ETV Bharat / bharat

মণিপুৰলৈ শান্তি আনি দিয়ক; এইবাৰ খেলপথাৰত মণিপুৰৰ খেলুৱৈৰ শান্তিৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 1:19 PM IST

২৯ সংখ্যক ৰাষ্ট্ৰীয় নেটবল ছাব-জুনিয়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ঝাৰখণ্ডত উপস্থিত হোৱা মণিপুৰৰ খেলুৱৈসকলে মণিপুৰত শান্তি স্থাপনৰ বাবে আহ্বান জনাইছে । লগতে তেওঁলোকৰ সমস্যাবোৰৰ বিষয়েও জনায় ।

Players appealed to bring peace to Manipur
এইবাৰ খেলপথাৰত মণিপুৰৰ খেলুৱৈৰ শান্তিৰ আহ্বান

নেচনেল ডেস্ক, ২১ ডিচেম্বৰ : ২৯ সংখ্যক ৰাষ্ট্ৰীয় নেটবল ছাব-জুনিয়ৰ চেম্পিয়নশ্বিপ ২১ ডিচেম্বৰৰ পৰা ঝাৰখণ্ডৰ গোড্ডা জিলাত আৰম্ভ হৈছে । ইয়াৰ বাবে ২২ খন ৰাজ্যৰ খেলুৱৈ দল গোড্ডাৰ গান্ধী ময়দানত উপস্থিত হৈছে । আনহাতে, চেম্পিয়নশ্বিপক লৈ সকলো খেলুৱৈ অতি উৎসাহিত হৈ আছে । কিন্তু ইয়াৰ মাজতে মণিপুৰ দলটোৰ এক অন্য বেদনা প্ৰকাশ পায় ।

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ বাবে খেলুৱৈসকলে কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই । ঝাৰখণ্ডত উপস্থিত হ'বলৈ তেওঁলোকে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় । আনহাতে, ইয়াত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈসকলে 10,000 টকাকৈ পৰিশোধ কৰিবলগা হৈছে । এনে পৰিস্থিতিত যিসকল খেলুৱৈৰ ওচৰত ধন নাছিল, তেওঁলোক আহিব নোৱাৰিলে ।

মণিপুৰ দলৰ প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় আম্পায়াৰ সবিতা দেৱীয়ে কয় যে তেওঁ গোড্ডাত উপস্থিত হৈ অতি সুখী । তেওঁলোকে ইয়াৰ আয়োজন ব্যৱস্থাও ভাল পাইছে । প্ৰথমবাৰৰ বাবে তেওঁ খেলুৱৈসকলৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তাত উপস্থিত হৈছে । তেওঁ থকা-খোৱা, পৰিবহণ আৰু মনোৰঞ্জনৰ সুবিধাৰো প্ৰশংসা কৰে ।

তেওঁ কয় যে তেওঁ এটা ডাঙৰ দল লৈ যাব বিচাৰিছিল, কিন্তু প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো যথেষ্ট ব্যয়বহুল । ৰে'ল সেৱা বন্ধ আছে, বাছেৰেও যাত্ৰা কৰিব নোৱাৰে । এনে পৰিস্থিতিত একমাত্ৰ উপায় হৈছে বিমানেৰে তেওঁলোক যোৱাটো । কিন্তু সেইটোও যথেষ্ট ব্যয়বহুল । যাৰ বাবে খেলুৱৈসকলৰ পৰা ১০ হাজাৰ টকাকৈ ল'বলৈ বাধ্য হৈছিল ।

ফলত সকলো খেলুৱৈয়ে আহিব পৰাটো সম্ভৱ নাছিল । লগতে তেওঁ কয় যে এই মুহূৰ্তত মণিপুৰত অশান্তিৰ পৰিৱেশ চলি আছে । এনে পৰিস্থিতিত কোনো চৰকাৰী সহায়ো লাভ কৰা নাই ।

আনহাতে, মণিপুৰ দলৰ খেলুৱৈসকলে কয় যে তেওঁলোকে ঝাৰখণ্ডলৈ আহি উপভোগ কৰি আছে । অতি সুন্দৰ পৰিৱেশ । কিন্তু তাৰ মাজতো মণিপুৰৰ দুখৰ বেদনা খেলুৱৈসকলৰ মাজত প্ৰতিফলিত হয় । "মোৰ মণিপুৰলৈ শান্তি আনি দিয়ক ।" তেওঁ কাতৰ আবেদন জনায় ।

এই বেদনা আৰু আবেদনৰ লগতে তেওঁ চেম্পিয়নশ্বিপত সুন্দৰ প্ৰদৰ্শন কৰাৰ কথাও উল্লেখ কৰে । ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰি নিজ ৰাজ্যৰ বাবে পদক জিকিব বুলিও আশাবাদী ।

লগতে পঢ়ক :ইডিয়ে জাৰি কৰা চমন অবৈধ : অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.