ETV Bharat / bharat

জম্মু-কাশ্মীৰত পুনৰ আৰক্ষীৰ হাতত নিহত দুজন LeT সন্ত্ৰাসবাদী - লস্কৰ ই তৈবা

বাৰমুলা জিলাৰ ৱাৰপোৰা গাঁৱৰ সোপোৰেত কাশ্মীৰ জ'ন আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষ হৈছিল । নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে । নিহত সন্ত্ৰাসবাদী দুজনৰ এজন হৈছে ফৈয়াজ ৱাৰ ।

2 militants killed in encounter
কাশ্মীৰত পুনৰ আৰক্ষীৰ হাতত নিহত দুজন LeT সন্ত্ৰাসবাদী
author img

By

Published : Jul 23, 2021, 1:28 PM IST

নেশ্যনেল ডেস্ক,২৩ জুলাই : জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল (article 370) কৰাৰ পিছৰে পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী (Militants) সংগঠনৰ কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা গৈছে । কেতিয়াবা যদি ড্ৰোন (Drone) আক্ৰমণ কৰিছে কেতিয়াবা আকৌ শক্তি প্ৰদৰ্শন কৰিবলৈ হাইব্ৰীড (Hybrid) সন্ত্ৰাসবাদীয়ে কূটাঘাত মূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে । অৱশ্যে এইবোৰৰ মাজতে সষ্টম হৈ আছে আৰক্ষী তথা নিৰাপত্তা বাহিনী ।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিভিন্ন সময়ত নিৰাপত্তী বাহিনী আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । বহু স্থানত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষও অব্যাহত আছে । এনে এক সংঘৰ্ষৰ মাজতে আৰক্ষীৰ হাতত নিহত হয় দুজনকৈ লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী ।

আৰক্ষীয়ে জনোৱা মতে বাৰমুলা জিলাৰ ৱাৰপোৰা গাঁৱৰ সোপোৰেত কাশ্মীৰ জ'ন আৰক্ষী (Kashmir Zone Police) আৰু সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষ হৈছিল । নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে । নিহত সন্ত্ৰাসবাদী দুজনৰ এজন হৈছে ফৈয়াজ ৱাৰ ।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (IGP) বিজয় কুমাৰে জনোৱা মতে সাধাৰণ লোক আৰু নিৰাপত্তীৰক্ষীৰ বিৰুদ্ধে আক্ৰমণৰ কেইবাটাও ঘটনাত জড়িত আছিল ফৈয়াজ ৱাৰ । সন্ত্ৰাসবাদী দুজন ৱাৰপোৰা গাঁৱৰ এটা ঘৰত আত্মগোপন কৰি আছিল । আৰক্ষীয়ে জনোৱা মতে এক নিৰ্দিষ্ট সূত্ৰৰ ওপৰত ভিত্তি কৰি, আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে আৰু অভিযান আৰম্ভ কৰে । অঞ্চলটোত আৰু সন্ত্ৰাসবাদী থকাৰ সন্দেহ কৰা হৈছে যাৰ বাবে এতিয়াও সেই অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক : চিলাৰ সূতাই ডিঙি কাটিলে ত্ৰিপুৰাৰ সাংবাদিকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.