ETV Bharat / bharat

Tragic road accident in Nadia : মৃতদেহ লৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ১৮ জন - Nadia Road Accident

শনিবাৰে নিশা পশ্চিমবংগৰ নাদিয়াত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Tragic road accident in Nadia)। মৃতদেহ কঢ়িয়াই নিয়া মেটাডৰ বাহনে ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত নিহত ১৮ গৰাকীকৈ লোক ।

Nadia
মৃতদেহ লৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Nov 28, 2021, 12:51 PM IST

নেশ্যনেল ডেস্ক, ২৮ নৱেম্বৰ : পশ্চিমবংগৰ নাদিয়াত শোকাৱহ পথ দুৰ্ঘটনা (Tragic road accident in Nadia)। যাত্ৰীবাহী মেটাডৰ বাহন আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত মৃত্যু ১৮ গৰাকী লোকৰ । ৫ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত ।

পশ্চিমবংগৰ নাদিয়াৰ হাঞ্চখালিত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো । ফুলবাৰী ৰাজ্যিক ঘাইপথত নিশা প্ৰায় ১২ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Road accident on Phulbari state highway)। জানিব পৰা মতে, মেটাডৰ বাহনখনত এগৰাকী মহিলাৰ মৃতদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হৈছিল । আৰক্ষীয়ে জনোৱা মতে বাহনখনে এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল ।

দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘন কুঁৱলী আৰু বাহনখনৰ তীব্ৰ গতি এই দুৰ্ঘটনাৰ কাৰণ বুলি আশংকা কৰিছে স্থানীয় লোকে । ইফালে দুৰ্ঘটনাত আহতসকলক শক্তিনগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Mexico bus crash : শোকাৱহ বাছ দুৰ্ঘটনাত নিহত ১৯ গৰাকী যাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.