ETV Bharat / bharat

ছত্তিশগড়ত ২৪ জন নক্সাল সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ - ছত্তিশগড়

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত বুধবাৰে ১২ গৰাকী মহিলাসহ ২৪ জন নক্সাল সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে । ইয়াৰে ৩জন নক্সাল সন্ত্ৰাসবাদীৰ প্ৰতিজনৰে মূৰৰ মূল্য ১ লাখ টকাকৈ নিৰ্ধাৰণ কৰা হৈছিল । বিগত বৰ্ষৰ জুন মাহৰ পৰা বৰ্তমানলৈকে জিলাখনত মুঠ ২৭২ জন নক্সাল সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিছে ।

ছত্তিশগড়ত ১২ গৰাকী মহিলাসহ ২৪ জন নক্সাল সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ

author img

By

Published : Jan 27, 2021, 5:58 PM IST

নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: বুধবাৰে ছত্তিশগড়ৰ নক্সাল অধ্যুষিত ডাণ্টেৱাড়া জিলাত আত্মসমৰ্পণ কৰিলে ২৪ জন নক্সাল সন্ত্ৰাসবাদীয়ে । ডাণ্টেৱাড়াৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে জনোৱা মতে, দক্ষিণ বস্তৰ অঞ্চলত সক্ৰিয় হৈ থকা নক্সাল সন্ত্ৰাসবাদীকেইজনে মঙলবাৰে গণৰাজ্য দিৱসৰ দিনা আৰক্ষীৰ আত্মসমৰ্পণ কৰিছিল ।

ইয়াৰে ৩টা নক্সাল সন্ত্ৰাসবাদীৰ মূৰৰ মূল্য ১ লাখ টকাকৈ নিৰ্ধাৰণ কৰা হৈছিল বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । তেওঁ লগতে কয় যে, বৰ্তমানৰ মাওবাদী আদৰ্শক লৈ আত্মসমৰ্পণকাৰীসকল সন্তুষ্ট নহয় আৰু সেয়ে পূৰ্বৰ দৰে সশস্ত্ৰ সংগ্ৰাম চলাই যোৱাত আগ্ৰহ প্ৰকাশ কৰা নাই । লগতে আত্মসমৰ্পণকাৰী নক্সাল সন্ত্ৰাসবাদীসকল জিলা আৰক্ষীৰ চলোৱা 'লন ৱাৰাটু' অৰ্থাৎ ঘৰলৈ ঘূৰি অহা শীৰ্ষক অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছিল ।

আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত চিকপাল-জংগলীপাৰা দন্দাকাৰণ্য আদিবাসী কিষাণ মজদুৰ সংগঠনৰ মুৰব্বী আয়টু মুচাকী, চিকপাল-স্কুলপাৰা দন্দাকাৰণ্য আদিবাসী কিষাণ মজদুৰ সংগঠনৰ মুৰব্বী বামন দেংগা ছ'ধী আৰু কমলী মাদকামৰ মূৰৰ বিনিময়ত ১ লাখ টকাকৈ ঘোষণা কৰা হৈছিল । আন ২১ জন কেডাৰ নিম্ন স্তৰৰ কেডাৰ হিচাপে সক্ৰিয়ভাৱে জড়িত হৈ আছিল ।

আটাইকেইগৰাকীকে তৎকালীনভাৱে ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ'ব । লগতে আত্মসমৰ্পণকাৰীকে চৰকাৰে আগবঢ়োৱা সকলো সুবিধা তেওঁলোকক প্ৰদান কৰা হ'ব । 'লন ৱাৰাটু' অভিযানৰ অংশ হিচাপে ডাণ্টেৱাড়া আৰক্ষীয়ে গাঁওসমূহত পোষ্টাৰ, বেনাৰ লগাই নক্সাল সন্ত্ৰাসবাদীক মূল সুঁতিলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰিছিল ।

লগতে পঢ়ক:ৰাজস্থানত পুৰস্কাৰ ঘোষিত পলাতক অপৰাধীৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.