৰা কৰি আছিল আৰু তেওঁলোক আটাইকেইজনে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয় ।

লগতে পঢ়ক :Manipur Violence : নিৰাপত্তা বাহিনী আৰু ৰাইজৰ মাজত সংঘৰ্ষ, ২ জন লোক আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.