ETV Bharat / bharat

Himachal flood: হিমাচলত বানৰ তাণ্ডৱ ; ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ

author img

By

Published : Jul 22, 2023, 9:34 PM IST

ব্যাস নদীৰ বাঢ়নি পানীয়ে বহুতো পথ, দলং আৰু বাসগৃহ উটুৱাই লৈ গৈছিল ৷ একে সময়তে, এই দুৰ্যোগৰ সময়ত বহুলোক সন্ধানহীন হৈছিল, সম্প্ৰতি সন্ধানহীন লোকসকলৰ মৃতদেহ ব্যাস নদীত উপঙিবলৈ অৰম্ভ কৰিছে ৷ এতিয়ালৈকে ব্যাস নদীৰ পৰা 20 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

Himachal flood
ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ

নেশ্যনেল ডেস্ক, 22 জুলাই : হিমাচল প্ৰদেশত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ৷ এই দুৰ্যোগৰ সময়ত হিমাচলৰ ব্যাস নদীত ফেনে ফুটুকাৰে উফন্দি উঠিছিল ৷ ব্যাস নদীৰ বাঢ়নি পানীয়ে বহুতো পথ, দলং আৰু বাসগৃহ উটুৱাই লৈ গৈছিল ৷ একে সময়তে, এই দুৰ্যোগৰ সময়ত বহুলোক সন্ধানহীন হৈছিল, সম্প্ৰতি সন্ধানহীন লোকসকলৰ মৃতদেহ ব্যাস নদীত উপঙিবলৈ অৰম্ভ কৰিছে ৷

এতিয়ালৈকে ব্যাস নদীৰ পৰা 20 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, ইয়াৰে ভিতৰত 15 জন লোকক চিনাক্ত কৰা হৈছে, আনহাতে 21 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ
ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ

ইফালে চিনাক্ত নোহোৱা মৃতদেহসমূহ চিনাক্তকৰণৰ বাবে ধলপুৰৰ চিকিৎসালয়ত ৰখা হৈছে ৷ ইতিমধ্যে কুল্লু আৰক্ষীৰ দ্বাৰা আইনী ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচত মৃতদেহসমূহ পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰা হৈছে ৷ আনহাতে জিলা প্ৰশাসনে ব্যাস নদীৰ পাৰত এছডিআৰএফ দলো নিয়োজিত কৰিছে ৷

জানিব পৰা মতে, ভাৰতীয় নৌসেনাৰ তিনিজন বিষয়াও শেহতীয়াকৈ কুল্লু জিলাৰ পৰ্যটন চহৰ মানালী ভ্ৰমণ কৰিবলৈ আহিছিল ৷ ইয়াৰে দুজন বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ আনহাতে এজন বিষয়া এতিয়াও সন্ধানহীন হৈ আছে ৷ তিনিওজন বিষয়া 8 জুলাইত কানপুৰৰ পৰা মানালীলৈ আহিছিল ৷ মানালীত বান হোৱাৰ পিচতেই বিষয়াকেইগৰাকীৰ পৰিয়ালৰ লোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তিনিজন বিষয়াৰ সৈতে কোনো সম্পৰ্ক হোৱা নাছিল ৷

ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ
ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কবি নগৰ গাজিয়াবাদৰ পৰা অহা ভাৰতীয় নৌসেনাৰ এজন বিষয়া নিখিল চাক্সেনাৰ মৃতদেহ 9 জুলাইত উদ্ধাৰ কৰা হৈছিল ৷ মৃতদেহ ঘৰৰ লোকক চমজাবলৈ পথ বন্ধ হৈ থকাৰ বাবে কুল্লু মানালী আৰক্ষীয়ে পৰিয়ালৰ সন্মতিত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ৷

একে সময়তে, পঞ্জাৱৰ বিকাশ নগৰ লুধিয়ানাৰ বাসিন্দা অমন শৰ্মাৰ মৃতদেহ যোৱা 14 জুলাইত উদ্ধাৰ কৰা হৈছিল ৷ প্ৰশাসনে ইতিমধ্যে শৰ্মাৰ মৃতদেহ লুধিয়ানালৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰ সমান্তৰালকে দাদানগৰ কানপুৰৰ নগৰ পৌৰ কলনীৰ বাসিন্দা অমিত যাদৱ এতিয়াও সন্ধানহীন হৈ আছে ৷ ইয়াৰ উপৰিও, এছডিআৰএফ দলে ব্যাস নদীৰ পাৰত আন বহু লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷

উদ্ধাৰ কৰা 15 টা মৃতদেহৰ ভিতৰত 7 টা মৃতদেহ কুল্লুৰ, 2 টা মাণ্ডি জিলাৰ, 3 টা ৰাজস্থানৰ, 1 টা কৰ্ণাটকৰ, 1 টা বিহাৰলৈ আৰু 1 টা উত্তৰ প্ৰদেশ ৰাজ্যৰ ৷

কুল্লু আৰক্ষীয়ে জনোৱা অনুসৰি, এতিয়ালৈকে মানালী, পাটলিকুহাল, কুল্লু আৰু ভুণ্টা আৰক্ষী থানাত এই দুৰ্যোগত 27 গৰাকী লোক (22 জন পুৰুষ আৰু 5 গৰাকী মহিলা) সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ৷

সন্ধানহীন হোৱা লোকসকলৰ ভিতৰত হিমাচল প্ৰদেশৰ 4 জন, পঞ্জাৱৰ 1 জন আৰু ৰাজস্থানৰ 1 জন লোকৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালবোৰক গতাই দিছে ৷ ইয়াৰ উপৰিও, বাকী 21 জন সন্ধানহীন ব্যক্তিৰ সন্ধান অব্যাহত আছে ৷ ইয়াৰ ভিতৰত 3 জন হিমাচল প্ৰদেশৰ, 1 জন লেহ-লাডাখৰ, 1 জন পঞ্জাৱৰ, 12 জন উত্তৰ প্ৰদেশৰ আৰু 3 জন ৰাজস্থানৰ ৷ কুল্লুৰ আৰক্ষী অধীক্ষক সাক্ষী বাৰ্মাই কয় যে, আৰক্ষীয়ে নিৰুদ্দেশ লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Army officer defaming case : সেনা বিষয়াক অপযশৰ চেষ্টা; সাংবাদিকসহ দুজনক ২ কোটিৰ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.