ইম্ফল, 10 মাৰ্চ: মঙলবাৰে ইম্ফলত 20 গৰাকীকৈ নিসিদ্ধ ঘোষিত সংগঠনৰ সদস্যই অস্ত্ৰ সম্বৰণ কৰে ৷ ইম্ফলৰ প্ৰথম বি.এন মণিপুৰ ৰাইফলৰ সভাকক্ষত মুখ্যমন্ত্ৰী এন. বিৰেণ সিঙৰ উপস্থিত অস্ত্ৰ সম্বৰণ কৰে সদস্যসকলে ৷
আত্ম সমৰ্পণকাৰী কেডেট সকলৰ ভিতৰত 16 জন থাডউ পিপলচ লিবাৰেশ্যন আৰ্মী(TPLA), পিপলচ লিবাৰেশ্যন আৰ্মী( PLA) আৰু PREPAK (Pro)ৰ এজনকৈ সদস্যৰ লগতে অন্য দলৰ দুজন কেডেটে আত্মসমৰ্পণ কৰে ৷ এই কেডেট সকলৰ পৰা 56 টা ৰাইফল, 1 টা M-15 ৰাইফল, 1 টা MK-33 ৰাইফল, 1 টা UziSMG, 1 টা লাথোড় গান, 1 টা গ্লক 19 বন্দুক, 6 টা 9 এম.এম বন্দুক, 2 টা .32 বন্দুক, এটা .22 বন্দুকৰ লগতে 5 বিধ বিভিন্ন ধৰণৰ গুলী ভাৰতীয় সেনাক জমা দিয়ে ৷
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী বিৰেণ সিঙে কয়, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰৰ উন্নয়ন পলিচিৰ দ্বাৰা উত্তৰ পূৱৰ ৰাজ্য সমূহে যথেষ্ট পৰিৱৰ্তন দেখিবলৈ পাইছে ৷ সকলো ৰাজ্যৰে সম উন্নয়নত বিশ্বাসী প্ৰধানমন্ত্ৰী মোদী ৷ ইয়াৰ উপৰিও তেওঁ কয়, আত্মসমৰ্পণকাৰী সদস্য সকলোকো অনাগত দিনত চৰকাৰে হতাশ নকৰে ৷
চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ নিয়োজন আঁচনিৰ অধীনত এইসকল কেডেটক সন্মান সহকাৰে জীৱন ধাৰণ কৰিবলৈ সহযোগিতা আগবঢ়োৱা হ’ব ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন সশস্ত্ৰ সংগঠনৰ সদস্যসকলক উন্নয়নৰ বাবে মুলসূতিঁলৈ উভতি আহিবলৈ আহ্বান জনায় ৷ ইয়াৰ উপৰিও আত্মসমৰ্পণকাৰী সদস্যসকৰ প্ৰতিগৰাকীকে 8 লাখ টকাৰ এক কালীন সাহাৰ্য আগবঢ়োৱা হয় ৷
এই সদস্যসকলক তিনি বছৰৰ বাবে পুনৰ্বাস শিবিৰলৈ প্ৰৰেণ কৰা হ’ব ৷